সাহসৰ উদ্যোগত মাজুলীৰ আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত সজাগতামূলক সভা
বিকাশ শইকীয়া , মাজুলী, ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ দক্ষিণ কমলাবাৰী পঞ্চায়তৰ অন্তৰ্গত আউনীআটী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি ‘সাহস’ (এনজিঅ’) মাজুলী দলৰ উদ্যোগত সতৱা আৰু হৰিশ আৰু বিনাশ্বাহ ফাউণ্ডেশ্যন তথা বিদ্যালয়খনৰ সহযোগত জাৱৰৰ ব্যৱস্থাপনাৰ ওপৰত এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাখনত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ মুঠ ১৫২ জন ছাত্ৰ-ছাত্ৰী আৰু সাহসৰ ১১ জন সদস্যই অংশগ্ৰহণ কৰে। সভাৰ অন্তত হোৱা মত বিনিময় অনুষ্ঠানত সাহসৰ এই প্ৰচেষ্টাক শলাগ জনাই ছাত্ৰ-ছাত্ৰীসকলে ভৱিষ্যতে ভিজা, শুকান আৰু ঘৰুৱা বিপদজনক জাৱৰক ঠাইতে পৃথকীকৰণ কৰি সঠিক ব্যৱস্থাপনাক আকোঁৱালি লৈ জাৱৰমুক্ত মাজুলী গঢ়াৰ বাবে পণ লয়। অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন কাৰ্যপন্থাৰ জৰিয়তে বহুকেইটা অনুষ্ঠান কৰি ক্ষুদ্ৰ উপহাৰ সাহসৰ তৰফৰ পৰা প্ৰদান কৰা হয়। উল্লেখ্য যে, সাহসে দেশৰ বিভিন্ন ৰাজ্যত জাৱৰ ব্যৱস্থাপনাৰ ওপৰত কাম কৰি থকাৰ লগতে মাজুলীতো ‘স্বচ্ছ মাজুলী , মোৰ মাজুলী’ প্ৰকল্পৰ অধীনত যোৱা ফেব্ৰুৱাৰী মাহৰ পৰা শুকান জাৱৰ ব্যৱস্থাপনাৰ বাবে কাম কৰি আছে। মূলতঃ সমগ্র মাজুলীত শুকান জাবৰৰ ওপৰত ৰাইজৰ লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা অনাৰ উদ্দেশ্যে কাম কৰা ‘সাহস মাজুলী টীমে’ প্রথম পৰ্যায়ত জিলাখনৰ পাঁচখন পঞ্চায়ত ক্রমে গড় মূৰ, কমলাবাৰী, চিলাকলা, দক্ষিণ-কমলাবাৰী আৰু পকাজৰা পঞ্চায়তৰ অন্তৰ্গত বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকলৰ লগতে গাঁৱে গাঁৱে গৈ শুকান জাবৰৰ ওপৰত সজাগতা কাৰণে কাম কৰি গৈছে।