সিদ্ধাৰ্থ মই জুবিনে কৈছোঁ – বুলমণি বৰি 

Pc Facebook

সিদ্ধাৰ্থ মই জুবিনে কৈছোঁ

বুলমণি বৰি

সিদ্ধাৰ্থ তই বুজিব লাগিছিল
মোৰ কলিজাৰে লিখা গানবোৰ
মোৰ কণ্ঠৰে নিগৰা সুৰবোৰৰ ৰং
ৰঙা আছিল
আৰু তোৰ
হিচাপৰ চিয়াঁহীবোৰৰ ৰং
নীলা আছিল
ৰঙা নীলাতকৈ তীব্ৰ
মোৰ সুদীৰ্ঘ জীৱনৰ পৰিশ্ৰম
মানুহৰ বাবে
আৰু তোৰ বিলাসী উপাৰ্জন
চা— চা তোৰ হাতৰ তলুৱাৰ গৰম তেজবোৰ দেখোন
এতিয়া চেঁচা পৰি জঠৰ হৈছে
এটা সময় আছিল
মোৰ কাষলে অহা মানুহবোৰক তই
গতিয়াই দিছিলি
এতিয়াতো তোৰ কাষত কোনো নাই
দিনতে ছাগে ৰাতিৰ দৰে
আন্ধাৰ দেখি’ছ ন
ভয়ংকৰ শূণ্যতাত ডুবি
নিজৰ হাতকড়িৰ ৰছী নিজে ধৰি
নিসংগভাৱে খোজ কাঢ়িছ
পুলিচো নাই তোৰ কাষত
এতিয়া বাৰু তোৰ বুকুখন ঢকঢক কৰিছেনে
ঘামত ভিজিছেনে দেহ
শুকান পাতৰ দৰে কঁপিছেনে শৰীৰ
নে, নিজকে প্ৰতিমূৰ্ত্তি যেন লাগিছে
সুদীৰ্ঘ জীৱনকালত দেখিছিলিনে
এনেকুৱা এটা ভয়ংকৰ সপোন
মোৰ চকুৰ পতা খোল খাই থাকে
জাতিটোৰ বাবে
আৰু তই
তই আকাশ আৰু মাটিলৈ নোচোৱাকৈ
সোণৰ ফ্ৰেমেৰে নিজক বান্ধি
ড্ৰয়িং ৰূমত বহিব খো’জ
সঁচাই
দেশদ্ৰোহী অপৰাধীতকৈ তই
কোনো গুণে কম নহয় কিন্তু
হেৰৌ,আকাশ শূণ্য
মাটি শূণ্য
তেতিয়াহ’লে তোৰ কিয় ইমান লোলুপ
এতিয়া বাৰু তই তোৰ উন্নতি দেখিছনে
নে, তোৰ লগতে তোৰ পৰিয়ালতোৰ
জীৱন্তে মৃত্যু দেখিছ
এতিয়াতো তই
সন্মুখত যি দেখিছ তাকেই
মৰুভূমিৰ দৰে কুঁৱলী দেখি’ছ ন
মই যে তোক মোৰ প্ৰাণ বুলি ভাৱিছিলোঁ অ
আৰু তই মোক প্ৰাণী বুলি ভাৱিছিলি
এতিয়া তোক কি পানীয়ে
প্ৰাণ দিব ক’।