সাহিত্য হ’ল প্ৰতিটো জাতিৰ দাপোণ
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
সাহিত্য হ’ল একোটা জাতিৰ” দাপোণ” । সাহিত্য মানৱ জাতিৰ অক্ষয় আৰু অবিনশ্বৰ ভাৱ-চিন্তাৰ ভঁৰাল।
কবি সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাই কৈছিল—“সাহিত্য অবিহনে কোনো এটা জাতিৰ অস্তিত্ব টিকিবৰ সম্ভৱনা নাথাকে”।
এটা জাতিৰ পৰিচয় বহন কৰে সেই জাতিৰ সাহিত্য আৰু তাৰ সৈতে জড়িত সংস্কৃতিৰ আচাৰ ব্যৱহাৰত। গুণী পণ্ডিত সকলে প্ৰাচীন কালৰ পৰা সভ্যতা বিস্তাৰ হোৱাৰ দিনৰে পৰা সাহিত্য চৰ্চা অবিৰত ভাবে চলাই আহিছে।
ইতিহাসৰ পাত লুটিয়াই চালে দেখা পাওঁ পণ্ডিত/কবি সকলো ব্যক্তিয়ে নিজৰ ভাষা সাহিত্যৰ উৎকৰ্ষ সাধন কৰিবলৈ যুগ যুগ ধৰি চেষ্টা কৰি আহিছে। মহাপুৰুষ শঙ্কৰদেৱৰ পৰা আৰম্ভণি কৰি কবি গুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰ , উপন্যাস সম্ৰাট ৰজনী কান্ত বৰদলৈ,খুহুতীয়া নামেৰে পৰিচিত লক্ষ্মীনাথ বেজবৰুৱা ,অৰুণাচলৰ এগৰাকী সুমহান সাহিত্য একাডেমি সন্মান পোৱা য়েছে দৰজে ঠংচি আদি কৰি অনেক কবি /সাহিত্যিকে সাহিত্যৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই আহিছে । এই মহান কবি/সাহিত্যিক সকলৰ লগতে সাহিত্যৰ ক্ষেত্ৰত প্ৰচাৰ আৰু প্ৰসাৰ সমাজৰ আগত দাঙি ধৰাৰ মাধ্যম প্ৰথম সাঁচি পাত বা হাতে লিখা পুথি/ গ্ৰন্থ হিচাপে লিপিবদ্ধ আছিল কিন্তু ছপাশাল আৱিষ্কাৰ হোৱাৰ পিছৰ পৰা ছপা হিচাপে গ্ৰন্থ ,বাতৰি কাকত,আলোচনী প্ৰকাশ পাইছে ।তেনে ব্যক্তি সকলৰ কিছু গ্ৰন্থ আৰু তেওঁলোকৰ বিষয়ে অকণমান আগবঢ়ালোঁ।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ অসমৰ সাহিত্য সংস্কৃতিৰ কাৰণে ভাওনা কৃষ্টিকলা লগতে সাহিত্য চৰ্চা অবিৰত বাবে কৰি গৈছিল।তেখেতৰ ৰচনা কীৰ্ত্তন ,দশম ,গুণমালা,ভটিমালা আদি লগতে ২৪০টি বৰগীত সাঁচি পাতত লিপিবদ্ধ কৰিছিল। বৰ্তমান তেওঁৰ সৃষ্টিৰাজি কিছু সংৰক্ষণ কৰিছে যদিও কিছু লেখা সময় পৰিস্থিতিত বিলুপ্ত হৈছে। ২৪০ টা বৰগীতৰ এমুঠি মান সংৰক্ষণ আছে ।এয়া আমাৰ কাৰণে দুৰ্ভাগ্যজনক। খ্ৰীষ্টান সকলৰ ইশ্বৰ গুৰু হিচাপে প্ৰভু যীশুক কোৱা হয়।তেওঁৰ জন্মৰ সময়ৰ পৰা খ্ৰীষ্টাব্দ হিচাপে ধৰা যায়। ঠিক তেনেকৈ আমাৰ গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মৰ সময়ৰ পৰা বছৰবোৰক শঙ্কৰাব্দ হিচাপে গণনা কৰা হয় আমি জানোঁ অসমবাসীয়ে গৌৰৱ কৰিব পাৰোঁ। এতিয়া ৫৭৫/৫৭৬ চলি আছে।
মহাকবি কালিদাস এজন বিদজ্ঞ পণ্ডিত আছিল ।তেওঁ কেনেকৈ পণ্ডিত হ’ল সেই কথাটো বহলাই নকওঁ সকলোৰে পৰিচিত ,পৰিস্থিতিত পৰি কষ্ট সাধনাৰ লগতে দেৱী ইশ্বৰৰ আশীৰ্বাদ থাকিলে সকলো সম্ভৱ হয়। তেখেতে ৰচনা কৰা অভিজ্ঞানম শকুন্তলম,মেঘদূত আদি অনেক কাব্য গ্ৰন্থ জনসমাজক উপহাৰ দিছে।
কবি গুৰু ৰবীন্দ্ৰ নাথে ঠাকুৰে কৈছিল—“সাহিত্য চৰ্চা নিৰ্জনতাত সুন্দৰ ভাবে প্ৰতিফলিত হয়”।তেওঁৰ সৃষ্টিৰাজি সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদান কোনেও পাহৰিব নোৱাৰে।তেখতৰ ৰচিত গীতাঞ্জলী কাব্যগ্ৰন্থৰ বাবে নৱেল বঁটা লাভ কৰা এছিয়া মহাদেশৰ প্ৰথম ব্যক্তি আছিল ।ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত “জনগণ মন অধিনায়ক জয় হে ” তেখেতৰ অমূল্য সৃষ্টি সকলো ভাৰতীবাসীয়ে পোৱা স্বাধীনতাৰ এক মিঠা সুন্দৰ উপহাৰ।
জোনাকী যুগৰ খুহুতীয়া নামেৰে অলংকৃত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা দেৱে আমাৰ অসমীয়া ভাষাৰ উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে ।তেখেতে সাধুকথাৰ পৰা আৰম্ভ কৰি অলেখ গল্প ৰচনা সম্ভাৰ দি থৈ গৈছে। কৃপাবৰ বৰুৱা ছদ্ম নামেৰে খুহুতীয়া ৰচনাৰ জৰিয়তে সমাজখনত কিছু তত্ত্বগধুৰ উপদেশ দাঙি ধৰিছে। সাহিত্যৰ সৃষ্টিৰ মূলতে হল সমাজত ঐক্য ,শান্তি,সম্প্ৰীতি সংস্কৃতিৰ অক্ষুন্ন ৰখা ।তেখেতৰ ৰচিত “বুঢ়ী আইৰ সাধু “শিশু সকলৰ প্ৰিয় গ্ৰন্থ।
সাহিত্য সংস্কৃতিৰ অন্তৰালত জাতিটোৰ লোক সংস্কৃতি থলুৱা শিল্প ,উৎসৱ খেল ধেমালি সকলো অন্তৰ্নিহিত হৈ আছে।সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বিভিন্ন গল্পকাৰ ,কবি ,সাহিত্যিক সকলেও নিজৰ লেখনীত প্ৰতিটো জাতিটোৰ আচাৰ ব্যৱহাৰ পৌৰাণিক যুগৰ পৰা বৰ্তমানৰ অৱস্থা সংস্কৃতিৰ বৈশিষ্ট্য দাঙি ধৰিছে।
আমাৰ অসমীয়া সাহিত্যৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ যোৱা উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ লেখা নিশ্চয় পঢ়িছে।তেওঁৰ উপন্যাস মনোমতী,মিৰি জীয়ৰী সুন্দৰ লিখনি ,সেই সময়ত আহোম জনগোষ্ঠী, মিৰি জনগোষ্ঠীৰ আদি সংস্কৃতিৰ মানুহৰ ৰীতি -নীতি পৰম্পৰা সমাজ ব্যৱস্থা স্পষ্ট লিখনিৰ আভাষ পোৱা যায় । তেওঁৰ লিখনিত আকৃষ্ট হৈ বিভিন্ন লিখকে ৰজনীকান্ত বৰদলৈৰ উপন্যাস কেইখন হিন্দী,তামিল ,পাঞ্জাবী ভাষাত অনুবাদ কৰিছে।
য়েছে দৰজে ঠংছি এগৰাকী অৰুণাচলৰ ব্যক্তি কবি সাহিত্যিক হিচাপে জনমানসত পৰিচিত। যি সকলে তেখেতৰ লেখা পঢ়িছে তেওঁৰ লেখাই পাঠকৰ মনত যথেষ্ট প্ৰভাৱিত কৰে । কন্ঠশিল্পীৰূপে প্ৰতিভাৰ বলিষ্ঠ স্বাক্ষৰ ৰাখিলেও য়েছে দৰজে ঠংচিয়ে পোনতে কবিতাৰ মাজেৰেহে সাহিত্যৰ পথাৰত খোজ দিছিল।আৰম্ভণিতে ৰচনা কৰা কবিতাটো তেতিয়াৰ শিশু আলোচনী জোনবাইত প্ৰকাশ হৈছিল ,যাৰ শিৰোনাম আছিল “জোনবাই”।
গতিকে একোটা জাতিৰ পৰিচয় বহন কৰে সেই জাতিটোৰ ভাষা সাহিত্য – সংস্কৃতিৰ জৰিয়তে ।আমাৰ দেশ ভাৰতবৰ্ষত বাস কৰা প্ৰতিখন ৰাজ্যৰ বাসিন্দাৰ ভাষা-সংস্কৃতি বেলেগ বেলেগ।আমাৰ অসম আৰু ওচৰ চুবুৰীয়া সাতখন ৰাজ্যৰ ভাষা সংস্কৃতি বেলেগ বেলেগ।
বৰ্তমান বিশ্বায়নৰ যুগ। সময়ৰ লগে লগে মানুহৰ ধ্যান -ধাৰণা, ৰুচি- অভিৰুচি সলনি হৈছে । সময়ৰ লগে লগে
ভাৱধাৰা-সংস্কৃতিৰ প্ৰভাৱ সকলোৱে আকোৱালি লৈছে ,এয়া শুভ লক্ষণ । সকলো একত্ৰিত হৈ নিজৰ সংস্কৃতিৰ উৎকৰ্ষ সাধন কৰা ভাল কথা ।
বিশ্বয়ানৰ প্ৰভাৱে থলুৱা খোৱা-বোৱা,পিন্ধা-উৰা সকলোতে পশ্চিমীয়া বতাহে স্পৰ্শ কৰিছে । ফাছফুড ,জুছ ইত্যাদি খাদ্যৰ প্ৰতি মানুহৰ স্পৃহা বাঢ়ি যোৱা দেখিবলৈ পাইছোঁ। মেখেলা-চাদৰ ,ধুতি ইত্যাদিৰ ঠাইত চুৰিদাৰ,স্কাৰ্ট,টপ,লংপেন্ট ইত্যাদি সাজপাৰৰ প্ৰচলন বেছি হ’ল ।ঠিকে আছে সময়ে বাধ্য কৰিলেও আমাৰ থলুৱা সাজপাৰ খিনি জাতীয় উৎসৱ বা সামাজিক ৰীতি- নীতিত ব্যৱহাৰ কৰিব লাগিব। বিশ্বায়নৰ প্ৰয়োভৰত আমাৰ সংস্কৃতি যাতে উটি ভাঁহি নাযায় তালৈও লক্ষ্য ৰাখিব লাগিব। থলুৱা খাদ্যাভাস পৰম্পৰা ৰীতি- নীতি আদিক ধৰি ৰাখিব লাগিব কিন্তু কু সংস্কাৰ অন্ধ বিশ্বাস আদিক সমাজৰ পৰা মোহাৰি পেলাব লাগিব।