সিদ্ধান্ত
সবিতা বেগম
বৰপেটা
ক্ৰমান্বয়ে,
নুমু নুমু কৰিও মমডাল
জ্বলি আছিল কোনোমতে
মই সঁচাকৈয়ে নাজানো….
মই সাৰিলো নে জিকিলো।
তেওঁৰ স্বাক্ষৰিত চুক্তিবোৰ
ঠিক কি আছিল
মোৰ ভাবে…..।
ইতিহাসৰ প্ৰথমৰ পৰা তালিকাভূক্ত
পৃষ্ঠাবোৰ পঢ়িবলৈ
একেবাৰেও জটিল নাছিল
যদিও জ্যামিতিবোৰ কঠিন যেন
অনুভৱ….।
কল্পনাবোৰ সদায়
ৰূপ কথাৰ পৃথিৱী
যদিহে শব্দহীন অপ্ৰকাশ
নিজতেই আবদ্ধ…..।
মুক্ত আকাশত বেৰঙীন
অসৌন্দৰ্য কুৎচিত ৰ’দে পুৰা
বিদ্ৰুপৰ অলেখ কুটিল ভাষ্য
অৱশেষত কলংকিত এটি গল্প…….।
অনায়াসে বহুতে সূৰুয পালে
ব্ৰহ্মপুত্ৰৰ বুকুত নাৱ ভটিয়াই
ময়ো পিছে পিছে মেলিলোঁ তৰি
কপাল গুণে মই বিধ্বস্ত
আহত বাঘৰ দৰে
চিকাৰীৰ জালত বন্ধি
চাৰ্কাছৰ অবৰূপ….।
এক চেকেণ্ডৰ জীৱন
তথাপি…..।
বাৰে বাৰে মই পথহীন অক্ষম
মূৰ ভাঙি চুলি এডাল লৰাবলৈ
সিদ্ধান্ত যে তেওঁৰ।।