সাহিত্যাচার্য মালিকদেৱৰ জীৱন বৃত্তান্ত – ময়ূৰী বৰগোহাঁই

সাহিত্যাচার্য মালিকদেৱৰ জীৱন বৃত্তান্ত

ময়ূৰী বৰগোহাঁই
দশম শ্ৰেণী
জয়মতী উচ্চ মাধ্যমিক বিদ্যালয়,শিৱসাগৰ

সুদূৰ পশ্চিম এৰি,
এৰি থৈ স্বর্ণপুৰী ৰাজঅন্তে:পুৰ
বিজয় সপোন দেখি আহিলোঁ যিদিনা
উজনি সোঁতত মেলি ভটিয়নি ভূৰ;
বিজয়ৰ তৃষা লৈ, গৌৰৱৰ কৰি অভিযান,
লুইত পাৰত গালো দৃপ্ত উচ্ছ্বাসত,
আপোনাৰ বিজয়ৰ গান ।
~মই অসমীয়া

অসমীয়া ভাষা সাহিত্যৰ সংকট কালত যিসকল অসমীয়া সাহিত্যপ্রেমীয়ে অহোপুৰুষাৰ্থ কৰি অসমীয়া ভাষা-সাহিত্যৰ মৃতপ্রায় শিপাডাল সজীৱ কৰি ৰাখিছিল, সেইসকলৰ ভিতৰত সাহিত্যাচার্য চৈয়দ আব্দুল মালিক অন্যতম । তেওঁ অসমীয়া গল্প আৰু উপন্যাস সাহিত্যলৈ এক নতুন তৰংগ বোৱাই আনিছিল । তেখেতক গল্পসম্রাট বুলিও কোৱা হয় । অসমৰ মাটি আৰু মানুহৰ সুখ-দুখ, সংগ্রাম, প্রেম-অপ্রেম, হাঁহি-কান্দোন আদি সকলো তেওঁৰ ৰচনাৰাজিত ফুটি উঠিছিল । তেওঁৰ প্রতিটো গল্প আৰু উপন্যাসে কাব্যময় পৰিৱেশ সৃষ্টি কৰি পাঠকক চুম্বকৰ দৰে আকৰ্ষণ কৰে । অসমৰ মাটি আৰু মানুহৰ প্ৰতি থকা প্ৰেমৰ সৰ্ব্বোচ্চ নিদৰ্শন স্বৰূপে “মোৰ স্বর্গ” নামৰ কবিতাটিত তেখেতৰ কলমেৰে নিগৰি আহিছিল এনেদৰে –

মাটিৰ মানুহ মই
ভালপাওঁ মাটিৰ সৰগ
ভালপাওঁ মাটিৰ মৰম
সিপাৰে বিধাতা আৰু
ইপাৰে হিয়াৰ খলকনি
মই তাৰ সন্ধি অনুপম ।

অসমীয়া সাহিত্যত ‘অজগৰ’ ৰূপে খ্যাত এইগৰাকী মহান মনিষীৰ জন্ম হৈছিল ১৯১৯ চনৰ ১৫ জানুৱাৰীত গোলাঘাটৰ নাহৰণি অঞ্চলত । তেওঁৰ পিতৃৰ নাম আছিল চৈয়দ ৰহমৎ আলি আৰু মাতৃৰ নাম আছিল চৈয়দা লুৎফুন্নিস্থা । তেওঁ ৩৩ নং নাহৰণি নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা শিক্ষা জীৱনৰ পাতনি মেলি এই বিদ্যালয়ৰ পৰাই প্ৰাথমিক বৃত্তি লাভ কৰাৰ পাছত দেৰগাওঁ মজলীয়া বিদ্যালয়ত তেওঁ ভর্তি হয় । ইয়াৰ পৰৱৰ্তী সময়ত যোৰহাট চৰকাৰী হাইস্কুলৰপৰা ১৯৩৭ চনত ফাটী ভাষাত লেটাবসহ প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ যোৰহাট মহাবিদ্যালয়ত নামভর্তি কৰে আৰু এই মহাবিদ্যালয়ৰ পৰাই ১৯৩৯ চনত আই.এ. পৰীক্ষাত উত্তীর্ণ হয় । আই.এ. পৰীক্ষা সুখ্যাতিৰে উত্তীর্ণ হোৱাৰ পিছত কটন মহাবিদ্যালয়ত নামভর্তি কৰে আৰু ইয়াৰ পৰাই ১৯৪১ চনত ইংৰাজী বিষয়ত অনাচসহ: স্নাতক পৰীক্ষাত উত্তীর্ণ হয় ।

১৯৪২ চনত আবকাৰী বিভাগৰ চাব-ইন্সপেক্টৰ হিচাপে কর্মজীৱন আৰম্ভ কৰা মালিকদেৱে দ্বিতীয় মহাসমৰৰ সময়ত সামৰিক বিভাগত যোগ দি প্রায় দুবছৰ কাম কৰিছিল । ইয়াৰ পৰৱৰ্তী সময়ত ১৯৪৬ চনত যোৰহাট মহাবিদ্যালয়ত পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত প্ৰ’গ্ৰেম এচিষ্টেন্ট হিচাপে যোগ দিয়ে । ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে । তেওঁ ১৯৫০ চনত গোলাঘাট ঢেকীয়াল হাইস্কুলৰ সহকাৰী শিক্ষক আৰু ১৯৫১ চনত কুৰালগুৰি হাইস্কুলৰ প্রতিস্থাপক প্রধান শিক্ষকৰূপে কার্যনির্বাহ কৰে । কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰি থকা সময়তে প্ৰাইভেটকৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত দ্বিতীয় শ্রেণীৰ প্রথম স্থান লৈ স্নাতকোত্তৰ ডিগ্রী লাভ কৰে আৰু যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্রবক্তাৰূপে যোগদান কৰে । তেওঁ এই মহাবিদ্যালয়ত ১৯৫১ ৰ পৰা ১৯৭৬ চনলৈ প্রবক্তাৰূপে কার্যনির্বাহ কৰাৰ পিছত এই মহাবিদ্যালয়ৰে অসমীয়া বিভাগৰ মুৰব্বীৰূপে অৱসৰ গ্ৰহণ কৰে ।

অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্রাট চৈয়দ আব্দুল মালিকদেৱে ছাত্ৰাৱস্থাৰপৰাই সাহিত্যচর্চা কৰিছিল । তেখেতক আধুনিক অসমীয়া গল্প সাহিত্যৰ প্ৰৱর্তক বুলি কোৱা হয় । ১৯৪৫ চনত বাঁহী আলোচনীত তেখেতৰ প্ৰথমখন উপন্যাস লঃসাঃগু ( প্রথমে বাঁহী আলোচনীত ১৯৪৫-৪৬ চনত খণ্ড খণ্ডকৈ প্রকাশ, পৰৱৰ্তী সময়ত ওমলা ঘৰৰ ধূলি নামেৰে ১৯৬৪ চনত ছপা আকাৰে প্ৰকাশ) খণ্ড খণ্ডকৈ প্রকাশ পাইছিল । তেওঁৰ সৃষ্টিশীল কাপেৰে ৬৮ খন উপন্যাস, ২৫ খনৰো অধিক গল্প সংকলন, ৫ খন কাব্য সংকলন, ৩ খন শিশু সাহিত্যৰ পুথি, ২০ খন অনাতাঁৰ নাট, ২ খন হাস্য ব্যংগ মূলক গ্রন্থ, ৩ খন ভ্রমণ কাহিনী, ৯ খন গৱেষণামূলক গ্রন্থ, ৩ খন আত্মজীৱনীৰ সমন্বিতে এটা গীতৰ লগতে অন্যান্য বহুতো পদপুথি ৰচনা কৰি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে । তেখেতে শংকৰদেৱৰ জীৱন ভিত্তিক ‘ধন্য নৰ তনু ভাল’ আৰু মাধৱদেৱৰ জীৱনভিত্তিক ‘প্রেম অমৃতৰ নদী’ ৰচনা কৰি ধর্মীয় সংকীর্ণতাৰ উর্দ্ধত অৱস্থান কৰিছিল । ‘সুৰুযমুখীৰ স্বপ্ন’ তেখেতৰ এখন অন্যতম শ্রেষ্ঠ উপন্যাস, য’ত পমুৱা মুছলমানসকলৰ দুখ-দুর্দশাৰ প্ৰতিচ্ছবি তেওঁ অতি সাৱলীলভাৱে পাঠকৰ মাজত দাঙি ধৰিছে । চৈয়দ আব্দুল মালিকদেৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জীৱন ভিত্তিত ‘ৰূপতীর্থ যাত্রী’ নামৰ গ্ৰন্থখন লিখি উলিয়াইছিল । তেখেতৰ গল্প-উপন্যাসৰ পৰা ‘জেতুকা পাতৰ দৰে’, ‘মমতাজ’ আদি চলচ্চিত্র নির্মিত হৈছে । তেখেতৰ অন্যান্য ৰচনাসমূহ হ’ল- ‘পৰশমণি’, ‘ৰঙাগড়া’, ‘মৰহা পাপৰি’, ‘শিখৰে শিখৰে, ‘পোৰা গাঁৱত পহিলা ব’হাগ’, ‘আধাৰশিলা’, ‘মাটিৰ চাকি’, ‘ৰথৰ চকৰী ঘূৰে’, ‘ছবিঘৰ’ ইত্যাদি । তেওঁ যেনেকৈ গল্পকাৰ তথা ঔপন্যাসিক আছিল ঠিক তেনেদৰে এজন সু-কবিও আছিল । তেওঁৰ কবিতাই আমাৰ অসমীয়া সাহিত্য জগতক বাৰুকৈয়ে সমৃদ্ধ কৰিছিল । তেখেতৰ প্ৰথমটি কবিতা প্রকাশ পাইছিল ১৯৩৬ চনত যোৰহাট চৰকাৰী হাইস্কুলৰ “জেউতী আলোচনীত । তেখেতৰ প্ৰথমখন কাব্য সংকলন হ’ল ১৯৪৮ চনত প্রকাশিত বেদুইন । তেখেতৰ কবিতাত ৰোমান্টিক আৰু আধুনিক দুয়োটা ভিন্ন ধাৰাৰ মণিকাঞ্চন সংযোগ ঘটিছে । তেখেতৰ কবিতা প্রচলিত বৌদ্ধিক নির্মাণ নহয়, তেখেতৰ কবিতা অন্তৰৰ তীব্র ভাৱ অনুভূতিৰ অনায়াস নির্বাচন । তেওঁৰ অন্যান্য কেইখনমান কবিতাপুথি হ’ল ” ‘স্বাক্ষৰ’, ‘স্বপ্ন-দুঃস্বপ্ন আৰু কিছুকথা’ আৰু ‘ছন্দহাৰৰ কবিতা’।

বৈচিত্রময় সৃষ্টিশীলতা, মধুৰ ব্যক্তিত্ব, মনোৰম ৰসিক কথকতাৰ বাবে তেওঁ সর্বজনপ্রিয় এক কিংবদন্তিত পৰিণত হৈছিল । এবাৰ লক্ষীমপুৰৰ এখন সভালৈ তেখেতক নিমন্ত্রণ জনোৱা হৈছিল । সেই সভালৈ এজন নব্বৈ বছৰীয়া বৃদ্ধলোকে ১৪ মাইল বাট খোজকাঢ়ি মালিকদেৱক লগ কৰিবলৈ আহিছিল । সেই বৃদ্ধলোকজনে মালিকদেৱক কৈছিল যে তেখেতৰ নাতিটোৱে সদায় মালিকদেৱৰ ‘মই অসমীয়া’ নামৰ কবিতাটি চিঞৰি চিঞৰি পঢ়িছিল । তেওঁ সেই কবিতাটো শুনি আপ্লুত হৈ পৰিছিল আৰু মালিকদেৱক এবাৰ লগ পাবলৈ উত্তাৱল হৈ পৰিছিল, যেতিয়া তেখেতে জানিবলৈ পাইছিল যে তেখেতৰ ঘৰৰ ওচৰৰে এখন সভালৈ মালিক দেৱক নিমন্ত্ৰণ জনোৱা হৈছে, তেতিয়া আৰু তেওঁ আৰু ৰৈ থাকিব নোৱাৰিলে, প্ৰখৰ ৰদতো বৃদ্ধলোকজনে ১৪ মাইল বাট খোজকাঢ়ি আহিছিল মাথোঁ মালিকদেৱক এবাৰ লগ পোৱাৰ হেঁপাহতে । তদুপৰি শিক্ষক হিচাপে চৈয়দ আব্দুল মালিক ইমানেই জনপ্রিয় আছিল যে তেখেতৰ লেকচাৰ শুনিবলৈ ছাত্র-ছাত্রীৰে শ্রেণী ভৰি পৰিছিল । অসমীয়া সাহিত্যলৈ মালিকদেৱৰ অৱদানৰ বিষয়ে সুঁৱৰি বিশিষ্ট সাহিত্যিক তথা কথাশিল্পী হোমেন বৰগোহাঁইদেৱে লিখিছে যে-“মালিকে যি বিশাল চিত্রশালা সৃষ্টি কৰি থৈ গৈছে সেই চিত্রশালাত অসমীয়া সমাজে নিজৰ প্রতিচ্ছবি দেখিবলৈ পায়…এইকথা ক’লে বোধহয় অত্যুক্তি কৰা নহ’ব যে আধুনিক যুগত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছত মালিকেই হ’ল দ্বিতীয়জন লেখক যিজনে সমগ্র অসমীয়া জাতিৰ হৃদয় জয় কৰিবলৈ সমর্থ হৈছে”।

সাহিত্য অকাডেমী কাউন্সিলৰ সদস্য হিচাপে ১৯৬৩ চনৰপৰা ১৯৬৯ চনলৈকে দায়িত্ব পালন কৰা চৈয়দ আব্দুল মালিকে অসম সাহিত্য সভাৰ প্রধান সম্পাদক হিচাপেও ১৯৬৯ চনত কার্যনির্বাহ কৰিছিল । জীৱনৰ কোনো এক দিশৰ সূত্রতে সীমাবদ্ধ নাথাকি ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ওতঃপ্রোতভাবে জড়িত আছিল আৰু ১৯৮৩ চনত ৰাজ্যসভাৰ সাংসদ হিচাপেও নির্বাচিত হৈছিল । চৈয়দ আব্দুল মালিকদেৱে ১৯৭৭ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ অভয়াপুৰী অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল ।

অসমীয়া সাহিত্য জগতৰ উজ্জ্বল জ্যোতিষ্ক চৈয়দ আব্দুল মালিকে ১৯৬৫ চনত ‘মাজত মাথো হিমালয়’ নামৰ ভ্ৰমণ কাহিনীৰ বাবে ‘ছোভিয়েট দেশ নেহৰু’ বঁটা আৰু তেওঁৰ উপন্যাস ‘অঘৰী আত্মাৰ কাহিনী’ৰ বাবে ১৯৭২ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল । অসমীয়া সাহিত্য জগতলৈ উল্লেখনীয় বৰঙণি আগবঢ়োৱা আব্দুল মালিকদেৱক ভাৰত চৰকাৰে ১৯৮৪ চনত পদ্মশ্রী সম্মানেৰে বিভূষিত কৰাৰ লগতে ১৯৯২ চনত ভাৰত চৰকাৰৰ পদ্মবিভূষণ সম্মানেৰে বিভূষিত কৰিছিল । তেখেতে লাভ কৰা অন্যান্য বঁটা বা সম্মানসমূহ হ’ল- ১৯৯৫ চনত অসম চৰকাৰৰ শংকৰদেৱ বঁটা আৰু আজানলীৰ বঁটা, ১৯৯৭ চনত অসম সাহিত্য সভাৰ সাহিত্যাচার্য উপাধি, ১৯৮৮ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ডি লিট উপাধি, ১৯৯৪ চনত অসম উপত্যকা সাহিত্য বঁটা, ১৯৯৯ চনত সাহিত্য অকাডেমীৰ ফেলোশ্বিপ আদি ।

চৈয়দ আব্দুল মালিক মানুহৰ মাজত জনপ্রিয় আছিল তেওঁৰ উদাৰ নৈতিক মানসিকতাৰ বাবে । হিন্দু-মুছলমান আদি বিবিধ ধৰ্মৰ বৃত্তৰ পৰিধিৰ বাহিৰত অৱস্থান কৰি তেওঁ হৈ পৰিছিল সকলোৰে প্রিয় এজন দেশপ্রেমী অসমীয়া । জাতীয় প্রেমত উদ্বুদ্ধ হৈ মালিকদেরে কৈছিল “মই দ্বিজ, মই শূদ্র, ময়েই বৈষ্ণৱ, বুদ্ধ, মুছলিম মই, যীশুৰ ভকত মই, তাতে মোৰ অসম গৌৰৱ।” তেওঁ সভা সমিতিত দিয়া ভাষণ শুনিবলৈ অজস্র মানুহৰ ভিৰ হৈছিল । তেওঁৰ ভাষণে শ্রোতাক মোহাচ্ছন্ন কৰি ৰাখিছিল । তেখেতৰ অসমীয়া ভাষাৰ উপৰিও বাংলা, ফাৰ্চী, হিন্দী, উর্দু, ইংৰাজী, উড়িয়া, নেপালী, আৰবী, সংস্কৃত আৰু কোচ ভাষাতো সম্যক দখল আছিল ।

অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা এইজন পুৰোধা ব্যক্তিৰ ২০০০ চনৰ ২০ ডিচেম্বৰত দূৰাৰোগ্য কেঞ্চাৰ ৰোগত মৃত্যু হয় । ২০০০ চনৰ ডিচেম্বৰ মাহৰ ৪ তাৰিখে উশাহ-নিশাহ লোৱাত কষ্ট পোৱা বাবে তেওঁক আই চি ইউত ভর্তি কৰোৱা হৈছিল । কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত তেওঁক নিজ গৃহলৈ ঘূৰাই অনা হয় । আৰু নিজ গৃহতে ১৯ ডিচেম্বৰ ৰাতি ১২ বাজি ২৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ ।

চৈয়দ আব্দুল মালিক মানৱ জীৱনৰ বৈচিত্রময়তা আৰু গভীৰতম ক্রিয়া-প্রক্রিয়াৰ এগৰাকী সূক্ষ্ম পর্যবেক্ষক আছিল । তেওঁ আছিল জাতীয়তাবাদৰ এক বিৰল উদাহৰণ । যেতিয়াই মাতৃভূমি কোনো ৰাজনৈতিক বা সামাজিক সংকটৰ সম্মুখীন হয় তেতিয়াই তেওঁৰ লিখনি অগ্নিস্ফুলিঙ্গ হৈ ফুটি উঠিছিল ।

মৰণৰ আগমূহুৰ্তলৈকে সাহিত্য চৰ্চা কৰা সাহিত্যসেৱী অসমীয়া সাহিত্যিক বিৰল । সুদীর্ঘ সময়জুৰী সাহিত্য সেৱা আগবঢ়োৱা অসমীয়া সাহিত্যৰ দুর্লভ প্রতিভাশালী লেখক চৈয়দ আব্দুল মালিকদেৱ আজি আমাৰ মাজত নাই যদিও তেখেত প্রতিজন অসমীয়াৰ হৃদয়ত চিৰদিনলৈ সুৰ হৈ অনুৰণিত হৈ থাকিব । বেজবৰুৱাৰ ভাষাৰে-

“ফুলিল মালতী ফুল, সৰি পৰি গ’ল,
বিলোৱা সৌৰভ মাত্র জগতত ৰ’ল ।
ভাগি গ’ল বীণখনি, ছিগি গ’ল তাঁৰ
ৰৈ গ’ল অৱশেষ অমিয়া ঝংকাৰ ।”