সাত ৰাজ্যৰ ১৩ বিধানসভা সমষ্টিৰ দুখন আসনতে ক্ষান্ত বিজেপি

Pc The Economic Times

সাত ৰাজ্যৰ ১৩ বিধানসভা সমষ্টিৰ দুখন আসনতে ক্ষান্ত বিজেপি

ৰঙিলী বাৰ্ত্তাসেৱা- সাত ৰাজ্যৰ ১৩ বিধানসভা সমষ্টিৰ উপ- নির্বাচনত প্রত্যাশিত ফলাফল লাভ নকৰিলে বিজেপি তথা শাসকীয় এনডিএই। সদ্য ঘোষিত সাত ৰাজ্যৰ ১৩ বিধানসভা সমষ্টিৰ ১০খন আসনতেই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈ কংগ্ৰেছ, তৃণমূল কংগ্রেছ, আপ, ডিএমকেসহ ইণ্ডিজোঁটৰ অংশীদাৰ দলসমূহে ।বিহাৰৰ ৰূপাউলি বিধানসভা সমষ্টিত বিজয়ী হৈছে নির্দলীয় প্রার্থী।ঘোষিত ফলাফল অনুসৰি কংগ্ৰেছ-তৃণমূল কংগ্ৰেছে চাৰিটাকৈ, বিজেপিয়ে দুটা, আপ-ডিএমকেই এটাকৈ আৰু নির্দলীয়ই এটা বিধানসভা সমষ্টিত জয়ী হৈছে। উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পাছতে সাত ৰাজ্য ক্ৰমে পঞ্জাব, তামিলনাডু, পশ্চিমবংগ, হিমাচল প্রদেশ, উত্তৰাখণ্ড, মধ্যপ্ৰদেশ আৰু বিহাৰৰ ১৩টা বিধানসভা সমষ্টিত উপ-নির্বাচন অনুষ্ঠিত হৈছিল। সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি পঞ্জাবৰ শাসকীয় আপৰ প্ৰাৰ্থী মহিন্দাৰ ভগতে জলন্ধৰ পশ্চিম বিধানসভা সমষ্টিত জয়লাভ কৰিছে। তামিলনাডুতো শাসকীয় ডিএমকেৰ আন্নিউৰ ছিবাই জয়ী হৈছে বিক্ৰাৱন্দি বিধানসভা সমষ্টিত। উপ-নির্বাচন অনুষ্ঠিত পশ্চিমবংগৰ চাৰিওটা সমষ্টিত নিজৰ দখললৈ নিবলৈ সক্ষম হয় মুখ্যমন্ত্রী মমতা বেনার্জী নেতৃত্বাধীন তৃণমূল কংগ্রেছে। দলটোৰ প্ৰাৰ্থী কৃষ্ণা কল্যাণীয়ে ৰায়গঞ্জ বিধানসভা সমষ্টিত বিজেপিৰ মানস কুমাৰ ঘোষ, মুকুট নমি অধিকাৰীয়ে ৰাণাঘাট দক্ষিণ বিধানসভা সমষ্টিত বিজেপিৰ মনোজ কুমাৰ বিশ্বাস, মধুপর্ণ ঠাকুৰে বাগদা বিধানসভা সমষ্টিত বিজেপিৰ বিনয় কুমাৰ বিশ্বাস আৰু সুপতি পাণ্ডেয়ে মাণিকতলাত বিজেপিৰ কল্যাণ চুবেক পৰাস্ত কৰে। সেইদৰে হিমাচল প্ৰদেশত মুখ্যমন্ত্রী সুখবিন্দৰ সিং সুখুৰ পত্নী তথা কংগ্ৰেছ প্রার্থী কমলেশ ঠাকুৰে ডেহৰা বিধানসভা সমষ্টিত বিজেপিৰ হোশিয়াৰ সিঙক পৰাস্ত কৰি বিজয়ী হৈছে। নলাগড় বিধানসভা সমষ্টিত বিজেপিৰ কে এল ঠাকুৰক পৰাজিত কৰিবলৈ সক্ষম হয় কংগ্ৰেছ প্রার্থী হৰদীপ সিং বাৱাই। উপ- নির্বাচন অনুষ্ঠিত ৰাজ্যখনৰ আনটো সমষ্টি হামিৰপুৰত জয়ী হৈছে বিজেপি। দলটোৰ প্ৰাৰ্থী আশিস শৰ্মাই কংগ্ৰেছৰ পুষ্পিন্দৰ বাৰ্মাক পৰাজিত কৰে। উত্তৰাখণ্ডৰ বদ্রীনাথ আৰু মংগলপুৰ বিধানসভা সমষ্টিত বিজয়ী হৈছে কংগ্ৰেছ প্রার্থী ক্রমে লাখপাট সিং বুটোলা আৰু কাজি মহম্মদ নিজামুদ্দিনে। মধ্যপ্ৰদেশৰ অমৰৱাড়া বিধানসভা সমষ্টিত বিজেপিৰ কমলেশ প্রতাপ শ্বাহ জয়ী হৈছে। বিহাৰৰ ৰূপাউলিত জয়ী হোৱা নির্দলীয় প্রার্থীজন হ’ল শংকৰ সিং।