সাৱধানতাৰ আকাশখন হৈ থকাজন
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
আপোনৰ বেয়া নিবিচাৰা লোকবোৰ যে
অলপ অসাৱধানতাৰ ফলত বিপদৰ
গোন্ধ উপলব্ধি কৰি,
অন্তৰেৰে ভালপোৱাৰ প্রতিফলন
কৰি দিয়ে, যত্নৰ নৈখন বোৱাই দিয়ে
কথাৰ মাজেৰে,
কিমান বেছি স্নেহৰ গভীৰতা থাকিলে
তিল মাত্রেই বিপদ অনুভূত হ’লে
হিয়াখন কঁপি উঠে! সেয়া সঁচাকৈয়ে
আজি প্রতীয়মান হ’ল ।
গোটেই পৃথিৱীখন এতিয়াও
স্বাৰ্থপৰতাৰ গৰাহত ডুব যোৱা নাই
ক’ৰবাত নহয় , ক’ৰবাত হৃদয়ৰ
নিভৃত কোণত প্ৰবাহমান
মৰুভূমিৰ মৰীচিকাৰ ।
বিপদ সংকূল অৱস্থাত
সাৱধানতাৰ ছাতিটো লৈ
ওলাই পৰে ধল বাৰিষাৰ পৰা
ৰক্ষা কৰিবলৈ। ক’ৰবাত যেন আঘাত
অনুভৱ কৰে, মৰম আকলুৱা মানুহবোৰৰ
ক্ষতি হ’লে। আছে এনেকুৱা মানুহো পৃথিৱীখনত
ভাল লাগে ছাঁ হৈ থিয় দিয়া মানুহবোৰৰ সান্নিধ্য পাই।
হাজাৰ ব্যস্ততাৰ মাজতো যে সজাগ
কৰি দিয়া এক দায়িত্ববোধ,
স্বস্তিৰে নিশ্বাস পেলাব পাৰি
তেনেকুৱা লোক জীৱনত থাকিলে।
দুচকু বন্ধ কৰি হালি পৰিব পাৰি
তেনে লোকৰ বিশ্বাসৰ আশ্বাসত।
অলৰ-আচৰ চিৰ শাশ্বত ধ্রৱতৰা হৈ থাকক
তেওঁলোকৰ অস্তীত্ব , জী থাকক আজীৱন।
আঁউসীৰ কৰাল বুকু ফালি
পূৰ্ণিমাৰ জোনটোৰ উজ্জলতা
আকাশ পাতল একাকাৰ কৰি বিয়পাবলৈ ।
ধন্যবাদ দি গুচি আহিব নোৱাৰা এক সম্পৰ্ক
একা বেকা জীৱন পথৰ নিখুঁত লাখুঁটিৰ
সন্ধান দেখুৱাই, ভুলবোৰ আঙুলিয়াই
শুদ্ধৰ নাওঁখন আগবঢ়াই দিয়ে
স্নিগ্ধ স্বচ্ছল পথেৰে ।
তেনে লোকবোৰ ভগৱানৰ অৰ্ধাংশ
তাৰে একাংশ কাজী শ্বাহাদত ইছলাম দাদা,
আৰু আমাৰ জীৱনত আশীৰ্বাদস্বৰূপ।
সম্ভাৱনাময় কণ্টকপূৰ্ণ ৰাস্তাটো যেন আগতেই
মালিৰ দৰে পৰিষ্কাৰ কৰি দিয়ে,
ভৰিৰ তলৰ মাটিডোখৰ সাৰুৱা নোহোৱালৈ
আকাশলংঘী বীজবোৰ সিঁচিব নিদিয়ে,
সময়ৰ অপেক্ষাত ৰৈ যাব দিয়ে ।
থাকক তেওঁ এই সৰাপাতৰ পৃথিৱীখনত
সৰি পৰাৰ পাছত নৱ কুহিঁপাতেৰে সজ্জিত কৰিবলৈ
মৰহা পাপৰিৰ চৌপাশ ।
বিপদৰ ৰ’দটো যেন গাত নপৰে,
তেনেকৈ ভাতৃত্ব স্নেহৰ হাতখন
আকাশ হৈ থাকক মূৰৰ ওপৰত।