সাম্প্ৰতিক কালত নাৰীৰ সুৰক্ষা
ৰামেশ্বৰ নাথ
জন্ম,মৃত্যু, বিবাহ, এই তিনিওটা হেনো কেতিয়া হয় কোনেও নাজানে । ইয়াৰ মূলতে হৈছে সৃষ্টি কৰ্তা ভগৱান । স্বয়ং ভগৱানৰ মতেহে এই তিনিওটা কাম সম্পূৰ্ণ হয় । কিন্তু বৰ্তমান সময়ত মানুহৰ কিছুমান কাৰুকাৰ্য্য দেখি হয়’তো স্বয়ং ভগৱান ও বিস্ময় মানিব বাধ্য হয় ।
একবিংশ শতিকাত সমাজৰ কিছুমান অদ্ভূত কাৰ্য দেখি নিজকে জীৱ শ্ৰেষ্ঠ বুলি কবলৈ ঘিন লাগে । নিতৌ আমাৰ সমাজত ঘটি থকা ধৰ্ষণ, বলাৎকাৰ, হত্যা, আদি ঘটনা বোৰ দেখি নিজৰ ওপৰত প্ৰশ্ন হয় আচলতে আমি বিলাক মানুহ নে পশু ? নে মানৱ ৰূপী একো একোজন দানৱ । আমাৰ সমাজত সতী দাহ প্ৰথা, বাল্য বিবাহ আদি বন্ধ কৰা হৈছে । কিন্তু ইয়াক জানো মানুহে অনুসৰণ কৰিছে । বৰ্তমান সময়ত নাৰীৰ ভবিষ্যত ক’ত ? বৰ্তমান সময়ত নাৰীৰ দুখৰ কথা কোনে ভাবে ? নাৰীৰ সুৰক্ষা ক’ত ? বৰ্তমান সময়ত নাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰে বহুত আইন প্ৰণয়ন কৰিছে সঁচা । কিন্তু তাৰ সঠিক প্ৰয়োগ কিমান দূৰ সফল হৈছে সেইটোহে চিন্তনীয় বিষয় ।
আজিৰ নাৰী উৰাজাহাজ, ট্ৰেইন, বাছ, চলাই আছে । আজিৰ নাৰী হাতত মৰানাস্ত লৈ দেশ মাতৃক সুৰক্ষা দি আছে । কিমান যে উন্নত হৈছে নাৰী । কিন্তু বৰ্তমান সময়ত এতিয়াও এনেকুৱা কিছুমান ঠাই আছে । য’ত সমাজ ব্যৱস্থা একেবাৰে নিম্ন। সেইবিলাক সমাজত কিছুমান নীতি নিয়ম প্ৰচলিত হৈ আছে যে ছোৱালী জন্ম মহাপাপ । জন্ম পোৱাৰ পিছতে মাৰি পেলাই। যদিহে একেখন ঘৰত তিনি নাইবা চাৰি জনী ছোৱালী থাকে আৰু যদি কোনো ল’ৰা সন্তান নাথাকে তেতিয়া সমাজৰ বহুতো মানুহে তাকে লৈ সিহঁতক উপলুঙা কৰে । আনকি ছোৱালী হৈ জন্ম পোৱাৰ পিছত ডাঙৰ হৈ আনৰ ঘৰত বিয়া হৈ গুচি যাব । সেইকাৰণে সিহঁতক আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নিদিয়ে । পঢ়া শুনা কৰাৰ সলনি কাম বন কৰিব লগাই । এনেধৰণৰ মানসিকতা লৈ যদিহে ল’ৰা ছোৱালী পৃথক কৰি বিভাজন কৰে । তেনেকুৱা সমাজত মহিলাৰ শিক্ষিত হাৰ নিচেই তাকৰ । নাৰীৰ শিক্ষাৰ ক্ষেত্ৰত বৰ্তমান চৰকাৰে কঠোৰ পদক্ষেপ লৈছে ।
বৰ্তমান সময়ত আমাৰ সমাজত সতী দাহ প্ৰথা বন্ধ কৰিলে কি হ’ব ? আজিৰ সমাজত একাংশ লম্পত চৰিত্ৰৰ মুখা পিন্ধা লোকৰ বাবে আই, বাই, ভনী ঘৰৰ পৰা ওলাই যাব নোৱাৰা হৈছে । আজি যদি কাৰোবাৰ আই, কাইলৈ কৰোবাৰ বাই, আকৌ কাৰোবাৰ ভনী, জীয়াৰী, বোৱাৰী আদি ধৰ্ষণৰ বলি হ’ব লগা হৈছে । পখিলা খেদা বয়সতে ক’তো যে নাবালিকা ছোৱালী এচাম লম্পটৰ কামনাৰ বলি হ’ব লগা হৈছে । যৌৱনৰ একো আভা নুবুজা ছোৱালীজনী কাৰোবাৰ অবধ্য সন্তানৰ বোজা কঢ়িয়াব লগা হৈছে । ক’তো বৃদ্ধ আই মাতৃ সকলো ইহঁতৰ পৰা হাত সাৰিব নোৱাৰা হৈছে । তাৰোপৰি কিমানে আৰু অকালতে মৃত্যুক সাৱটি ল়ব লগা হৈছে তাৰ সীমা সংখ্যা নাই । ভূতৰ ওপৰত দানৱ পৰা দি নৰপিশাছ বোৰে নিজৰ যৌন তৃপ্তিৰ বাবে কিমান যে পাশৱিক অত্যাচাৰ কৰে । আনকি এচাম লম্পতৰ বাবে ঘৰত অকলে জীয়াৰী বোৱাৰী থাকিব নোৱাৰে । ঘৰৰ পৰা মুখত সোপা দি লৈ গৈ ধৰ্ষণ কৰি হত্যা কৰে । শেষত নিজে তাৰ পৰা হাত সাৰিবলৈ ক’তো জীয়াৰী বোৱাৰীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়ে । আকৌ গাঁৱত কোনোবা পত্নী যদি অকালতে বিধৱা হ’ব লগা হয় । তেন্তে এচাম মুখা পিন্ধা লম্পটৰ গাত তত নাইকীয়া হৈ যায় । সদায় সুবিধা বিচাৰি কু দৃষ্টি ৰাখে । কুলক্ষিনী, ডাইনী, ৰাক্ষসী আদি নামেৰে নামাকৰণ কৰা দেখা যায় । বিধবা বোৱাৰীজনী কাকো মাতিব নোৱাৰে, কাৰো লগত ওলাই যাব নোৱাৰে , কিবা কাৰণত যদি কোনোবা পৰ পুৰুষৰ লগত কৰোবাৰ পৰা অহা দেখিছে তেতিয়া হ’লেটো কথায়ে নাই । কিমান যে কি বদনাম উলাব । এনেকুৱা থেক মনোবৃত্তি লৈ জীয়াই থকা সমাজৰ মাজত সতী দাহ প্ৰথা বন্ধ কৰাৰ কিবা জানো লাভ আছে । যদিহে বিধৱা বোৱাৰী এজনী নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰে । আই, বাই, ভনী,জীয়ৰী,বোৱাৰী আমাৰ সমাজত সুৰক্ষিত নহয় । ইয়াৰ বাবে কাক জগৰীয়া কৰিব সমাজত প্ৰচলিত হৈ অহা অন্ধবিশ্বাস, মানুহৰ ঠেক মনোবৃত্তি, নে আমাৰ আইন ব্যৱস্থাৰ দুৰ্বলতা ।
বৰ্তমান সময়ত বাল্য বিবাহ বন্ধ কৰা হৈছে যদিও বহু ঠাইত এতিয়াও বিয়াৰ উপযুক্ত বয়স নোহোৱাকৈ বিয়া হোৱা দেখা যায় । সংসাৰৰ একো আভা নুবুজাতে বহু ছোৱালীক মাক দেউতাকে বিয়া দি দিয়ে । ঘৰত একো এটা নকৰা ছোৱালীজনী স্বামীৰ ঘৰত সকলো কাম কৰিব লগা হয় । সংসাৰৰ সমস্ত দায়িত্ব মূৰ পাতি লয় । কিন্তু লাহে লাহে ছোৱালী জনীৰ নানা বেমাৰ আজাৰ হয় আৰু এনেকৈ বহুতো ছোৱালীৰ মৃত্যু হয় । নাইবা ছোৱালী জনী নিচেই কম বয়স হোৱাৰ বাবে সংসাৰৰ সকলো কাম কৰিব নোৱাৰে । যাৰ ফলত শহুৰ সাহুৰ ঘৰত নানা ধৰণৰ কাজিয়াৰ সৃষ্টি হয় । পিছত অশান্তি সহ্য কৰিব নোৱাৰি বহুতো ছোৱালী আত্মহত্যা কৰিবলৈ বাধ্য হয় । আকৌ বহুতো বোৱাৰী যৌতুকৰ বলি হৈ মৃত্যু হোৱা দেখা যায় । চৰকাৰে ল’ৰা ছোৱালীৰ বিয়াৰ বাবে উপযুক্ত বয়স নিৰ্ধাৰণ কৰি দিছে । এই ক্ষেত্ৰত আমাৰ মানুহ বোৰ কিমান দূৰ সচেতন সেইটোহে মন কৰিবলগীয়া । কিছুমান ঠাইত এনেকুৱা কিছুমান নাভূত নাশ্ৰুত ঘটনা দেখিব পোৱা যায় । আজিৰ সমাজতো কিছুমান মানুহে নিজৰ ছোৱালীক ছাগলী গৰু বিক্রি কৰা দি বিয়া দিয়ে । হয়’তো কিছু টকাৰ লোভত পৰি নাইবা যৌতুক দিয়াৰ পৰা হাত সৰাৰ বাবেই হওঁক ৰাতিপুৱা ছোৱালী চাই গধূলি বিয়া নাইবা আগ দিনা ছোৱালী চাই পিছদিনা বিয়া দিয়ে । লাগিলে ছোৱালী জনীৰ বিয়াত সন্মতি থাকক বা নাথাকক তাত সিহঁতৰ একো প্ৰভাৱ নপৰে । ধৰি বান্ধি দৰাৰ লগত পঠাই দিয়ে । আন এচামে আকৌ চাকৰিৰ প্ৰলোভন নাইবা বিবাহৰ প্ৰতিশ্ৰুতি দি পলাই নি বহি ৰাজ্যত বিক্ৰী কৰে নাইবা দেহ ব্যৱসায়ীত লগাই দিয়ে ।
নাৰীৰ এই ব্যৰ্থ ছবি খনৰ বাবে আচলতে কোন জগৰীয়া ? মোৰ বোধে ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া হৈছে আমাৰ সমাজ ব্যবস্থা, কুসংস্কাৰ, অন্ধবিশ্বাস, উপযুক্ত শিক্ষাৰ অভাৱ আৰু আমাৰ আইন ব্যৱস্থাৰ দুৰ্বলতা । যদিহে উপযুক্ত শিক্ষা লাভ কৰে তেতিয়া হ’লে আমাৰ সমাজৰ কুসংস্কাৰ অন্ধবিশ্বাস নিজেই আঁতৰি যাব । লগতে যদিহে আমাৰ আইন ব্যৱস্থা অধিক কঠোৰ হয় । তেতিয়া নিজেই নিজেই সমাজত ধৰ্ষণ, হত্যা, আদি কমি যাব ।
