সাহসৰ উদ্যোগত মাজুলী উন্নয়ন খণ্ডত অনাময় কৰ্মীৰ প্ৰশিক্ষণ অনুষ্ঠান

সাহসৰ উদ্যোগত মাজুলী উন্নয়ন খণ্ডত অনাময় কৰ্মীৰ প্ৰশিক্ষণ অনুষ্ঠান

বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা-  মাজুলী উন্নয়ন খণ্ডৰ কনফাৰেন্স হলত সাহসৰ উদ্যোগত জনস্বাস্থ্য ও কাৰিকৰী বিভাগ আৰু স্বচ্ছ ভাৰত অভিযান- গ্ৰামীণৰ যুটীয়া সহযোগত আজি অনাময় কৰ্মী (চেনিটেচন কৰ্মী) সকলৰ এখন সজাগতা আৰু প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত হয়। সভাত স্বচ্ছ ভাৰত অভিযানৰ কাৰিকৰী বিষয়া নয়নজ্যোতি বাইলুঙে অনাময় কৰ্মী সকলৰ লক্ষ্য, উদ্দেশ্য আৰু দায়িত্ব সম্পৰ্কে বিশদ বিৱৰণ দাঙি ধৰে। উল্লেখযোগ্য যে সাহসে হৰিশ আৰু বিনাশ্বাহ ফাউণ্ডেশ্যন আৰু সত্ৱাৰ যুটীয়া সহযোগত মাজুলীত “স্বচ্ছ মাজুলী মোৰ মাজুলী” প্ৰকল্পৰ অধীনত শুকান জাৱৰ ব্যৱস্থাপনাৰ ওপৰত কাম কৰি আছে। এই উদ্দেশ্য আগত লৈ সাহসে মাজুলীৰ বিভিন্ন প্ৰান্তত গাৱে গাৱে সজাগতা সভা অনুস্থিত কৰি আহিছে। মাজুলী উন্নয়ন খণ্ডত অনুষ্ঠিত হোৱা আজিৰ এই প্ৰশিক্ষণ অনুষ্ঠানত জনস্বাস্থ্য ও কাৰিকৰী বিভাগৰ পৰা দিবাকৰ বৰা, সাহসৰ হৈ বিভাষ বৰমেধী, মৃদুভূষণ কটকী, স্পৃহা গায়ন, অনামিকা, হেঙুল, আৰু কমলাবাৰী পঞ্চায়তৰ জীৱিকা সখী অনিতা দাস, বিভিন্ন আত্ম সহায়ক গোটৰ সদস্যা আৰু অনাময় কৰ্মীকে ধৰি মুঠ ৩০ জন লোকে অংশগ্ৰহণ কৰে।