সাহিত্যৰ বাটত এখোজ আগুৱাই দিয়াৰ চেষ্টা – অৰ্ণৱ কটকী

Pc Popular Science

সাহিত্যৰ বাটত এখোজ আগুৱাই দিয়াৰ চেষ্টা

অৰ্ণৱ কটকী
জাঁজী যোৰহাট

সাহিত্যৰ খবৰ (অসমীয়া সাহিত্য সংস্কৃতি বিকাশ মঞ্চৰ)গোট ,এটা নাম নহয় এক অনুষ্ঠান। দৈনিক ভিন ভিন কাকতত WhatsApp গোটৰ জৰিয়তে ন পুৰণি বহু লেখকৰ লেখা কাকতত প্ৰকাশ কৰাৰ সুবিধা কৰি দিয়া এই গোটৰ শ্ৰদ্ধাৰ ব্যক্তি সকলৰ অৱদান অপৰিসীম। তেওঁলোকৰ কষ্ট, ত্যাগৰ মূলতে নৱ নৱ লেখক লেখিকা সকলৰ লগতে আন আন বিষয়তো অৱগত হ’ব পাৰিছে।

এখন সুকীয়া মঞ্চ, অনুপ্ৰেৰণা, উৎসাহৰ এখন বহল সাগৰ। অনাগত সময়ত আৰু অধিক নৱ প্ৰজন্ম সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰাৰ বাবে নিশ্চয়কৈ আগ বাঢ়ি আহিব। মইও এই মঞ্চৰ দ্বাৰা অনুপ্ৰাণিত তথা ভিন ভিন কাকতত প্ৰকাশ কৰাৰ সুবিধা লাভ কৰিছোঁ। আহক আমি সকলোৱে ইজনে সিজনৰ সহায় হৈ আগুৱাই যাওঁ। শেষত এই গোটৰ লগতে শ্ৰদ্ধাৰ প্ৰতি জন ব্যক্তি, এই গোটত নিজৰ বহুমূলীয়া সময় দি আমাক কৃতাৰ্থ কৰা মুখ্য উপদেষ্টা, প্ৰকাশকলৈ আন্তৰিক ধন্যবাদ আৰু শ্ৰদ্ধা জনালোঁ।