সাৱধান
অনামিকা (সংগীতা)কলিতা ,শুৱালকুছি
বতাহীয়ে ৰাতিপুৱা গা-পা ধুই গোঁহাই ঘৰত বন্তি গছি জ্বলাই সেৱা কৰিলে,আজি তাইৰ একমাত্ৰ ছোৱালী জনীৰ জন্মদিন,তাই পাঁচ বছৰত ভৰি দিলেহি । বিগত বৰ্ষবোৰৰ দৰে এই বেলিও ধুমধামেৰে দিনটো পালন কৰাৰ বাবে ,পতি-পত্নী দুয়ো নিজ নিজ কামত ব্যস্ত হৈ পৰিল । পৰিয়াল বুলিলে তাইৰ শাহুৱেকও থাকে ।
কাষৰ পৰিয়ালটিৰ ল’ৰা নয়নে মাজে সময়ে তেওঁলোকক সহায়ৰ হাত আগবঢ়াই,ৰমেনেও তাক পইচা পাতি লাগিলে তাক দিয়ে। সেইদিনাখন ৰমেনে তাক বজাৰ কৰিবলৈ লগত লৈ গ’ল । বজাৰৰ পৰা বয়বস্তুৰ টোপোলবোৰ নয়নৰ হাতত দি পথালে ।নয়নে বয় বস্তুবোৰ ঘৰলৈ আনি বতাহীক চমজাই দিলে ,ইয়াৰ পাচত সি ৰুমটো ভালকৈ সজাই দিলে আৰু আইতাকৰ পৰা ছোৱালী জনীক কোলাত লৈ তাৰ নিজৰ ঘৰলৈ গ’ল ।
কিছু সময় পিছত ৰমেন আহি পালে,জীয়েকক বিচাৰিলে ।তেতিয়া ঘৈণীয়েকে নয়নে তাৰ ঘৰলৈ মাইনাক লৈ যোৱা বুলি । কথাষাৰ শুনি ৰমেনে ভাল নাপালে অকণমান মৃদু ক্ষোভত ঘৈণীয়েকক ক’লে —“তোমাৰ সোণৰ চেইনডাল নয়নক ভালদৰে থ’ব দিবানে ?” যদি নিদিয়া তেনেহ বৰ্তমান সময়ত সৰু ছোৱালী এজনীক চিনাকী হলেও ল’ৰা এজনৰ লগত অকলে পঠোৱাটো তুমি মা হিচাপে শুদ্ধ নে ? যদি নহ’ব লগীয়া কিবা অথন্তৰ হ’লে দায়ী কোন হ’ব? এনেকৈ কিছু প্ৰশ্নৰ অৱতাৰণা হ’ল !
গিৰিয়েকৰ কথাষাৰ শুনি বতাহীৰ খুব ভয় লাগিল। তাই অনুভৱ কৰিলে কথাটো নোহোৱা নহয়,ঠিকে কৈছে বিপদ কেতিয়া আহে কোনে জানে!!তাই এখন্তেকো পলম নকৰি নয়নৰ ঘৰ পালে আৰু মইনাক লৈ আহিল।