সামাজিক মাধ্যম আৰু ইয়াৰ ভয়াবহতা
চন্দনা পাটগিৰী
ৰঙিয়া মহাবিদ্যালয়, ৰাজনীতি বিজ্ঞান বিভাগ
বৰ্তমান সময়ত অতি জনপ্ৰিয় মাধ্যম হৈছে – ফেচবুক, হোৱাটছপ আদি। ইয়াৰ পৰা বহুতো তথ্য আহৰণৰ লগতে ইয়াত নানান কথা শিকিব পৰা যায়। এইখিনি ইতিবাচক দিশক আমি উল্লেখ কৰিবই লাগিব। তাৰোপৰি ইয়াত মানুহ বহু প্ৰকাৰৰ থাকে। এচাম থাকিব – নিজক যিমান পাৰি সাধু দেখুওৱাৰ চেষ্টা চলাব। কবিতা হওঁক, গল্পই হওঁক এনেদৰে লিখিব যাতে সেয়া পঢ়ি এটা ভাব হয় যে মানুহজন অতি অমায়িক। এচাম থাকিব নাৰীৰ বিষয়ে এনেকৈ লিখিব যেন তেওঁ নাৰীক দেৱীৰ দৰে গণ্য কৰে।
এতিয়া আহো মূল কথালৈ – এই যে মানুহবোৰ তেওঁলোকে সামাজিক মাধ্যমত লিখা আৰু বাস্তৱ জীৱনৰ মাজত একাংশৰে বহুত বেছি পাৰ্থক্য থাকে। এটা লিখনিয়ে মানুহৰ ব্যক্তিত্ব প্ৰকাশ নকৰে। এনেকুৱা লোক আছে যিয়ে নাৰীৰ বিষয়ে ইমান সুন্দৰকৈ লিখে অথচ দিনটোৰ মুৰত মাকক ফোন এটা কৰি খৱৰ লবলৈ আহৰি নাই।মাকে খাইছে নে নাই তাৰ কোনো গুৰুত্ব নাই। এনেকুৱাও আছে মানুহৰ আগত বিভিন্ন ধৰণেৰে নিজক নম্ৰ,ভদ্ৰ দেখাই প্ৰলোভিত কৰি নিজৰ স্বাৰ্থ আদায় কৰে।
এই যে আনক দেখুওৱা মানুহ কিছুমান আছে,পাৰিলে তেঁওলোকৰ পৰা দূৰত থাকক। বহুত বেছি নাৰীক সন্মান কৰা দেখাই ফুৰা মানুহবোৰ অতি বিষাক্ত। অতি ভক্তি চোৰৰ লক্ষণ বুলি যে কথা এষাৰ আছে সেয়াই। মানুহৰ দুৰ্বলতাৰ সুযোগ লবলৈ নাপাহৰে- এই শ্ৰেণীটোৱে।