সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টী, মহিলা, যুৱ শক্তি আৰু চি ৱাই এছ এছৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ

সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টী, মহিলা, যুৱ শক্তি আৰু চি ৱাই এছ এছৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা- নিত্য প্ৰয়োজনীয় আৰু ব্যৱহাৰ্য সামগ্ৰীৰ বৰ্ধিত মূল্য বৃদ্ধিয়ে কোঙা কৰি তুলিছে সাধাৰণ ৰাইজক। এই সন্দৰ্ভত আপ মহিলা শক্তি, যুৱ শক্তি, ছাত্ৰ-যুৱ শাখা আৰু জিলা সমিতিসমূহে সমগ্ৰ অসমতে কালি প্ৰতিবাদী কাৰ্যসূচী হাতত লয় আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে একোখনকৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে। গুৱাহাটীৰ গণেশগুৰিস্থিত হনুমান মন্দিৰৰ ওচৰত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় আৰু জিলা আয়ুক্তৰ জৰিয়তে স্মাৰক-পত্ৰ প্ৰেৰণ কৰা হয়। এই সন্দৰ্ভত মহিলা শক্তিৰ মুখপাত্ৰ ৰেজীয়া চুলতানাই কয় যে চৰকাৰে মুল্যবৃদ্ধি ৰোধ কৰাত অকণো গুৰুত্ব দিয়া নাই। ওলোটাই তেওঁলোকে এই বৰ্ধিত দামৰ বাবে এটা বিশেষ সম্প্ৰদায়ক জগৰীয়া কৰি সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ কৰি দিছে।চৰকাৰে এনে নীচ কাৰ্য বন্ধ কৰি মূল্য বৃদ্ধি ৰোধ কৰি চৰকাৰ চলি থকাৰ অস্তিত্বৰ প্ৰমাণ দিবলৈ প্ৰতিবাদীসকলে আহ্বান জনায়। তেওঁলোকে দুখীয়া ৰাইজক নামমাত্ৰ ৫ কেজি বিনামূলীয়া চাউল দি প্ৰতাৰণা কৰি আছে। এজন মানুহক মাহেকত ১৫ কেজি চাউলৰ প্ৰয়োজন, চৰকাৰে দিয়া বিনামূলীয়া চাউলেৰে জনতাৰ ভোক নিৰাময় হোৱা নাই। আনহাতে বজাৰত চাউলৰ লগতে আন আন বস্তুৰ দাম হোৰাহোৰে বাঢ়ি গৈ আছে। ৰাজ্যিক মহিলা শক্তিৰ সভানেত্ৰী অনুৰূপা বড়ো ডাঙৰীয়ানিয়ে কয় যে চৰকাৰে এই ক্ষেত্ৰত অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আপ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি বল্লভ পাত্ৰই কয় যে ছিণ্ডিকেটৰাজ বন্ধ কৰক, ৰাস্তাত লোৱা গুণ্ডাকৰসমূহ বন্ধ কৰক, তেতিয়াহে বস্তুৰ দাম কমিব। চৰকাৰে অনতিপলমে এই ক্ষেত্ৰত কোনো ধৰনৰ ব্যৱস্থা গ্ৰহণ নকৰিলে অদূৰ ভৱিষ্যতে আন্দোলন আৰু অধিক তীব্ৰতৰ কৰি তোলা হ’ব বুলি তেওঁ চৰকাৰক সকিয়াই দিয়ে।গুৱাহাটীৰ লগতে অসমৰ আন আন ঠাইতো মূল্য বৃদ্ধিৰ বিৰুদ্ধে আম আদমি পাৰ্টীয়ে প্ৰতিবাদ সাব্যস্ত কৰে।