সাধু এটা কোৱাচোন
অ” আইতা আহাচোন চোতালৰে মাজলৈ,
সাধু এটা কোৱাচোন জোনবাইৰ তলতে,
অ” ককা আহাচোন নাতি কেইটাৰ কাষলৈ,
সাধু এটা কোৱাচোন নিহালিৰ তলতে।
সম্ভৱ আমি চাগে প্ৰজন্ম শেষৰ,
হেঁপাহেৰে সাধু শুনা বৰ জনৰ মুখৰ।
ক্ৰমে ক্ৰমে লুপ্ত আজি আমাৰে মাজত,
এলাগী হৈ ৰল আজি শিশুৰ মনত।
শুনা নাই কি আমি সাধুৰে মাজত!
পৌৰাণিক আখ্যানৰ বীৰৰ গাঁথা,
যুগে যুগে প্ৰচলিত অসংখ্য কথা,
শুনা নাই কি আমি সাধুৰে মাজত!
পুলকিত মন বোৰত ঢৌ খেলে সুখে বাৰে বাৰে।
শুনা নাই কি আমি সাধুৰ মাজত!
ইটো সিটো বহুতো জ্ঞানৰে কথা,
প্ৰয়োজন সিহঁতক বাৰে বাৰে জীৱনত।
সাধু মানে এটি মাত্ৰ কাহিনী নহয়,
শৈশৱৰ এখন এমুঠি সুখৰ সাগৰ,
ককা আইতাৰ এমুঠি স্মৃতি স্বৰূপ,
সোণালী সোণৰ যেন এটুকুৰা জীৱনৰে সময়।
আজি হেৰাইল সেই সময়, কোনোবা অজান গহ্বৰত,
প্ৰবাহমান, গতিশীল সময়ৰ সোঁতত উটি গ’ল,
ককা আইতাৰ কোলাত বহি শুনা
সপোন জগতত উটি ভাঁহি ফুৰা দিনবোৰ,
সু- কোমল শব্দৰে সৰল ভাষাৰে
শুৱলা মাতেৰে কোৱা এটি দুটি বহু কাহিনীৰ দিনবোৰ,
অনুপম জীৱনৰ এটি অনুপম সময়ৰে টুকুৰা।
মাথোঁ নষ্টালজিক হৈ থাকি গ’ল মনৰে মাজত।
মুন শৰ্মা, বছাগাঁও, লখিমপুৰ