সাম্প্ৰদায়িক বদৰুদ্দিনৰ বিৰুদ্ধে ৰাজপথত লুৰীণজ্যোতিৰ দল

Pc Udbhasnews

সাম্প্ৰদায়িক বদৰুদ্দিনৰ বিৰুদ্ধে ৰাজপথত লুৰীণজ্যোতিৰ দল

ৰঙিলী বাৰ্ত্তাসেৱা- হিন্দু সম্প্ৰদায় আৰু মুছলমান মহিলাৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি ৰাজ্যত সাম্প্ৰদায়িক বিদ্বেষ সৃষ্টিৰ অপচেষ্টা কৰা বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফ দলৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰি অসম জাতীয় পৰিষদে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ আনহাতে, মুছলমান মহিলাৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰি একে ধৰণে সাম্প্ৰাদয়িক বিদ্বেষ সৃষ্টিৰ ষড়যন্ত্ৰ ৰচা বিজেপি নেতা তথা মন্ত্ৰী পীযুষ হাজৰিকাৰ বিৰুদ্ধেও দলটোৱে ৰাজ্যৰ বিভিন্ন থানাত এজাহাৰ দাখিল কৰে৷ উল্লেখযোগ্য যে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে যোৱা ২ ডিচেম্বৰৰ দিনা কৰিমগঞ্জত সাম্প্ৰদায়িক মন্তব্য কৰি চৌদিশে নিন্দিত হৈছিল৷ ধুবুৰীৰ সাংসদজনে মূলতঃ বিজেপিৰ শ্ৰুতলিপি মতে সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিবৰ উদ্দেশ্যে উক্ত বক্তব্য প্ৰদান কৰা বুলি অভিযোগ কৰি অসম জাতীয় পৰিষদে ৰাজ্যৰ ১৫খন থানাত আজমলৰ বিৰুদ্ধে গোচৰ ৰুজো কৰিছিল৷ কিন্তু আৰক্ষীয়ে আজমলৰ বিৰুদ্ধে এতিয়ালৈকে একো আইনগত ব্যৱস্থা গ্ৰহণ কৰা নাই৷ সেয়ে আজমলৰ বক্তব্যৰ প্ৰতিবাদ জনাই আজি অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় ধৰ্মীয় সংখ্যালঘু শক্তিৰ কামৰূপ মহানগৰ জিলা সমিতিৰ নেতা-সদস্যসকলে এ আই ইউ ডি এফ দলৰ হাতীগাঁওস্থিত মুখ্য কাৰ্যালয় ঘেৰাও কৰে৷ দলৰ সম্পাদক তথা জাতীয় ধৰ্মীয় সংখ্যালঘু শক্তিৰ তত্বাৱধায়ক ৰাজু ফুকনৰ নেতৃত্বত যোৱা প্ৰতিবাদী দলটোৱে এ আই ইউ ডি এফৰ কাৰ্যালয়ৰ সন্মুখত বদৰুদ্দিন আজমল মুৰ্দাবাদ, এ আই ইউ ডি এফ মুৰ্দাবাদ, সাম্প্ৰদায়িক আজমলক গ্ৰেপ্তাৰ কৰক, বিজেপিৰ এজেন্ট বদৰুদ্দিন আজমল, সাম্প্ৰদায়িক ৰাজনীতি নিপাত যাওক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ হাতে হাতে দলীয় পতাকা, বেনাৰ আৰু প্লেকাৰ্ড লৈ প্ৰতিবাদী দলটোৱে প্ৰায় আধা ঘন্টা সময় প্ৰিৱেশ উত্তাল কৰি ৰখাৰ পিছত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ প্ৰতিবাদৰ শেষত দলৰ সম্পাদজ ৰাজু ফুকনে এ আই ইউডি এফ দলক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ‘অবৈধ ৰাজনৈতিক সন্তান’ আখ্যা দি কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মতেই যে আজমলে উক্ত সাম্প্ৰদায়িক মন্তব্য কৰিছে, সেয়া কাৰো বুজিবলৈ বাকী নাই৷ বিজেপি আৰু এ আই ইউ ডি এফৰ ভিতৰুৱা বুজাবুজিৰ কথাটো বহু আগতেই স্পষ্ট হৈ পৰিছে৷ সেই কাৰণেই ৰাজ্যৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজমলক গ্ৰেপ্তাৰ কৰিবলৈ এতিয়ালৈকে আৰক্ষী বিভাগক অনুমতি দিয়া নাই৷ সাম্প্ৰদায়িক বক্তব্য দিয়া ব্যক্তিক এজাহাৰঅবিহনেই গ্ৰেপ্তাৰ কৰিবলৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ে স্পষ্ট নিৰ্দেশনা দি থোৱা স্বত্বেও বিজেপি চৰকাৰৰ অৰক্ষীয়ে কিয় আজমলক গ্ৰেপ্তাৰ কৰা নাই সেয়া কাৰো বুজিবলৈ বাকী নাই বুলিও ফুকনে মত প্ৰকাশ কৰে৷