সাম্প্ৰতিক – মিতালি বৰঠাকুৰ

Pc Unsplash

সাম্প্ৰতিক

মিতালি বৰঠাকুৰ,মালিগাওঁ

সাম্প্ৰতিক
তমসাছন্ন হৃদয় ,
ৰাতিৰ নিস্তব্ধতাত
নিয়তি চৰাইজনিৰ কৰুণ বিননি
আন্ধাৰ আকাশৰ শূণ্যতাত
জোনাকে চন্দ্ৰতাপ তৰিছে ।
বিষাদৰ মেঘবোৰ গলি যোৱাৰ বাটে বাটে
শিপাই আছে  ‘ তুমি ‘ নামৰ এটি উজ্জ্বল তৰা