সাহিত্য সংবাদ ই-আলোচনীৰ সম্পাদনা কমিটী গঠন সম্পন্ন

সাহিত্য সংবাদ ই-আলোচনীৰ সম্পাদনা কমিটী গঠন সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ইংৰাজী ০৫-০৮-২০২৩ তাৰিখে উদীয়মান সাহিত্যিক ঊষামনি শইকীয়া ডাঙৰীয়ানীৰ সভাপতিত্বত সাহিত্য সংবাদ গোটৰ সমূহ সদস্য-সদস্যা সকলক লৈ হোৱাট্ছএপ গ্ৰুপত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায়। সভাৰ উদ্দেশ্য বাখ্যা কৰে নবীন লেখক এহিয়া আহমেদ ডাঙৰীয়াই। তেখেতে কয় যে আজিৰ সভাৰ উদ্দেশ্য হ’ল অসমীয়া সাহিত্যক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ স্বাৰ্থত আমি সকলোৱে মিলি সাহিত্য সংবাদ গোটৰ উদ্যোগত এখন ই-আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰিম আৰু এই ই-আলোচনীখন সুস্থিৰ ভাৱে পৰিচালনা কৰাৰ বাবে এখন সম্পাদনা সমিতি গঠন কৰাটো অতিকৈ আৱশ্যক। সভাত বিভিন্ন জনে বিভিন্ন দিশৰ ওপৰত মতামত আগবঢ়ায় । সাহিত্য সংবাদ গোটৰ এডমিন উদীয়মান সাহিত্যিক কাজী শ্বাহাদত ইছলাম ডাঙৰীয়াই গুৰুত্বপূৰ্ণ মতামত আগবঢ়ায় কয় যে আমাৰ প্ৰকাশ হ’বলগীয়া আলোচনীখন ব্যতিক্ৰমী ৰূপে প্ৰকাশ কৰাৰ প্ৰচেষ্টা হাতত ল’ব লাগিব লগতে তেখেতে ঊষামনি শইকীয়া বাইদেউৰ লগত সভা পৰিচালনাৰ গুৰি ধৰে । কবি তথা জোনাকী সাপ্তাহিক ই-আলোচনীৰ মুখ্য সম্পাদক ৰাহুল চেতিয়াই কয় যে আলোচনীখন সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত তথা উন্নতমানৰ লেখনিৰে সমৃদ্ধ হ’ব লাগিব যাতে পঢ়ুৱৈ আমাক আদৰি লয় । আজিৰ সভাত উপস্থিত থাকে “সমন্বয় সাহিত্যৰ মুকলি মঞ্চ অসম”ৰ মূখ্য সম্পাদক ময়েজ উদ্দিন আহমেদ ডাঙৰীয়া। সকলোৰে মতামতৰ ওপৰত ভিত্তি কৰি আলোচনীৰ নাম “সাহিত্য সংবাদ ই-আলোচনী” ৰাখি তলত উল্লেখিত সম্পাদনা সমিতি গঠন কৰে ।

সাহিত্য সংবাদ ই-আলোচনীৰ সম্পাদনা কমিটী:

১) মুখ্য উপদেষ্টা: ঊষা মণি শইকীয়া।
২)উপদেষ্টা :
ময়েজ উদ্দিন আহমেদ
এম্ হাছিম আলী।
৩)মুখ্য সম্পাদক:- কাজি শ্বাহাদত ইছলাম।
৪)সম্পাদক:- এহিয়া আহমেদ।
৫)কাৰ্যবাহী সম্পাদক:-নুৰ ইছলাম ক্বাদৰি, ৰাহুল চেতিয়া।
৬)সহঃ-সম্পাদক:- চৈয়দ আফতাদ হুছেইন সৰকাৰ, দেলোৱাৰ হুচেইন, ইচফাকুৰ ৰহমান (ৰুৱেল)।
৭)সংশোধক:
ছামছুল আলম,
নৱজ্যোতি তামুলী,
কিশোৰ দাস কোঁৱৰ,
মুহাম্মাদ আফজল।
৮)প্ৰচাৰ ও বিজ্ঞাপন সচিব: পপী চহৰীয়া।
৯)বেটুপাত/কভাৰ ডিজাইন: এহিয়া আহমেদ।
১০) কোষাধ্যক্ষ: প্ৰস্তাৱ মৰ্মে কোষাধ্যক্ষ পদবী বৰ্তমান মুখ্য সম্পাদক মহোদয়ৰ দায়িত্বত থাকিব।