সিদ্ধাৰ্থ শৰ্মাৰ ঘনিষ্ঠ যুৱতীক এছআইটিৰ জেৰা

সিদ্ধাৰ্থ শৰ্মাৰ ঘনিষ্ঠ যুৱতীক এছআইটিৰ জেৰা

ৰঙিলী বাৰ্ত্তাসেৱা- জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত ৰাখি এছআইটিৰ দলে ইজনৰ পিছত সিজনকৈ জুবিন গাৰ্গৰ ঘনিষ্ঠ লোকৰ লগতে মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ সহযোগীসকলকো উলুবাৰীৰ চিআইডিৰ কাৰ্যালয়লৈ তলব কৰি সাক্ষ্য- প্রমাণ গ্রহণ কৰি আছে। বুধবাৰে এছআইটিৰ দলে চিআইডিৰ কাৰ্যালয়ত তিনিগৰাকীকৈ ব্যক্তিক তলব কৰি সোধা-পোছা কৰে। জুবিন গাৰ্গৰ সহযোগী বাদ্যযন্ত্রী দীপকেশ বৰগোহাঁই আৰু ঋষভ ভূঞাৰ লগতে এছআইটিৰ দলে প্রতীক্ষা দাস নামৰ এগৰাকী যুৱতীক চিআইডিৰ কাৰ্যালয়লৈ তলব কৰি সাক্ষ্যগ্ৰহণ কৰাৰ লগতে দীর্ঘসময় সোধা-পোছা কৰে। প্রতীক্ষা দাসক চিআইডিৰ কাৰ্যালয়লৈ তলব কৰি সোধা-পোছা কৰাটো এছআইটিৰ জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ এক উল্লেখযোগ্য অগ্রগতি বুলি বিবেচিত হৈছে। এইগৰাকী প্রতীক্ষা দাসেই জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাই ছিংগাপুৰত আত্মগোপন কৰি থকাৰ সময়ত শৰ্মাৰ ফেচবুক পেজৰ পৰা অসমীয়াত পোষ্ট লিখি দিছিল বুলি চর্চিত হৈছে। উল্লেখ্য যে অনা-অসমীয়া সিদ্ধার্থ শৰ্মাই নিজৰ ফেচবুক পেজৰ পৰা কিদৰে অসমীয়াত পোষ্ট লিখিছিল সেই লৈ তদানীন্তন সময়ত ৰাজ্যব্যাপী ব্যাপক চর্চা চলিছিল। বৰপেটাৰ জীয়ৰী এইগৰাকী প্রতীক্ষা দাস সিদ্ধার্থ শৰ্মাৰ ঘনিষ্ঠ তথা প্রেয়সী বুলি চৰ্চা চলাৰ লগতে প্রতীক্ষা দাসৰ জৰিয়তে সিদ্ধার্থ শৰ্মাই ধনৰ ব্যাপক লেনদেন কৰিছিল বুলি চর্চা চলিছে। সম্প্রতি জু- ৰোডৰ এটা ঘৰত ভাৰাতীয়া হিচাপে থকা প্রতীক্ষা দাস দীর্ঘদিন ধৰি ভাৰাঘৰৰ পৰা অন্তর্ধান হৈ আছিল। বুধবাৰে এছআইটিয়ে প্রতীক্ষা দাসক দীর্ঘসময় সোধা-পোছা কৰে। ইফালে এছআইটিত নিজৰ সাক্ষ্য প্ৰদান কৰি আহি সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত দীপকেশ বৰগোহাঁই আৰু ঋষভ ভূঞাই জুবিন গাৰ্গৰ মৃত্যু ছিংগাপুৰলৈ যোৱা সহযোগীসকলৰ অৱহেলাৰ বাবেই হোৱা বুলি স্পষ্ট কৰি দিয়ে। সংবাদ মাধ্যমৰ সৈতে হোৱা বার্তালাপত দীপকেশ বৰগোহাঁয়ে মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ ব্যৱহাৰ সন্তোষজনক নহয় বুলিও মন্তব্য কৰে। এছআইটিয়ে জুবিনৰ মৃত্যুৰ ৰহস্য ভালদৰে অনুসন্ধান কৰি অসমৰ জনসাধাৰণৰ লগতে জুবিন অনুৰাগীক ন্যায় প্রদান কৰিব বুলি আশা প্রকাশ কৰে। আনহাতে ঋষভ ভূঞায়ো মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ লগত বৃত্তিগত সম্পর্ক থকা বুলি মন্তব্য কৰি জুবিনৰ মৃত্যু সাগৰত সহযোগীসকলৰ অৱহেলাৰ বাবেই হোৱা যেন লাগে বুলি মন্তব্য কৰে। এছআইটিৰ তদন্ত নিৰপেক্ষ হ’ব লাগে বুলি মন্তব্য কৰি ঋষভ ভূঞাই জুবিন গাৰ্গক ন্যায় দিব বুলি আশা প্রকাশ কৰে।