সাহিত্য অকাদেমি যুৱ আৰু শিশু-সাহিত্য বঁটা বিজয়ীক অসম জাতীয় পৰিষদৰ অভিনন্দন
ৰঙিলী বাৰ্ত্তাসেৱা- ঘোষণা কৰা ২০২৫ চনৰ সাহিত্য অকাদেমি যুৱ পুৰস্কাৰ অসমীয়া আৰু বড়ো ভাষাত লাভ কৰা সুপ্ৰকাশ ভূঞা আৰু অমৰ খুংগুৰ বড়ো অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘অসমীয়া ভাষাত সুপ্ৰকাশ ভূঞা আৰু বড়ো ভাষাত অমৰ খুংগুৰলৈ সাহিত্য অকাদেমি যুৱ বঁটা লাভ কৰা বাবে অভিনন্দন জনাইছোঁ। এই খবৰে আমাক আনন্দিত কৰিছে।’’একেদৰে, অসমীয়া আৰু বড়ো ভাষাত শিশু-সাহিত্য অকাদেমি বঁটা লাভ কৰা সুৰেন্দ্ৰ মোহন দাস আৰু বিনয় কুমাৰ ব্ৰহ্মলৈ অভিনন্দন জনাই গগৈ আৰু ভূঞাই কয়, ‘‘এয়া তেখেতসকলৰ শিশু-সাহিত্য চৰ্চা আৰু অসমীয়া ভাষাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতি ৰাষ্ট্ৰীয় স্বীকৃতি।’’আটাইকেইগৰাকী বঁটাপ্ৰাপকক শুভেচ্ছা আৰু অভিনন্দন জনাই গগৈ আৰু ভূঞাই লগতে কয়, ‘‘ভাষা-সাহিত্যৰ উৎকৰ্ষ সাধনেৰে অসমৰ বঁটাপ্ৰাপক সাহিত্যিককেইগৰাকীয়ে অসমৰ জাতীয় জীৱনক সমৃদ্ধ কৰাৰ এই যাত্ৰা অব্যাহত ৰাখক আৰু সৃষ্টিশীলতাৰে নতুন প্ৰজন্মক উদ্বুদ্ধ কৰি যাওক, তাৰেই কামনাৰে আমাৰ তৰফৰপৰা শুভেচ্ছা জনালোঁ।’’