সিংহ আৰু নিগনি
এছ ইছলাম, বৰপেটা
টোপনি গৈছিল হাবিৰ মাজত
বনৰ ৰজা সিংহই,
দৌৰি সোমাইছিল সিংহৰ কেশৰত
দুষ্ট নিগনি এটাই।
সিংহৰ ভাঙিছিল কেঁচা টোপনি
নিগনিৰ দুষ্টামিত,
সিংহ মহাৰাজে ধৰি পেলাইছিল
টোপনি ভঙাৰ দোষত।
নিগনিয়ে কৰিছিল কাকুতি মিনতি
প্ৰাণত নেমাৰিবলৈ,
নিশ্চয় এদিন সহায় কৰিম
সিংহক কৈছিল দঢ়াই।
যা বাৰু তই সাৱধানে চলিবি
প্ৰাণে নেমাৰো তোক,
তই সামান্য নিগনি এটাই
কি সহায় কৰিবি মোক?
হঠাৎ এদিন সিংহই পৰিছিল
চিকাৰীৰ জালত,
কোন ক’ত আছা মোক সহায় কৰা
চিঙৰিছিল ভয়ত।
সিংহৰ ওচৰলৈ নিগনি আহিল
দাঁতেৰে জাল কুটিলে,
মুক্তি পালে বনৰ ৰজাই
নিগনিয়ে মুক্ত কৰিলে।
কদাপি তুমি গৰ্ব নকৰিবা
অ’ মৰমৰ বাচাহঁত,
সৰুৱেও কেতিয়াবা জীৱন বচায়
জানিবা ই নিশ্চিত।