“সাহিত্য উদ্দীপনা বঁটা ২০২৩-২০২৫” ৰ বাবে কবিতা গ্ৰন্থ আহ্বান
ৰঙিলী বাৰ্ত্তাসেৱা- বিগত বৰ্ষৰ দৰে চলিত বৰ্ষটো “অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসম”ৰ তৰফৰ পৰা “সাহিত্য উদ্দীপনা বঁটা ২০২৩-২০২৫” ৰ বাবে ইচ্ছুক লেখক/লেখিকা সকলৰ পৰা কবিতাৰ গ্ৰন্থ আহ্বান কৰা হৈছে। শ্ৰেষ্ঠ হিচাপে বিবেচিত হোৱা মুঠ তিনিখন কবিতা গ্ৰন্থৰ লেখক/লেখিকাক এই বঁটাৰ বাবে নিৰ্বাচন কৰা হব। ১ জানুৱাৰী ২০১৯ তাৰিখৰ পিছত প্ৰকাশিত কবিতা গ্ৰন্থ প্ৰতিযোগিতাৰ বাবে লেখক/লেখিকা সকলে প্ৰেৰণ কৰিব পাৰিব। পূৰ্বে এই বঁটাৰ বাবে নিৰ্বাচিত হোৱা কবিতা গ্ৰন্থ প্ৰতিযোগিতাৰ আওতাত ধৰা নহব। ইচ্ছুক প্ৰতি গৰাকী লেখক/লেখিকাই এই বঁটাৰ বাবে কবিতা গ্ৰন্থ প্ৰেৰণ কৰা ঠিকনা হয় (দেবর্ষি গৌতম, গাঁও – বনগাঁও (নপৰা চুবুৰী), ডাকঘৰ – বনগ্ৰাম চ’ক, থানা – বেলশৰ, ডাক সূচাংক – ৭৮১৩০৩, জিলা – নলবাৰী (অসম), ফোন – ৬৯১৩৯৩০৮২৯ । প্ৰতিযোগিতাৰ বাবে ইয়াত ইচ্ছুক প্রতিগৰাকী লেখক/লেখিকাই এখন গ্ৰন্থহে প্ৰেৰণ কৰিব পাৰিব। এখন গ্ৰন্থৰ তিনিটাকৈ কঁপি প্ৰেৰণ কৰাটো বাধ্যতামূলক। গ্ৰন্থ সমূহ লেখক/লেখিকা সকলে উপৰোক্ত ঠিকনা ২৫ আগষ্ট ২০২৫ তাৰিখ অথবা তাৰ পূৰ্বে লাভ কৰিব পৰাকৈ প্ৰেৰণ কৰিব লাগিব। এই প্ৰতিযোগিতাৰ বাবে ইয়াত প্ৰেৰণ কৰা গ্ৰন্থ সমূহ অভিজ্ঞ বিচাৰকৰ দ্বাৰা নিৰ্বাচন কৰি শ্ৰেষ্ঠ তিনিগৰাকী প্ৰতিযোগীৰ নাম ৩০ ছেপ্টেম্বৰ ২০২৫ তাৰিখৰ ভিতৰত ঘোষণা কৰা হব। অক্টোবৰ মাহৰ ১২ তাৰিখ দেওবাৰে অনুষ্ঠিত হব লগীয়া “অসমীয়া সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চ : অসম”ৰ দ্বি-বাৰ্ষিক অধিবেশনত নিৰ্বাচিত লেখক/লেখিকা সকলক বঁটা প্ৰদান কৰা হব বুলি সভাপতি হিমাংশু পাঠক আৰু মুখ্য সম্পাদক দেবর্ষি গৌতমে সদৰী কৰিছে। “সাহিত্য উদ্দীপনা বঁটা ২০২২” লাভ কৰা ব্যক্তি আৰু কবিতা গ্ৰন্থ সমূহৰ নাম আছিল একাদিক্ৰমে জুবিলী গগৈ, দুলীয়াজন, ডিব্ৰুগড়, কবিতা পুথিৰ নাম – যি কথা কাকো কোৱা নহ’ল, জিতেন নাথ, শিৱসাগৰ, কবিতা পুথিৰ নাম – পানী যুৱলিৰ ঘৰ, গীতাঞ্জলী বৰকটকী ভাগৱতী, নামৰূপ, কবিতা পুথিৰ নাম – শামুকৰ খোলাত শুই আছে চহৰখন। এই প্ৰতিযোগিতাৰ বিষয়ে অধিক জানিবলৈ হলে ৬৯১৩৯৩০৮২৯ নম্বৰত যোগাযোগ কৰিব পাৰিব।