সাহিত্যিক দীপক শৰ্মাক মিৰ্জাৰ সৰপাৰাত সম্বৰ্দ্ধনা

সাহিত্যিক দীপক শৰ্মাক মিৰ্জাৰ সৰপাৰাত সম্বৰ্দ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভাৰ নৱ-মনোনিত কাৰ্যনিৰ্বাহক সদস্য তথা কবি, সাহিত্যিক দীপক শৰ্মাক আজি “দক্ষিণ কামৰূপ সচেতন মঞ্চ”ৰ তৰফৰ পৰা বিপুল ভাৱে সম্বৰ্দ্ধনা জ্ঞাপন কৰে । এই উপলক্ষ্যে কামৰূপ জিলাৰ মিৰ্জাৰ সমীপৰ “সৰপাৰা হাইস্কুল” প্ৰাংগণত সচেতন মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্ৰ নেতা মদন দাসৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্দ্ধনা সভাত মঞ্চৰ মুখ্য সচেতক তথা মানুহ আৰু পৰিৱেশ, অসমৰ সভাপতি কমল চন্দ্ৰ মেধি, সম্পাদকদ্বয় সীমান্ত দাস, ৰঞ্জিৎ‌ মহন্ত, কাৰ্যনিৰ্বাহক সদস্য ধৰ্মেন্দ্ৰ দাস, লফিকুল হক, জেউতি দাস, ৰুমী দাস, বৰষা তালুকদাৰ দাস প্ৰভৃতিয়ে অংশ লৈ দক্ষিণ কামৰূপ সচেতন মঞ্চৰ ‌‌উপদেষ্টা তথা সাহিত্য সভাৰ নৱ-মনোনিত কাৰ্যনিৰ্বাহ সদস্য দীপক শৰ্মাই আমাৰ অঞ্চলটোৰ সাহিত্য-কলা-কৃষ্টি উন্নয়নত লোৱা ভূমিকাৰ বিষয়ে শলাগ লয় । সচেতন মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- অসম সাহিত্য সভাৰ নৱ- সমিতিখনক আমি বহুত আশাবাদী । সভাপতি ড০ সূৰ্যকান্ত হাজৰিকা, প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মা কিম্বা আমাৰ অতি শ্ৰদ্ধা-মৰমৰ দীপক শৰ্মাহঁতে সৱল নেতৃত্ব লৈ অসমৰ সমন্বয়-সংহতিৰ লগতে সাহিত্যৰ সংস্কৃতিৰ শ্ৰীবৃদ্ধিত যথেষ্ট গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিব ।