সান্তনাৰ ভাষা বিচাৰি- নাচিমা য়াচমিন , বিশ্বনাথ চাৰিআলি

P.C Reddit
সান্তনাৰ ভাষা বিচাৰি,,,,
শীতৰ ৰ’দৰ আমেজ লৈ
 কথা পাতি থকা মানুহবোৰ,
ফাগুনৰ তীব্ৰ পছোৱাৰ
ধূলিকণাৰ মাজত
মাথোঁ উৰি গৈ
মাজ-মজিয়াত থমকি ৰয়।
 দুখত আৱদ্ধ হোৱা
কোনো এক হৃদয়,
সান্ত্বনাৰ ভাষা বিচাৰি,
হাবাথুৰি খাই ফুৰা
সময়তেই
ফাগুন আহে ,
জীৱনৰ গুৰুত্বপূৰ্ণ
পাঠ এটিৰ জ্ঞান দিবলৈ।
সকলো হেৰুওৱাৰ পাছত
যিখিনি ৰৈ যায়
সেইখিনিহে আপোন,
সেইবোৰতেই সুখ বিচাৰি চোৱা,
আৰু অপেক্ষা কৰা
জীৱনৰ ৰঙীণ কুঁহিপাতলৈ।