সাতটা সমষ্টিৰ বাবে ইউপিপিএলে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা

সাতটা সমষ্টিৰ বাবে ইউপিপিএলে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা

ৰঙিলী বাৰ্ত্তাসেৱা-৯ এপ্রিলত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে সোমবাৰে নিশা ইউপিপিএল দলেও সাতটা সমষ্টিৰ বাবে নিজৰ প্রার্থী তালিকা ঘোষণা কৰিছে। কোকৰাঝাৰস্থিত ইউ পি পি এল দলৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদমেলত দলৰ সাধাৰণ সম্পাদক ৰাজু কুমাৰ নাৰ্জাৰীয়ে প্ৰথম পৰ্যায়ত সাতটা সমষ্টিৰ প্ৰাৰ্থী নাম ঘোষণা কৰে ।দলটোৱে প্ৰকাশ কৰা তালিকা অনুসৰি দলৰ সভাপতি প্রমোদ বড়োৱে নিজেই ৪৩নং তামুলপুৰ (এছ টি) সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তদুপৰি অনিন্দ বসুমতাৰীয়ে ১নং গোসাঁইগাঁও সমষ্টিৰ পৰা, ৰাজু কুমাৰ নাৰ্জাৰীয়ে ২নং দোতমা (এছটি) সমষ্টি, লৰেঞ্চ ইছলাৰীয়ে ৩নং কোকৰাঝাৰ (এছ টি) সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ’ব। ইয়াৰ উপৰি দলটোৱে ৪৫নং ভেৰগাঁৱৰ পৰা নেৰছন বড়ো, ৪৬নং ওদালগুৰি (এছ টি) সমষ্টিৰ পৰা দীপেন বড়ো আৰু ২০নং বিজনী সমষ্টিৰ পৰা কমলছিং নাৰ্জাৰীক প্রার্থিত্ব প্রদান কৰিছে। উল্লেখ্য যে ভাৰতীয় নির্বাচন আয়োগে নির্বাচনী আচৰণ বিধি বলৱৎ কৰাৰ পিছত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দলে নির্বাচনী প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে আৰু ইয়াৰ মাজতে ইউপিপিএলে প্রার্থী তালিকা ঘোষণা কৰে।