সামাজিক মাধ্যমত আমাৰ ভূমিকা – জয়ন্ত কলিতা

PC-Commbox

সামাজিক মাধ্যমত আমাৰ ভূমিকা

যান্ত্রিক যুগৰ সৈতে সমানে খোজ মিলাবলৈ হলে আমি সামাজিক মাধ্যমৰ সহায় ল’বই লাগিব।সামাজিক মাধ্যমক সুব্যৱহাৰ কৰিলে এজন নিৰক্ষৰ পিছপৰা লোকো সময়ৰ গতিত আগবাঢ়ি যাবলৈ সক্ষম হ’ব পাৰে।কিন্তু মানৱ জীৱনৰ আৰ্শীবাদ স্বৰূপ সামাজিক মাধ্যম এতিয়া বিভিন্ন সময়ত বিভিন্ন সমালোচনাৰ এক বিষয় হৈ পৰিছে।সাম্প্রতিক সময়ত সংঘটিত বিভিন্ন অপৰাধ মূলক কাৰ্য্যৰ বাবে সামাজিক মাধ্যমক দোষাৰোপ কৰা হৈছে।সম্প্রতিক সময়ত সৃষ্ট অপপ্ৰচাৰ,উৰাবাতৰি,ধৰ্মীয় সংঘাট,ইত্যাদিৰ দৰে সমাজ বিৰুধী কাৰ্য্যকলাপ সামাজিক মাধ্যমৰ পৰাই সৃষ্টি হয় বুলি একাংখ্য লোকে স্পষ্টিকৰন দিব ধৰিছে। আজিৰ অভিভাৱক সকলে মোৱাইলৰ পৰা সৃষ্টি হোৱা বিষাক্ত 𝗥𝗮𝗱𝗶𝗮𝘁𝗶𝗼𝗻 কৈ সামাজিক মাধ্যম বোৰহে হে নিজৰ ল’ৰা ছোৱালীৰ বাবে বেছি ক্ষতি কাৰক বুলি বিবেচনা কৰিছে।ইয়াৰ উপৰিও চাইবাৰ ক্ৰাইমৰ বাবে একমাত্র সামাজিক মাধ্যমহে জগৰীয়া বুলি আমাৰ এক ধাৰণা সৃষ্টি হৈছে।আচলতে এনে বোৰ কাৰনৰ বাবে সামাজিক মাধ্যম কেতিয়া দায়ী বা জগৰীয়া হ’ব নোৱাৰে।কাৰণ সামাজিক মাধ্যম আত্ম নিয়ন্ত্রণক নহয়।আজিৰ সমাজৰ লোকে অৰ্থাৎ আমি সামাজিক মাধ্যমক যিদৰে ব্যৱহাৰ কৰিছো ই সেইদৰে ব্যৱহৃত হৈছে।শ্বেক্সপিয়াৰে বিখ্যাত নাটক এখনত স্পষ্ট ৰূপত প্ৰকাশ কৰিছে ” তৰোৱাল খনে কেতিয়াও হত্যাকাৰীক হত্যাকাণ্ড লিপ্ত হ’বলৈ লোভ নেদেখুৱাই ।হত্যাকাৰীহে নিজে হত্যা কৰিবলৈ তৰোৱাল খন দাঙি ধৰে “।
এই ক্ষেত্রত আমি তৰোৱাল খনক দায়ী বুলি কলে নহব।

ফেচবুক ( Facebook) , ইনষ্টাগ্রাম (Instagram), টুইটাৰ ( twitter), ইউটিউব (YouTube), হোৱাটচ এপ (what’s app)আদিৰ দৰে সামাজিক মাধ্যম বোৰ সম্পূর্ণ ব্যৱহাৰকাৰী জনৰ ওপৰত নিৰ্ভৰশীল।ব্যৱহাৰকাৰীয়ে এই সামাজিক মাধ্যম সমূহক যিদৰে ব্যৱহাৰ কৰিব ই তেনেকৈ ব্যৱহৃত হৈ ফল দেখুৱাব।সেই বাবে ব্যৱহাৰকাৰী জন সদায় সজাগ আৰু বিবেচিত হোৱা টো দৰকাৰ।

সামাজিক মাধ্যমত কেতিয়াবা কিছু মান ভিডিও বা বাৰ্তা বাহিৰেও কিছুমান এপ(App)ৰ লিংক (link)বা কিছুমান ভিডিওৰ লিংক (link)ওলাই থকা দেখা পাও।কৌতুহল পূৰনৰ বাবে আমি এনে অজ্ঞাত লিংক(link) বোৰক ক্লিক কৰাৰ পিছতে ব্যৱহাৰকাৰী জনৰ অৰ্থাৎ আমাৰ সম্পূৰ্ণ মোৱাই টো Green hat hacker বা প্ৰাথমিক হেকাৰৰ দ্বাৰা হ্যাক হোৱা সম্ভাৱনা থাকে। গতিকে এনে অজ্ঞাত লিংক( link) বোৰক আমি কৌতুহল পূৰনৰ বাবে কেতিয়াও ক্লিক কৰিব নালাগে।

ইয়াৰ উপৰিও চাকৰিৰ নামত আজি-কালি প্ৰায়ে ফেচবুক, টুইটাৰ,হোৱাটছ্‌ এপ্ আদিৰ দৰে সামাজিক মাধ্যম বোৰত ঠগ-প্ৰবঞ্চকৰ দু-প্ৰভাৱ পৰা দেখা যায় ।‘অনলাইন চাকৰি’ বা ‘অইনলাইন ইনকাম’ৰ নামত ঠগ-প্রবঞ্চকে বিভিন্ন কৌশলৰে সামাজিক মাধ্যমত বিজ্ঞাপনৰ জাৰি কৰে।সামাজিক মাধ্যমত বেমিজালি থকা এনে ধৰণৰ বিজ্ঞাপনক আমি আওকাণ কৰাই ভাল।

তথ্য অনুসৰি সামাজিক মাধ্যমবোৰৰ ভিতৰত অসমৰ যুৱ সমাজৰ মাজত কেৱল ফেচবুকেই সর্বাধিক জনপ্রিয়তা লাভ কৰিছে। ৮৭.৬৭ শতাংশ লোক ইয়াৰ ব্যৱহাৰৰ লগত জড়িত। সেই বাবে হয়তো ফেচবুকত কোনো ভিডিও বা বাৰ্তা আপলোড কৰাৰৰ পিছতে বনপুৰা জুইৰ দৰে সকলোতে বিয়পি পৰে।ফেচবুকত আমি আমাৰ দৈনন্দিন জীৱনত সংঘটিত কিছু মান ঘটনাৰ ভিডিও বা বাৰ্তা বিবেচনা নকৰাকৈ ফেচবুকত আপলোড কৰি দিও । পিছে এনে ধৰণৰ ভিডিও বা বাৰ্তাই কেতিয়াবা বাস্তব সমাজত নেতিবাচক প্রভাৱ পেলোৱাৰ সম্ভৱনা থাকে।বিশেষ কৈ ধৰ্মীয়,ৰাজনৈতিক, সংঘাট আদি।

সামাজিক মাধ্যম ব্যৱহাৰ কৰোতা সকলৰ ছবি, কথা, গীত, ভিডিঅ’, চিহ্ন, বক্তব্য, আদিবোৰ হৈছে সামাজিক মাধ্যমৰ একোটা সামগ্ৰী যি সামাজিক মাধ্যম সমূহৰ জৰিয়তে প্ৰচাৰিত হয় ।কেতিয়াবা এই
ছবি ,কথা,গীতা,ভিডিও,চিহ্ন,বক্তব্য আদি সামাজিক মাধ্যমত ব্যপক হাৰত প্ৰচাৰ হোৱাত আন ব্যৱহাৰকাৰী সকলৰ লাইক, কমেন্ট,চেয়াৰ আদিয়ে অৰিহণা যোগাই।পিছে কেতিয়াবা এনে লাইক বা চেয়াৰৰ ফলত সামাজিক মাধ্যমত অশ্লীল ফটো বা ভিডিও , সামাজ বিৰোধী কথা , বাৰ্তা আদি হঠাৎ সকলতো বিয়পি পৰে আৰু হিংসাত্মক কাৰ্য্যও সৃষ্টি কৰে ।গতিকে সামাজিক মাধ্যমত প্ৰচাৰিত এই ছবি, কথা, গীত, ভিডিও, চিহ্ন, বক্তব্য আদি বোৰত লাইক দিওতে বা চেয়াৰ কৰোতে ব্যৱহাৰকাৰী সকল অৰ্থাৎ আমি সদায় সচেতন হোৱা টো দৰকাৰ।

পৃথিৱীৰ সকলো বোৰ বস্তুকে ভাল আৰু বেয়া দুটা কামত ব্যৱহাৰ কৰিব পাৰি ।এই ক্ষেত্রত ব্যৱহাৰকাৰী জনৰ উদ্দেশ্য নিৰ্ভৰ কৰিব। বাস্তুৱ জীৱনৰ ভুমিকা আৰু সামাজিক মাধ্যমৰ ভূমিকা দুয়োটা পৃথক।
সামাজিক মাধ্যমৰ সকলো গাম্ভীর্যতাক ৰক্ষা কৰি সমাজৰ এজন পৰিপক্ক ব্যক্তি হিচাপে সামাজিক মাধ্যম ব্যৱহাৰকাৰী ৰূপে আমি চিহ্নিত হ’ব লাগে।

জয়ন্ত কলিতা
ৰঙিয়া