সিজুবাৰীত ৰমজান উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ 

সিজুবাৰীত ৰমজান উপলক্ষে খাদ্য সামগ্ৰী বিতৰণ 

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ সিজুবাৰী মাজৰত থকা ১২৫ জন দৰিদ্ৰৰ মাজত আজি পৱিত্ৰ ৰমজান মাহ উপলক্ষে লেখিকা ৰমিছা বেগমে  ইফটাৰৰ বাবে কিছু খেজুৰ, আমূল তাজা গাখীৰ, চিৰা, বুট, পোলাও, ব্ৰেড, চপ বিতৰণ কৰে। এইক্ষেত্ৰত বেগমক আর্থিকভাৱে সহায় কৰে বেগমৰ গৃহস্থ আক্কাছ আলী আহমেদে৷সামগ্ৰীখিনি পেকেট আৰু বিতৰণ কৰাৰ ক্ষেত্ৰত সহায় কৰে ইমদাদিয়া নগৰৰ নীলিমা বেগম আৰু তেওঁৰ পুত্ৰ আব্দুল ৰেজাক,  সিজুবাৰীৰ ইলিয়াছ হুছেইনৰৰ লগতে  হাজী আব্দুল কাদিৰ জনাবে৷