‘সাহিত্য সংবাদ’ : এক সদা জাগ্ৰত সাহিত্যানুষ্ঠান – মুহাম্মাদ আফজাল 

‘সাহিত্য সংবাদ’ : এক সদা জাগ্ৰত সাহিত্যানুষ্ঠান
 মুহাম্মাদ আফজাল 
মৈৰাবাৰী, মৰিগাঁও
‘সাহিত্য সংবাদ’ এক সক্ৰিয় আৰু আমনি নলগা বিশেষকৈ অসমীয়াভাষী লেখক-পঢ়ুৱৈৰ সাহিত্য চৰ্চাৰ এক জনপ্ৰিয় আৰু সদা ব্যস্ত উমৈহতীয়া গোট। এই গোটে প্ৰথম বৰ্ষতে বহুকেইগৰাকী জ্যেষ্ঠজনৰ লগতে নতুন লেখক-লেখিকাক কাকত-আলোচনীত নিয়মীয়াকৈ লেখিবলৈ নতুন উদ্যম আৰু সুযোগ প্ৰদান কৰিছে। এটা পৰিয়ালৰ দৰে থাকি ইয়াত বিশেষকৈ নতুনচামে মাতৃভাষাত গল্প, কবিতা, প্ৰবন্ধ, ভিন্ন স্বাদৰ অনুভৱী লেখা আদি লিখিবলৈ যত্ন কৰিছে, বিজ্ঞসকলৰ হতুৱাই শব্দ, বাক্য, বানানৰ শুদ্ধাশুদ্ধ নিৰূপণ কৰি তাক উত্তম ৰূপত প্ৰকাশ কৰা আৰু লগতে ভিন্নজনৰ তথ্য সমৃদ্ধ আৰু চিন্তা উদ্ৰেককাৰী লেখা পঢ়াৰ সুন্দৰ পৰিৱেশ পাইছে। নিতৌ অসমীয়া, ইংৰাজী, বাংলা আৰু অন্যান্য ভাষাৰ কাকত-আলোচনীৰ সাহিত্য পৃষ্ঠাসমূহ অতি সহজে হোৱাটচ এপ গ্ৰুপত উপলব্ধ হোৱাৰ লগতে বিভিন্ন গ্ৰন্থ আৰু সাহিত্য প্ৰতিযোগিতাৰ বা-বাতৰি, বিভিন্ন উপলক্ষত প্ৰকাশিত স্মৃতিগ্ৰন্থৰ বা-বাতৰি আদি কঢ়িয়াই আনি গোটৰ সৈতে জড়িতসকলৰ বাবে মেলি দিয়াৰ বাবে দিনক দিনে নীৰৱ সাধকসকলো সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে। নিজৰ সৃষ্টি ছপা ৰূপত প্ৰকাশৰ আনন্দৰ ভাগ কেৱল লেখকজনেই পোৱা নাই, ‘সাহিত্য সংবাদ’ গোটৰ আটায়ে সেয়া ভগাই লোৱা পৰিৱেশ আছে ইয়াত। সম্প্ৰতি ‘সাহিত্য সংবাদ’ গোটটো কম-বেছি অৰ্ধ সহস্ৰ লেখক-সাহিত্যিক, পঢ়ুৱৈ সক্ৰিয়ভাৱে জড়িত থকা এটি অনন্য সাহিত্যানুষ্ঠান বুলি ক’লেও হয়তো বঢ়াই কোৱা নহ’ব। ইয়াৰ আঁৰত প্ৰথমৰে পৰা  মুখ্য আৰু বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি থকা কাজী শ্বাহাদত ইছলাম, এহিয়া আহমেদ আৰু হিয়া দাস প্ৰমুখ্যে আন কেইবাগৰাকী সৰল-সহজ ব্যক্তি বিশেষৰ বহল আৰু মুকলি মনৰ বাবেই পৰৱৰ্তী পৰ্যায়ত ‘সাহিত্য সংবাদ’ নামে এখন মাহেকীয়া ই-আলোচনীও প্ৰকাশ পাবলৈ লৈছে। অদূৰ ভৱিষ্যতে জনপ্ৰিয় কাকত-আলোচনীৰ লগতে সৰু-বৰ কাকত-আলোচনীৰো দৈনিক হকাৰ তথা অগ্ৰদূতৰ ভূমিকা পালনৰ সমান্তৰালকৈ অসমীয়া ভাষা-সাহিত্য চৰ্চা আৰু প্ৰচাৰ-প্ৰসাৰৰ এক উমৈহতীয়া মুকলি মঞ্চ ৰূপে প্ৰতিষ্ঠিত হওক আমাৰ সকলোৰে প্ৰিয় এই ‘সাহিত্য সংবাদ’ গোটটো। অসমীয়া ভাষা-সাহিত্যৰ শ্ৰীবৃদ্ধিত জাগ্ৰত প্ৰহৰীৰ দৰে সেৱা আগবঢ়াই যাওক ‘সাহিত্য সংবাদ’ গোটে। শেষত গোটৰ প্ৰথম আৰু সফল বৰ্ষপূৰ্তি উপলক্ষে পৰম পুলকিত হৈ সদৌটিলৈ হিয়াভৰা শুভকামনাৰ শৰাই যাচিলোঁ।