সাম্প্রতিক গুৰু-শিস্যৰ সম্পর্ক আৰু কিছু কথা
বাহাৰুল ইছলাম (শিক্ষক) 
বালিজান, মৰিগাঁও
সাম্প্রতিক সময়ত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সুমধুৰ সম্পর্কত অনেকেই যেন সন্দেহ কৰিবলৈ আৰম্ভ কৰিছে। সেয়া এশ শতাংশ সত্য নহ’লেও কিছু শতাংশ সত্যতাক অস্বীকাৰ কৰিব নোৱাৰি। শিক্ষাৰ ইতিহাসত গুৰু-শিস্যৰ আলসুৱা সম্পর্কৰ কথা নজনা লোক হয়তো নোলাব। গুৰু শিস্যৰ বন্ধন এক পৱিত্ৰ বন্ধন। আমি জানো, শিক্ষা সাৰ্থক হ’বলৈ শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকৰ পাৰস্পৰিক সু- সম্পর্ক অতিশয় দৰকাৰ। যুগ যুগ ধৰি এই সম্পর্কই শিক্ষাৰ্থীক ভৱিষ্যত বাসপোযোগী কৰি তুলে আৰু শান্তিপূর্ণ জগত গঢ় দিয়াত মুখ্য ভূমিকা পালন কৰি আহিছে। কিছুদিন ধৰি জগতখনে যেন ওলোটা গতিত ঘূৰিব ধৰিছে। বহু শিক্ষাৰ্থীয়ে আনকি শিক্ষকক সন্মান কৰিব এৰি দিছে। সন্মান দিয়া বহু পিছৰ কথা, মাৰপিঠ, হত্যা পৰ্যন্ত কৰাৰ উদাহৰণ নথকা নহয়। শিক্ষাৰ্থীয়ে শিক্ষাৰ্থীৰ সৈতে, শিক্ষাৰ্থীয়ে অভিভাৱক বা অন্যান্য মানুহৰ সৈতে সন্মান পিছৰ কথা হত্যা পৰ্যন্ত কৰাৰ বহু ঘটনা ঘটিছে। এই অমানৱিক কামবোৰ কিয় হৈছে তাৰে কিছু আলোচনা কৰিবলৈ প্ৰয়াস কৰিলোঁ।
ভাৰতীয় দৰ্শনত গুৰু-শিষ্যৰ পৱিত্ৰ আৰু মধুৰ সম্পৰ্কৰ অলেখ উদাহৰণ পোৱা যায়  ৷ গুৰুৰ বাক্য পালন কৰিবৰ বাবেই একলব্যই নিজৰ সোঁহাতৰ বুঢ়া আঙুলি কাটি গুৰুক গুৰু-দক্ষিণা দিছিল ৷ ঠিক তেনেকৈ গুৰুৱে অনাহাৰে থাকিবলৈ কোৱাত উপমুন্যৱে ভোকত ৰ’ব নোৱাৰি আকণ গছৰ পাত খাই দৃষ্টিশক্তি হেৰুৱাইছিল। হেন্ৰি এডামছে কৈছিল, “এজন শিক্ষকে আমাৰ জীৱনত সামগ্ৰীকভাৱে এনে প্ৰভাৱ পেলায় যে, সেই প্ৰভাৱ ক’ত গৈ শেষ হ’ব সেয়া কোনেও ক’ব নোৱাৰে।” কোঠাৰী আয়োগে কৈছিল যে দেশৰ ভবিষ্যৎ শ্ৰেণী কোঠাতহে নিৰ্মাণ হ’ব আৰু এই নিৰ্মাণ কাৰ্যৰ মুখ্য খনিকৰজন  শিক্ষক ৷ ড০ এ. পি. জে. আব্দুল কালামে কৈছে, “যদি কোনো দেশ দুর্নীতিমুক্ত হয় আৰু সৱৰে মাজত সুন্দৰ মনৰ মানসিকতা গঢ়ি উঠে, মই দৃঢ়তাৰ স’তে বিশ্বাস কৰোঁ সেই ঠাইৰ সামাজিক জীৱনত তিনি ধৰণৰ মানুহ থাকিব, যিসকলে পৰিৱর্তন আনিব পাৰে। তেওঁলোক হ’ল পিতৃ, মাতৃ ও শিক্ষক।” হেমকোষ অভিধান প্ৰণেতা হেমচন্দ্র বৰুৱাই কৈছে, “শিক্ষক হ’ল ছাত্র-ছাত্ৰীৰ বিত চকু।” “গুৰুয়ে শিষ্যক যদি এটি বৰ্ণও শিক্ষা দিয়ে, তেন্তে পৃথিৱীত এনে কোনোও বস্তু নাই যাৰ দ্ধাৰা সেই শিষ্যয়ে গুৰুৰ ঋণ পৰিশোধ কৰিব পাৰে“- চাণক্য। শিক্ষকতা হ’ল এনে এটি বৃত্তি যিয়ে অন্য সকলো বৃত্তি সৃষ্টি কৰে।
শিশুৰ বিকাশত শিক্ষকৰ সমান্তৰাল ভাবে অভিভাৱকৰ  ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ । শিক্ষাৰ্থী সকলৰ অভিভাৱক হ’ল প্ৰথম আৰু প্ৰধান অনুকৰণীয় ব্যক্তি। শিক্ষাবিদসকলৰ মতে,  “Home is the first school for the child and parents are the first teacher ” অৰ্থাৎ ঘৰখনেই শিশুৰ প্রথম বিদ্যালয় আৰু পিতৃ-মাতৃ হ’ল প্রথম শিক্ষক। কোৱা হয়, এগৰাকী আদৰ্শবান মা- এশ শিক্ষকতকৈয়ো শ্ৰেষ্ঠ। অৱশ্য এই ক্ষেত্ৰত মাক গৰাকী প্রতি মুহূৰ্তত সক্ৰিয় (Active)  আৰু সচেতন (conscious)  থকাটো অত্যন্ত জৰুৰী।  সন্তানৰ প্রতি অভিভাৱকৰ দায়িত্ব আৰু কৰ্তব্য কেইটামান উল্লেখ কৰিলোঁ–
১)  আদৰ্শ সন্তান পাবলৈ নিজকে আদৰ্শ পিতৃ-মাতৃ হিচাপে গঢ়ি তুলিব লাগিব ।
২) উপদেশ যিহেতু বেছি দিলে আমনি পায়, সেয়ে নিজেই আদৰ্শ দেখুৱাব লাগিব যাতে সিহঁতে অনুকৰণ কৰে।
৩) সন্তানৰ চকুত প্রথম আৰু প্ৰধান অনুকৰণীয় ব্যক্তি পিতৃ-মাতৃ।
৪) সন্তানৰ বাবে যিমান টকা-পইচা ব্যয় কৰা হয় তাতোকৈ বেছি সময় ব্যয় কৰাৰ চেষ্টা কৰিব লাগে।
৫) বেছিকৈ মৰম কৰিব লাগে, সেই বুলি সীমাহীন কৰিব নালাগে। অনুশাসনৰো দৰকাৰ আছে।
৬) সন্তানৰ মতামতক গুৰুত্ব আৰোপ কৰিব লাগে।
৭) সন্তানক গালি শপনি আৰু অভিশাপ দিব নালাগে।
৮) সন্তানৰ সৈতে খেলা-ধূলা কৰিব লাগে।
৯) স্মাৰ্ট ফোনৰ ব্যৱহাৰ নিজে কম কৰিলেহে সন্তানক  বুজাবলৈ সহজ হৈ পৰে।
১০) মাজে-সময়ে ভাল কামৰ পুৰষ্কাৰ ও বেয়া কামৰ লঘু শাস্তি প্ৰদান কৰিব লাগে।
১১) যিকোনো পৰিৱেশৰ প্ৰশিক্ষণ প্ৰাপ্ত কৰি তোলা।
১২) সন্তানক সাঁতোৰ শিকোৱা।
১৩) স্ব-ৰক্ষাৰ প্ৰশিক্ষণ দিয়া।
১৪) সময়ানুৱতীতা অৰ্থাৎ সময়ৰ কাম সময়ত সমাধা কৰাৰ উৎসাহ প্ৰদান কৰিব লাগে ।
১৫) মাজে মাজে সময় অপব্যয় কৰাৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰিব লাগে।
১৬) ল’ৰা আৰু ছোৱালীক সমদৃষ্টি প্ৰদান কৰা।
১৭) ধৰ্ম মানি জীৱন-যাপন কৰাৰ পৰামৰ্শ দিয়া আৰু শান্ত-শিষ্ট, নম্র-ভদ্র ও ঐক্যৰে আগুৱাই যোৱাৰ ক্ষেত্রত উৎসাহিত কৰা।
১৮) ডাঙৰক সন্মান আৰু সৰুক মৰম কৰাৰ অভ্যাস গঢ়ি তোলা। ইত্যাদি
যেনেদৰে অভিভাৱকৰ দায়িত্ব আছে ঠিক সেইদৰে শিক্ষকৰ অনেক কৰ্তব্য নথকা নহয়। কিছু শিক্ষক নথকা নহয় যিসকলে নিজৰ কৰ্তব্য আৰু দায়িত্ব পালন কৰাত বিফল হৈছে অথবা কৰিবলৈ ইচ্ছা নকৰে। আন কিছুমান শিক্ষক আছে বেয়া চৰিত্ৰৰ আৰু কেৱল দৰমহাৰ বাবে স্কুল যোৱা। এই মুষ্টিমেয় শিক্ষক সকলক চিনাক্ত কৰি উচিত শাস্তি দিয়াটো অতি জৰুৰী। অৱশ্যে এই সকল শিক্ষকৰ বাবে ভাল শিক্ষক সকলেও লজ্জিত হৈছে। সন্মানৰ উচ্চ শিখৰত পদাৰ্পণ কৰা শিক্ষক সকলক অনেকেই সন্দেহৰ চকুৰে চাবলৈ লৈছে যিটো সভ্য সমাজৰ বাবে বৰ দুঃখজনক। ‘চেকনীৰ আগত শিক্ষা’ বচনফাঁকি বিভিন্ন কাৰণত ক’ৰবাত হেৰাই থাকিল। শিক্ষা নীতিৰ বাধা  অথবা কিছু অভিভাৱকৰ সন্তানৰ প্ৰতি অতিৰিক্ত ভালপোৱাৰ বাবে শিক্ষক সকলে শিক্ষাৰ্থীক লঘু শাস্তিৰ পৰাও বিৰত থাকিবলগীয়া হোৱাৰ বাবেও বহুত শিক্ষাৰ্থীয়ে অনুশাসন নামানে। আনহাতে ম’বাইল ফোনৰ অত্যাধিক ব্যৱহাৰে আৰু  পুথি অধ্যয়ন নকৰাৰ ফলত প্ৰকৃত জ্ঞান অর্জনত যথেষ্ট ক্ষতিগ্রস্ত হৈছে বুলি ক’ব পাৰি।
সাম্প্ৰতিক সময়ত নৈতিক শিক্ষাৰ অতিকৈ প্ৰয়োজনীয়তা আহি পৰিছে। জীৱ শ্ৰেষ্ঠ মানুহ হিচাপে যি চিন্তা চৰ্চা, যুক্তি আৰু সুন্দৰ কৰ্মই মানুহৰ মন মানুহৰ জীৱন নিয়ন্ত্ৰণ কৰিব লাগিছিল সেয়া আজি বিলুপ্তিৰ পথত যোৱাৰ উপক্ৰম হৈছে। প্ৰকৃত মানুহ হোৱাৰ পৰিৱৰ্তে দিনকদিনে দানৱ হ’বলৈ গৈ থকা দেখা গৈছে।  কেৱল যেন বৈষয়িক জীৱনৰ ভোগ বিলাস, লালসা, স্বাৰ্থ আদিৰ পিছত দৌৰিব লাগিছে। ব্যক্তিগত ভাবে এজনে আনজনৰ সৈতে,জাতি জাতি, দেশে দেশে হত্যা, লুণ্ঠন, অপহৰণ, ধৰ্ষণ আদিৰ দৰে অমানৱীয় কাৰ্যকলাপ সংঘটিত হৈছে। ইয়াৰ মূলতে হ’ল মানুহৰ নৈতিক শিক্ষাৰ অভাৱ।  মহাত্মা গান্ধীয়ে কৈছিল, “By education I mean an all-round drawing out of the best in the child and man—body, mind and spirit. By spiritual training I mean education of the heart.অৰ্থাৎ “শিক্ষাৰ দ্বাৰা মই শিশু আৰু পুৰুষৰ সৰ্বশ্ৰেষ্ঠৰ পৰা সৰ্বাংগীন অংকন বুজাইছোঁ- শৰীৰ, মন আৰু আত্মা। আধ্যাত্মিক প্ৰশিক্ষণৰ দ্বাৰা মই হৃদয়ৰ শিক্ষা বুজাইছোঁ”
শিক্ষাৰ মূল ভেটি প্ৰাথমিক স্তৰৰ শিক্ষাত বেছি গুৰুত্ব দিয়া উচিত। শ্ৰেণী অনুপাতে শিক্ষক, অতিৰিক্ত প্ৰধান শিক্ষক আৰু এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ সু-ব্যৱস্থা কৰা। যিমান পাৰি আন্ত:গাঁথনি উন্নত কৰাৰ লগতে জোতা, টাই, বেল্ট আদি সমসাজৰ লগত দিয়াৰ ব্যৱস্থা কৰা উচিত। কিয়নো এইবোৰে ব্যক্তিগত বিদ্যালয়ৰ সৈতে তুলনা কৰাত সুবিধা কৰে। তাৰোপৰি শিক্ষকৰ মাজত থকা  শ্ৰেণীবিভাজন যেনে REGULAR,  SSA CONTRACTUAL,  STATE POOL, TUTOR আদি বন্ধ কৰা। শিক্ষকক শিক্ষক হিচাপে সম মৰ্যাদা প্ৰদান কৰি,একে কামৰ একে পাৰিশ্ৰমিকৰ ব্যবস্থা কৰা। পাৰিলে 30:1 ৰ ঠাইত 20:1 কৰি শিক্ষকৰ সু-ব্যৱস্থা কৰা, কমপক্ষে শ্ৰেণী প্ৰতি শিক্ষক নিশ্চিত কৰা। লগতে শিক্ষকক অন্যান্য কামৰ বোজা আদি হ্রাস কৰি বিশেষকৈ শৈক্ষিক দিশত এক বলিষ্ঠ পদক্ষেপ গ্রহণ কৰিলেহে প্ৰকৃত সুফল পাব পাৰি।
আমি সকলোৱে অৱগত যে, প্ৰতিজন ব্যক্তিৰ দৃষ্টিভঙ্গি কেতিয়াও একে হ’ব নোৱাৰে। শিক্ষাৰ ক্ষেত্রত একেই কথা। আধুনিক প্ৰদূষিত বিশ্বৰ ভিন্ন ৰুচি সম্পন্ন শিক্ষাৰ্থীৰ মাজত একাংশ আছে বৰ উশৃঙ্খল। সিহঁতে যিমান পাৰি দুষ্টামি কৰি যায় প্ৰতিনিতে। অভিভাৱকৰ নিস্ক্রিয় যতন আৰু অনুশাসনৰ অভাবত সিহঁত বেছি উদ্ভণ্ডালি কৰে। ফলত পঢ়া-শুনা নকৰে,ডাঙৰক সন্মান নকৰে, সৰুক মৰম নকৰে, মাৰপিঠ, হত্যা পৰ্যন্ত কৰিবলৈ দিদ্ধাবোধ নকৰে। অৱশ্যে এই ক্ষেত্ৰত শিক্ষকৰ কৰণীয় যথেষ্ট আছে। এই বুলি গোটেই দোষ কেৱলমাত্ৰ শিক্ষকৰ ওপৰত জাপি দিয়াটো জানো যুক্তিসঙ্গত? এটি সমূহীয়া প্ৰচেষ্টা কেতিয়াও অকল স্কুলতে সম্ভৱ নহয়। স্কুলতকৈ বেছি সময় যিহেতু ঘৰত কটায়। এটা কথা ক’ব লাগিব যে, পৃথিৱীত একমাত্র শিক্ষকেই হয়তো এনে ব্যক্তি যিয়ে আনৰ সন্তানৰ সফলতাত অতি সুখী আৰু গৌৰৱান্বিত হয়। এজন ছাত্র বা ছাত্রীয়ে কোনো কামত পাৰদৰ্শী হ’লে প্ৰথমে শিক্ষকজন বৰ সুখী হয়। সেয়া বাস্তৱ।
সাম্প্রতিক পৃথিৱীখনে বৰকৈ কান্দিছে, চকুলো টুকিছে আৰু এই কান্দোনৰ ধ্বনি কেৱলমাত্ৰ প্ৰকৃত মানুহে শুনা পায়। চৌপাশে হত্যা, লুণ্ঠন, ধৰ্ষণ, প্ৰকৃতিৰ ওপৰত নিৰ্যাতন,সাম্প্রদায়িক সংঘৰ্ষ, অন্যায়, অত্যাচাৰ,যুদ্ধ আদিয়ে ঘেৰি ধৰিছে । আমি সকলোৱে অৱগত যে, প্ৰায় ৮০ বছৰ আগতে অৰ্থাৎ দ্বিতীয় বিশ্বযুদ্ধৰ ভয়াবহতা। হিৰোচিমা ও নাগাচাকীৰ চমৎকাৰ ধ্বংস লীলা। কেনেবাকৈ যদি তৃতীয় বিশ্বযুদ্ধ হয়, তেন্তে হয়তো মানুহ বোলা প্ৰাণী বিচাৰি পোৱা নাযাব। ধ্বংস লীলা উপভোগ কৰিবলৈ হয়তো নাথাকিব কোনো দৰ্শক। কেতিয়াও এনে পৰিস্থিতিৰ উদ্ভৱ নহওক। সেয়া কৰিব লাগিলে হয়তো জীৱশ্ৰেষ্ঠৰ নামাকৰণতো কলংক ঘটিব। সেয়েহে প্ৰত্যেকেজন শিক্ষাৰ্থী প্ৰকৃত মানুহ হ’ব লাগিব। চৌপাশে শান্তিৰ নৈ বোৱাব লাগিব। এই আলসুৱা বসুন্ধৰা আৰু ভৱিষ্যত প্ৰজন্মৰ ৰক্ষণাবেক্ষণ প্ৰকৃত মানুহে ল’ব লাগিব। ভৱিষ্যত শান্তিৰ পৃথিৱী এখন যদি আমাক লাগে তেন্তে আমি শিক্ষক, শিক্ষাৰ্থী, অভিভাৱক, সচেতন মহল আৰু চৰকাৰে যথেষ্ট কৰিবলগীয়া আছে। নতুবা যি সময় সমাগত হৈছে নাথাকিব সম্পর্ক গুৰু-শিস্যৰ, নাথাকিব সম্পর্ক পিতৃ-মাতৃৰ, নাথাকিব সম্পর্ক জেষ্ঠ্য- কণিষ্ঠৰ।
					
