সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ডিব্ৰুগড়ৰ চেমিম আখতাৰা আলিলৈ টপ টায়াৰ সন্মান
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ আগবঢ়োৱা অসাধাৰণ উৎকৃষ্টতাৰ স্বীকৃতি স্বৰূপে ডিব্ৰুগড়ৰ চেমিম আখতাৰা আলিক টপ টায়াৰ সন্মান নতুন দিল্লীৰ মাচিনা বানকুই হলত অনুষ্ঠিত বটাঁ বিতৰণী অনুষ্ঠানত বলিউডৰ অভিনেত্রী ভাগ্যশ্ৰীৰ পৰা এই বটাঁটি গ্ৰহণ কৰে চেমিম আখতাৰা আলিয়ে। প্ৰয়াত সাংবাদিক ৰহমত আলি আৰু প্ৰয়াত জেবিন আখতাৰা বেগমৰ দ্বিতীয়া কন্যা তথা ডিব্ৰুগড়ৰ নালিয়াপুল নৱজ্যোতি পথ নিবাসী ইমদাদ ৰাতুল আলিৰ সহধৰ্মিনী চেমিম আখতাৰা আলিয়ে দ্বিতীয়বাৰৰ বাবে এই সন্মান অর্জন কৰিছে। উল্লেখ্যযে ৪ জানুৱাৰীত দিল্লীত এক স্মৰণীয় বঁটা প্ৰদান অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ অসাধাৰণ ব্যক্তিসকলক তেওঁলোকৰ অৱদান আৰু প্ৰেৰণাদায়ক যাত্ৰাৰ বাবে প্ৰতি বছৰে বঁটাৰে সন্মানিত কৰি আহিছে সংস্থাটিয়ে। দেশৰ অন্যতম আগশাৰীৰ ইভেণ্ট কোম্পানীৰ লক্ষ্য কেৱল বঁটা দিয়াই নহয়, বৰঞ্চ গুৰুত্বপূৰ্ণ দিশবোৰ পোহৰলৈ অনাৰ ক্ষেত্ৰতো অনুষ্ঠানটিয়ে পৰ্যালোচনা কৰে।অনুষ্ঠানত বলীউডৰ বিখ্যাত অভিনেত্ৰী ভাগ্যশ্ৰীৰ গ্লেমাৰাছ এণ্ট্ৰি তাৰকাগৰাকীয়ে বঁটা বিজয়ীসকলক সন্মান জনোৱাই নহয়, অ’ৰাৰ এই পদক্ষেপৰ প্ৰশংসাও কৰে। ভাগ্যশ্ৰীৰ দৰে লিব্ৰিটিৰ উপস্থিতিয়ে এই সন্ধিয়াটো আৰু অধিক প্ৰাণৱন্ত কৰি তোলে।
