” সাতসৰী ” সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থা – অসমৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আয়োজন: দুদিনীয়া বিস্তৃত কাৰ্যসূচী : লোকশিল্পী বিষ্ণু দাসক ডা০ বীণা পাত্ৰ সাতসৰী সংগীত সাধনা বঁটা:
অসম ভিত্তিত বিয়ানাম প্ৰতিযোগিতাৰ আয়োজন
নামনি মাজুলীত ব্যাপক প্ৰস্তুতি :
বিকাশ শইকীয়া, মাজুলী,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ অগ্ৰণী মহিলা সংগঠন ” সাতসৰী – সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থা’- অসম ” ৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস এইবাৰ নামনি মাজুলীত উদযাপন কৰা হ’ব। মাজুলী জিলাৰ সাতসৰী আশাপূৰ্ণা শাখাৰ সহযোগত অহা ১৩ আৰু ১৪ ছেপ্টেম্বৰত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে নামনি মাজুলীৰ গোৱালগাঁও তৰুণ নাট্য সমাজৰ প্ৰেক্ষাগৃহত উক্ত প্ৰতিষ্ঠা দিৱস পালন কৰিব। উক্ত, প্ৰতিষ্ঠা দিৱস উপলক্ষে ১৩ ছেপ্টেম্বৰত সদৌ অসম ভিত্তিত মহিলাসকলৰ মাজত দলীয় বিয়া নাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। সংগঠনটোৰ ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ১৩ ছেপ্টেম্বৰত পুৱা গছপুলি ৰোপণ কৰিব স্থানীয় জ্যেষ্ঠ নাগৰিক জয়ৰাম বৰাই। পুৱা ৯’ বজাত পতাকা উত্তোলন কৰিব সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থা- অসমৰ সভানেত্ৰী তথা প্ৰিয় নাৰী ড০ মন্দিৰা বৰুৱাই। তাৰপিছত বন্তি প্ৰজ্বলন কৰিব ধৰ্মপ্ৰাণা মহিলা স্বৰ্ণ বৰাই। সেইদিনা পুৱা দহ বজাৰ পৰা সদৌ অসম ভিত্তিত মহিলাৰ দলীয় বিয়া নাম প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। মাজুলী জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী মণিকা মহন্তই উদ্বোধন কৰিব লগীয়া উক্ত বিয়া নাম প্ৰতিযোগিতাখন সঞ্চালনা কৰিব সাতসৰী অসমৰ সদস্যা তৃপ্তি হাজৰিকা আৰু বিজু হাজৰিকাই। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব সাতসৰী- অসমৰ উপ সভানেত্ৰী অৰুণিমা বৰাই। সন্ধিয়া আঠ বজাৰ পৰা প্ৰতিষ্ঠা দিৱস উপলক্ষে সাতসৰী আশাপূৰ্ণা শিল্পী সমাজে “শোণিত কুঁৱৰী” নাটক মঞ্চস্থ কৰিব। উক্ত, নাটক উদ্বোধন কৰিব সাতসৰী- অসমৰ সদস্যা জ্যোতি বৰুৱাই । অনুষ্ঠানত বাঁহী বাদন পৰিৱেশন কৰিব বিশিষ্ট শিল্পী অঞ্জলি গোস্বামীয়ে । উক্ত, প্ৰতিষ্ঠা দিৱস উপলক্ষে ১৪ ছেপ্টেম্বৰত পুৱা দহ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব। সাতসৰী সামাজিক সাংস্কৃতিক উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ড০ মন্দিৰা বৰুৱাই সভাপতিত্ব কৰিব লগীয়া মুকলি সভাখন উদ্বোধন কৰিব সাতসৰী -অসমৰ মুখ্য পৰামৰ্শদাতা মৈনাক পাত্ৰই । সাতসৰী আশাপূৰ্ণা মাজুলী শাখাৰ সভানেত্ৰী গায়ত্ৰী হাজৰিকাই আদৰণী ভাষণ দিবলগীয়া সভাত মুখ্য অতিথি হিচাপে মাজুলীৰ বিধায়ক ভুবন গামে অংশগ্ৰহণ কৰিব। সভাত সন্মানীয় অতিথি হিচাপে মাজুলীৰ জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক আৰু জ্যেষ্ঠ বিজ্ঞানী ড০ হেমেন হাজৰিকাই অংশ গ্ৰহণ কৰিব। সভাত বিশিষ্ট অতিথি হিচাপে অলি বৰা, ললিত চন্দ্ৰ হাজৰিকা, বাচাৰাম বৰুৱা আৰু সুভদ্ৰা বৰাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানত শিশু আলোচনী ” শিশু সম্ভাৰ” উন্মোচন কৰিব সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ উপ সভানেত্ৰী মিনতি শইকীয়াই। উক্ত, মুকলি সভাত ডা০ বীণা পাত্ৰ সাতসৰী সংগীত সাধনা বঁটা -২০২৫ প্ৰদান কৰিব, মাজুলীৰ বিশিষ্ট লোক শিল্পী বিষ্ণু দাসক। মুকলি সভাত সদৌ অসম বিয়া নাম প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হ’ব। সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব সাতসৰী আশাপূৰ্ণা মাজুলী শাখাৰ সম্পাদিকা শিখা ভূঞা মূদৈয়ে । উক্ত, ২৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ইতিমধ্যে নামনি মাজুলীত ব্যাপক প্ৰস্তুতি চলায় আছে। দিনে নিশাই মহিলাসকলে শোণিত কুঁৱৰী নাটকৰ আখৰাত ব্যস্ত হৈ পৰিছে। উক্ত,দুয়োদিনৰ সকলো কাৰ্যসূচীতে মাজুলীৰ ৰাইজৰ সহায় সহযোগ আৰু উপস্থিতি সাতসৰী – অসমৰ প্ৰতিষ্ঠাপক সভানেত্ৰী ড০ মন্দিৰা বৰুৱা আৰু মাজুলী জিলা সাতসৰী আশাপূৰ্ণা শাখাৰ সভানেত্ৰী গায়ত্ৰী হাজৰিকা আৰু সম্পাদিকা শিখা ভূঞা মূদৈয়ে ৰাইজক অনুৰোধ জনাইছে।