সাহসৰ উদ্যোগত মাজুলীত শুকান জাৱৰৰ ওপৰত সজাগতামূলক সভা

সাহসৰ উদ্যোগত মাজুলীত শুকান জাৱৰৰ ওপৰত সজাগতামূলক সভা
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- মাজুলীৰ পকাজৰা পঞ্চায়তৰ অন্তৰ্গত পুৰণা খলিহামাৰি আৰু কাঠনিআটি গাৱত  ‘সাহস’ (বেচৰকাৰী সংস্থা) মাজুলী দলৰ উদ্যোগত সতৱা আৰু হৰিশ আৰু বিনাশ্বাহ ফাউণ্ডেশ্যন তথা বিদ্যালয়খনৰ সহযোগত জাবৰৰ ব্যৱস্থাপনাৰ ওপৰত  দুখন সজাগতামূলক সভা অনুষ্ঠিত হয়। সভাত গাওঁ দুখনৰ পুৰুষ আৰু মহিলাসকলে  অংশগ্ৰহণ কৰে। সভাৰ অন্তত হোৱা মত বিনিময় অনুষ্ঠানত সাহসৰ এই প্ৰচেষ্টাক শলাগ জনাই গাওঁবাসীয়ে ভৱিষ্যতে ভিজা, শুকান আৰু ঘৰুৱা বিপদজনক জাৱৰক ঠাইতে পৃথকীকৰণ কৰি সঠিক ব্যৱস্থাপনাক আকোঁৱালি লৈ জাৱৰমুক্ত মাজুলী গঢ়াৰ বাবে পণ লয়। উল্লেখ্য যে, সাহসে ভাৰতৰ বিভিন্ন ৰাজ্যত জাৱৰ ব্যৱস্থাপনাৰ ওপৰত কাম কৰি থকাৰ লগতে মাজুলীতো ‘স্বচ্ছ মাজুলী মোৰ মাজুলী’ প্ৰকল্পৰ অধীনত শুকান জাৱৰ ব্যৱস্থাপনাৰ বাবে কাম কৰি আছে।