সিন্ধু জল চুক্তি আচলতে কি ? – দেবর্ষি গৌতম

সিন্ধু জল চুক্তি আচলতে কি ?

দেবর্ষি গৌতম
বনগাঁও

ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদ আৰম্ভ হোৱাৰ লগে লগে আকৌ এবাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা বিষয়টো হৈছে সিন্ধু জলচুক্তি। সেই বিষয়ে চর্চা আৰম্ভ হোৱাৰ লগে লগে বহু লোকে ইয়াৰ বিষয়ে বিতং তথ্য জনাৰ বাবে অধিক আগ্ৰহী হৈ পৰিছে। আচলতে সিন্ধু জল চুক্তিত কি আছে ? কিয় স্বাক্ষৰ কৰা হৈছিল এই চুক্তি ? কোনে স্বাক্ষৰ কৰিছিল এই চৰ্চিত চুক্তিখন ? আজি বিতংকৈ আপোনালোকৰ সৈতে এই চুক্তিখনৰ সবিশেষ আলোচনা কৰিম। নদীৰ পানী ভাগ-বতৰা কৰাৰ উদ্দেশ্য আগত ৰাখিছে বিশ্ব বেংকৰ মধ্যস্থতাত পাকিস্তানৰ কৰাচী চহৰত ১৯৬০ চনৰ ১৯ ছেপ্টেম্বৰ তাৰিখে ভাৰত আৰু পাকিস্তাৰ মাজত  সম্পন্ন হৈছিল এই চুক্তি খন। সেই সময়ৰ তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু পাকিস্তানৰ ৰাষ্ট্ৰপতি আয়ুব খানে এই চুক্তি খনত স্বাক্ষৰ কৰিছিল। দুই দেশৰ ৰাষ্ট্ৰপ্ৰধানে স্বাক্ষৰ কৰা এই চুক্তি অনুসৰি পূব দিশত থকা তিনিখন নদীৰ নিয়ন্ত্ৰণৰ অধিকাৰ ভাৰতক প্ৰদান কৰাৰ বিপৰীতে পশ্চিম দিশত থকা তিনিখন নদীৰ নিয়ন্ত্ৰণ পাকিস্তানৰ হাতত অৰ্পণ কৰা হৈছিল। নদীৰ নিয়ন্ত্ৰণৰ ভাগ বতৰা হৈছিল যদিও তাত আটাইতকৈ ডাঙৰ সমস্যা আছিল পাকিস্তানৰ হাতত নিয়ন্ত্ৰণ থকা নদীকেইখন ভাৰতৰ মাজেৰে প্ৰবাহিত হৈ পাকিস্তানলৈ বৈ গৈছিল। সন্ধি অনুসৰি ভাৰতে কেৱল পৰিবহণ, বিদ্যুৎ উৎপাদন আদিৰ দৰে কেইটামান বিষয়তহে নদী কেইখন ব্যৱহাৰ কৰাৰ বাবে অনুমতি লাভ কৰিছিল। এই সন্ধিৰ নিয়ম অনুসৰি সিন্ধু নদীৰ মুঠ পানীৰ মাত্ৰ ২০% হে ভাৰতে ব্যৱহাৰ কৰিব পাৰিছিল। পাকিস্তানে যাতে পাকিস্তানৰ অধীনত লাভ কৰা নদী সমূহৰ প্ৰয়োগ কৰিব পৰাকৈ সক্ষম হৈ উঠে তাৰ বাবে ভাৰতক দহ বছৰৰ বাবে নদীৰ পানী সম্পূৰ্ণ ব্যৱহাৰৰ বাবে অনুমতি প্ৰদান কৰা হোৱা নাছিল। ইয়াৰ উপৰিও পূব দিশৰ তিনিখন নদীৰ পৰা হোৱা লোকচানৰ বাবে পাকিস্তানক ক্ষতিপূৰণ প্ৰদান কৰা হৈছিল। যিটো সময়ত ভাৰত আৰু পাকিস্তানৰ মাজত জল চুক্তি সম্পন্ন হৈছিল সেই সময়ত দুইখন দেশৰ মাজত এক সৌহাদ্যপূৰ্ণ সম্পৰ্ক আছিল। কিন্তু ১৯৬৫ চনৰ পিছৰে পৰা পাকিস্তানে ভাৰত বিৰোধী কাৰ্যকলাপ চলাবলৈ আৰম্ভ কৰে। ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল চুক্তি সম্পন্ন হোৱাৰ পিছত এখন স্থায়ী সিন্ধু আয়োগ গঠন কৰা হয়। প্ৰস্তাৱিত এই আয়োগ পৰিচালনা কৰাৰ বাবে দুইখন দেশে একোজনকৈ আয়ুক্ত নিয়োজিত কৰে। তেওঁলোকৰ কাম হৈছে চুক্তিৰ সৈতে জড়িত সকলো তথ্য যোগান ধৰাৰ লগতে পৰস্পৰে পৰস্পৰৰ সৈতে সহযোগিতা আগবঢ়োৱা। দশক দশক ধৰি চলি অহা ভাৰত আৰু পাকিস্তানৰ সিন্ধু জল চুক্তিৰ পুনৰ বিচাৰ কৰাৰ বাবে দেশৰ সংসদত ২০০৩ চনত এক প্ৰস্তাৱ গৃহীত কৰা হৈছিল। কিন্তু এই বিষয়ে এক শক্তিশালী স্থিতি গ্ৰহণ কৰা হয় ২০১৬ চনত উৰীত হোৱা সন্ত্ৰসবাদী আক্ৰমণৰ পিছত। আচলতে পাকিস্তানে সিন্ধু জল চুক্তিৰ সুবিধা গ্ৰহণ কৰি পানীৰ কোনো অভাৱ নোহোৱাকৈ কৃষি কৰ্ম চলাই নিছে। যিহেতু এই চুক্তিখন ভাৰত আৰু পাকিস্তানৰ মাজত স্বাক্ষৰ হৈছিল গতিকে এখন দেশে আঁতৰি আহিলেই এই চুক্তি ভংগ হোৱাৰ পথ প্ৰশস্ত হৈ পৰিব। ভাৰত আৰু পাকিস্তানৰ মাজত বৰ্তমান যি পৰিস্থিতি সৃষ্টি হৈছে এনে পৰিস্থিতিত এই জল চুক্তি ভংগ হোৱাৰ সম্ভাৱনা অধিক। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে এই চুক্তি ভংগ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। যদি কাৰ্যত এই চুক্তি ভংগ কৰি ভাৰতে সকলো নদীৰ পানী ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে তেনেহলে পাকিস্তানত এক বৃহৎ জলসংকট হোৱাটো নিশ্চিত। এই জল সংকটে পাকিস্তানৰ কৃষি ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পেলাব। এই চুক্তি ভংগ হলে পাকিস্তানৰ অৰ্থনৈতিক সংকট আৰু অধিক গভীৰ হৈ পৰিব।