সাজ – পাৰ , সন্তান আৰু অভিভাৱক
( ১)
মই তেতিয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আছিলো ৷
আমাৰ ঘৰৰ কাষৰ মানুহঘৰৰ ছোৱালী তিনিজনী , ল’ৰা এটা ৷ ডাঙৰ বায়েকে সৰু ভনীয়েকক ল’ৰাই পিন্ধা পোচাক পিন্ধাইছিল ৷ মানে , হাফ পেণ্ট আৰু হাফ চাৰ্ট ৷ চুলিখিনিও ল’ৰাই কটাৰ দৰেই কাটিছিল , বব কাট ৷ কিছুমানে কৈছিল ,
“ ঐ , ভনীয়েৰক ল’ৰা সজাইছ যে !’’
“ আমাৰ ল’ৰা এটাহে ৷ সেয়ে এইকো ল’ৰা কৰি দিছো ৷’’
স্কুলত নাম লগাওঁতেহে সমস্যাটো আহিল ৷
তাই ফ্ৰক ( ইউনিফৰ্ম ) নিপিন্ধে ৷ স্কুলতো ল’ৰাৰ সাজ ছোৱালীক পিন্ধিবলৈ নিদিয়ে ৷
সেয়ে এটা বছৰ লোকচান হ’ল ৷
পিছৰ বছৰ তাই ফ্ৰক পিন্ধিবলৈ মান্তি হ’ল ৷ কিন্তু , এটা চৰ্ত্ততহে ৷ স্কুলতহে ফ্ৰক পিন্ধিব ৷
মই অষ্টম শ্ৰেণীত পঢ়ি থাকোঁতে বায়েকৰ বিয়া হ’ল ৷ আঠ মঙলাত ভিনিয়েকে ফ্ৰক দিলত তাই কান্দি – কাটি হুলস্থূল লগালে ৷ পুনৰ ল’ৰাৰ সাজ দিবলগীয়া হ’ল ৷
( ২)
মই তেতিয়া ন – বোৱাৰী আছিলো ৷
আমাৰ ঘৰৰ কাষত থকা বজাৰখনত গাঁৱৰে দাদা এজনে দোকান দিয়ে ৷ মাজে সময়ে সপ্তম শ্ৰেণীত পঢ়া ছোৱালীজনীয়ে দেউতাকক দোকানত চাহ দিবলৈ যায় ৷
এদিন ৰাতি ভাত খাই উঠি দেউতাকে মাকক সুধিলে ,
“ আজি যে ডাঙৰ মাক ( ছোৱালী জনীক “ডাঙৰ মা’’ মাতে ) দোকানলৈ চাহ দিবলৈ পঠিয়াইছিলা , কি পিন্ধি গৈছিল চাইছিলা নে ?’’
“ স্কাৰ্ট আৰু স্পৰ্টিং ৷ কি হ’লনো ? ’’
“ আজিৰ পৰা সেই যোৰ পিন্ধি ঘৰৰ বাহিৰলৈ যাবলৈ নিদিবা ৷ বৰ বেয়া দেখিছো ৷ গ্ৰাহক আৰু দোকানীবোৰৰ ওচৰত নিজেই লাজ পাইছোঁ ৷ মাক হৈছা যেতিয়া সতৰ্ক হ’বা ৷’’
ছোৱালীয়েও বেয়া দেখা কাপোৰ নিপিন্ধা হ’ল ৷
( ৩)
দুৰ্গা পূজাৰ সপ্তমীৰ দিন ( প্ৰথম ক’ৰণা হোৱাৰ আগে আগে ) ৷
স্বামীৰ সম্পৰ্কীয় পৰিয়াল এটা আমাৰ ঘৰলৈ ফুৰিবলৈ আহিল ৷ মাকে দেউতাকৰ লগত কলেজত পঢ়ি থকা ছোৱালীজনীক কাপোৰ কিনিবলৈ পঠিয়ালে৷ ভিৰ আছিল বাবে দেউতাক দোকানৰ বাহিৰত ৰৈ থাকিল ৷
ঘৰলৈ অহাৰ পিছত মাকে ক’লে “ দেখুৱাচোন কি কাপোৰ আনিলি ৷’’
জীয়েকৰ হাতৰ পৰা পেকেটটো লৈ মাকে কাপোৰযোৰ বিছনাত মেলি দিলে ৷ পেণ্টটো ভৰিৰ সৰু গাঠি ঢাক খোৱা ৷ ওপৰত পিন্ধাটো দেখি মোৰ চকু কপালত উঠিল ৷ এইটো পিন্ধি মানুহৰ আগত বাদেই , দেউতাকৰ আগত কেনেকৈ ওলাব ! বুকুৰ ফালে মাথো এবেগেত কাপোৰৰ বিপৰীতে পিঠিৰ ফালে ৰছী দুডাল ৷ মোৰ ভাৱনাত যতি পেলাই মাকে খঙেৰে ক’লে ,
“ মই থকালৈকে এনেকুৱা কাপোৰ পিন্ধিব নোৱাৰ ৷’’
মাকে জীয়েকক লগত লৈ কাপোৰযোৰ সলাই আনিলে ৷
( ৪ )
আমাৰ কাষতে কলেজত পঢ়ি থকা ছোৱালীজনীৰ লগত মাক থাকে ৷ প্ৰথমতে হাফ পেণ্ট পিন্ধি থকা সময়ত ছোৱালীজনীক মাতিবলৈ আমাৰ ল’ৰাৰ লগতে দেউতাকেও ( মইও ) সঙ্কোচ কৰে (আন সময়ত মাত বোল কৰোঁ ) ৷ পিছলৈ কথা বতৰা পাতোতে পাতোতে ছোৱালীজনীক এদিন পাকে প্ৰকাৰে বুজাই দিলো যে উৰু উলিয়াই কাপোৰ পিন্ধিলে মাতিবলৈ সঙ্কোচ হয় ৷
তাই হাঁহি মাৰি ক’লে , “ মইতো সৰুৰে পৰাই পিন্ধাে ৷’’
( ৫ )
“ বাইদেউ , দত্তনী বাইদেউৰ জীয়েকৰ কাইলৈ আঙুঠি পিন্ধােৱা ৷ আজিও হাফ পেণ্ট পিন্ধি আছে ৷আচৰিত দেই !’’
“ তোমাৰ কলেজত পঢ়া ছোৱালীকো দেখোন উৰু উলিয়াই হাফ পেণ্ট পিন্ধিবলৈ দিয়া !’’
“ মোৰ ছোৱালী তাইতকৈ সৰু ৷’’
“ তোমাৰ ছোৱালীৰ লগত দত্তনী জীয়েকৰ শৰীৰৰ অঙ্গ – প্ৰত্যঙ্গবোৰ নিমিলে নেকি ? ’’
– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি (তিনি আলি ) ৷