সাহিত্যিক বিপিন চন্দ্ৰ বৰাৰ ‘ৰাস-পূৰ্ণিমা আৰু আন ৰচনা’ উন্মোচন ; মাজুলী মহাবিদ্যালয়ত প্ৰতিষ্ঠাপকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি
বিকাশ শইকীয়া, মাজুলীৰঙিলী বাৰ্ত্তাসেৱা- সমগ্ৰ ৰাজ্যক লগতে মাজুলীতো উদযাপিত বাৎসৰিক ৰাসলীলা উপলক্ষে গীত-নৃত্যৰে মুখৰিত হৈ মায়াসনা আধ্যাত্মিক পৰিৱেশৰ মাজতে মাজুলীৰ উচ্চশিক্ষাৰ প্ৰথমখন শিক্ষানুষ্ঠান মাজুলী মহাবিদ্যালয়ত আজি উন্মোচিত হ’ল মহাবিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক তথা আৱাহন যুগৰ বিশিষ্ট সাহিত্যিক (প্ৰয়াত) বিপিন চন্দ্ৰ বৰাৰ গ্ৰন্থ ‘ৰাস পূৰ্ণিমা আৰু আন ৰচনা।’ বিশিষ্ট লেখক তথা নাট্যকাৰজনৰ উপন্যাস, গল্প আদিৰ একত্ৰ সংকলন, মাজুলী মহাবিদ্যালয়ৰ প্ৰকাশন বিভাগৰ দ্বাৰা প্ৰকাশিত এই গ্ৰন্থখনি উন্মোচনৰ উদ্দেশ্যে দিনৰ ১২ বজাৰ পৰা মহাবিদ্যালয়ৰ সত্ৰাধিকাৰ পদ্মকান্তদেৱ গোস্বামী সভাকক্ষত আয়োজিত উন্মোচনী সভাখনি সভাপতিত্ব কৰা অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই। অনুষ্ঠানৰ আৰম্ভণিতে বিপিন চন্দ্ৰ বৰাৰ জীয়াৰী তথা মহাবিদ্যালয়ৰ অৱসৰী উপাধ্যক্ষা আৰতি বৰাই সকলোকে আদৰণি জনায়। মহাবিদ্যালয়ৰ প্ৰকাশন সচিব অপূৰ্বজ্যোতি হাজৰিকাই আঁত ধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মহাবিদ্যালয়ৰ প্ৰাক্তন শৈক্ষিক সমন্বয়ক ডঃ নাৰায়ণ চন্দ্ৰ শৰ্মাই মহাবিদ্যালয়ৰ প্ৰকাশন বিভাগৰ প্ৰতিষ্ঠাৰ আঁৰৰ কিছু কথা দাঙি ধৰাৰ লগতে শিক্ষক হিচাপে বিপিন চন্দ্ৰ বৰাৰ দক্ষতা আৰু ব্যক্তিত্বৰ এক চমু আলোকপাত কৰে। অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াৰ দ্বাৰা সম্পাদিত বিপিন চন্দ্ৰ বৰাৰ ‘ৰাস পূৰ্ণিমা আৰু আন ৰচনা’ শীৰ্ষক গ্ৰন্থখনি উন্মোচন কৰি মাজুলীৰ বিশিষ্ট শিক্ষাবিদ, প্ৰত্নতত্ত্ববিদ দিলীপ কুমাৰ ফুকনে গ্ৰন্থখনত সংকলিত ‘ৰাস-পূৰ্ণিমা’ নাটকখনৰ তাৎপৰ্য ব্যাখ্যা কৰি মাজুলীত ৰাস মহোৎসৱ থকালৈকে নাটখন অমৰ হৈ থাকিব বুলি অভিহিত কৰে। লগতে মাজুলীৰ বুকুত লুকাই থকা এনে ধৰণৰ আন সাহিত্যসমূহো উদ্ধাৰ কৰি প্ৰকাশৰ দিহা কৰিবলৈ প্ৰকাশন বিভাগক আহ্বান জনায়। মাজুলীৰ বিশিষ্ট শিক্ষাবিদ তথা অৱসৰী শিক্ষক কমল চন্দ্ৰ শইকীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিপিন চন্দ্ৰ বৰাৰ পাণ্ডিত্য আৰু ভাষাৰ লালিত্যৰ কথা স্মৰণ কৰি তেওঁৰ নাটকৰ সংলাপত সন্নিৱিষ্ট উচ্চস্তৰৰ সাহিত্যৰ বিষয়ে অৱলোকন কৰে। সমজুৱাৰ ভাষণত কিশোৰী মোহন পাল, সুৰবালা ৰাজখোৱা, ডলী বৰুৱা, ৰেণুমালা দত্ত, ললিত শইকীয়া, ঘনকান্ত নাথ, অমৃতেশ্বৰ চুতীয়া, সুৰেন্দ্ৰ নাথ মুদৈ আদিয়ে একাষাৰ কয়। সভাপতিৰ ভাষণত অধ্যক্ষ ডঃ দেৱজিৎ শইকীয়াই বিপিন চন্দ্ৰ বৰাৰ সাহিত্যৰাজি বৰ্তমান সময়লৈকে লুকাই আছিল বুলি অভিহিত কৰি প্ৰকাশিত গ্ৰন্থখনে লেখকক পুনৰ জনম দিলে বুলি মন্তব্য দিয়ে। লগতে এই লেখাসমূহে পাঠকক মোহাচন্ন কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰে। পৰিয়ালবৰ্গৰ হৈ অৱসৰী চৰকাৰী বিয়া তথা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ মাণিক বৰুৱাই লেখকৰ হেৰাই যাবলৈ ধৰা লেখাসমূহ পুনৰুদ্ধাৰ কৰি প্ৰকাশৰ ব্যৱস্থা কৰাৰ বাবে মহাবিদ্যালয়ৰ প্ৰকাশন বিভাগলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে। মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষদ্বয় সৰ্বেশ্বৰ হাজৰিকা আৰু নৰেন চন্দ্ৰ ঠাকুৰীয়া, প্ৰশাসনিক সমন্বয়ক প্ৰশান্ত শইকীয়া, শৈক্ষিক সমন্বয়ক অজিত কুমাৰ শইকীয়া, জ্যেষ্ঠ অধ্যাপক ডঃ ৰাজেন চন্দ্ৰ বৰা, অজয় প্ৰসাদ সিং, মায়াশ্ৰী ডেকা হাজৰিকা, গীতাৰাণী গোস্বামী, ডঃ ৰূপজ্যোতি বৰা, ডঃ ব্ৰজেন চন্দ্ৰ নেওগ, প্ৰণীতা ৰাজখোৱা, দেৱজ্যোতি খাটনিয়াৰ, ইন্দিৰা বড়া, ডঃ প্ৰফুল্ল বৰা, বসন্ত বৰা, ডঃ দেৱজ্যোতি ভট্টাচাৰ্য, কাৰ্তিক নাথ, পুতুল মহন্ত, নিৰণ শইকীয়া, হিতেশ্বৰ বৰা, মিনতি শইকীয়া, গুণ শইকীয়া, কৃষ্ণকমল শইকীয়া, অৰুণ কুমাৰ পাঠক, দধি বৰুৱা, ৰঞ্জিৎ কুমাৰ ভূঞা, ডিম্বেশ্বৰ দত্ত, জগত হাজৰিকা, যোগেন বৰা বৰবায়ন, দীপক কুমাৰ গোস্বামী, যুগল হাজৰিকা, ডিম্বেশ্বৰ ভূঞা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে অংশ লৈ অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় কৰে। সভাৰ অন্তত সকলোকে শলাগ জ্ঞাপন কৰে প্ৰীতিৰেখা গগৈয়ে।