‘সাহস’ৰ উদ্যোগত মাজুলীত তিনি স্থানত বিশ্ব পৰিৱেশ দিৱস উদযাপন

‘সাহস’ৰ উদ্যোগত মাজুলীত তিনি স্থানত বিশ্ব পৰিৱেশ দিৱস উদযাপন
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- বেচৰকাৰী সংস্থা ‘সাহস’ৰ  মাজুলী দলৰ উদ্যোগত মাজুলীৰ তিনিটা স্থানত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়। পুৱাৰ ভাগত মাজুলী আৰক্ষী প্ৰশাসনৰ সহযোগত নৱনিৰ্মিত আৰক্ষী অধীক্ষক কাৰ্যালয়ত বৃক্ষৰোপণ কাৰ্যসূচী হাতত লয়। উক্ত অনুষ্ঠানত সাহসৰ ১২ জন সদস্যৰ লগতে আৰক্ষী অধীক্ষক বিবেকানন্দ দাস, অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াৰ লগতে মাজুলী আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ আৰক্ষী বিষয়া সকল উপস্থিত থাকে। তদুপৰি,  সাহসে  আভ্যন্তৰীণ জল পৰিবহন বিভাগ, জনস্বাহ্য আৰু কাৰিকৰী বিভাগ, স্বচ্ছ ভাৰত অভিযানৰ সহযোগত ‘কমলাবাৰী পাৰঘাটত’ বিশেষ চাফাই অভিযান চলাই প্ৰায় ৩১ কিলোগ্ৰাম শুকান জাৱৰ বুটলি ঘাট অঞ্চল পৰিষ্কাৰ কৰে। ইয়াৰ উপৰিও দক্ষিণ কমলাবাৰী পঞ্চায়তৰ অন্তৰ্ভুক্ত ধাপাক গাৱৰ ৰাইজৰ সহযোগত নামঘৰ প্ৰাঙ্গন চাফা কৰি বৃক্ষৰোপণ কৰে। উল্লেখ্য যে, সাহসে ভাৰতৰ বিভিন্ন ৰাজ্যত জাৱৰ ব্যৱস্থাপনাৰ ওপৰত কাম কৰি থকাৰ লগতে মাজুলীতো সাহসে সতৱা আৰু হৰিশ আৰু বিনাশ্বাহ ফাউণ্ডেশ্যন  সহযোগত ‘স্বচ্ছ মাজুলী , মোৰ মাজুলী’ প্ৰকল্পৰ অধীনত শুকান জাৱৰ ব্যৱস্থাপনাৰ বাবে কাম কৰি গৈছে।