সাগৰে নাজানিলে তোমাৰ বিশালতা
মাৰ্জিনা বেগম, বৰপেটা
সাগৰে নাজানিলে তোমাৰ বিশালতা
সেয়েতো শুও বুলোতেই শুৱাই ল’লে বুকুত
উশাহটোকে সামৰি লৈ চিৰদিনৰ বাবে
পাহৰিলে উভতাই দিব আইৰ সন্তান আইৰ কোমল কোলাত ….
তুমি ভালপোৱা সাগৰখনক আজি প্ৰশ্ন কৰিছোঁ জুবিন দা —
“হে সাগৰ, শুনিছানে তুমি
যি নদী বৈ বৈ তোমাৰ বুকুত মিলে গৈ
সেই নদী ৰৈ ৰৈ বিনাইছে জুবিনদাৰ “মায়াবিনী” হৈ
তোমাৰ বুকু কঁপা নাই নে?
আকাশে-বতাহে কান্দিছে মেঘৰ আঁৰে আঁৰে
প্ৰকৃতিৰ অংগে অংগে বিয়পিছে তাৰ সুৰ
তোমাৰ বাৰু নকঁপে নে হিয়া?”
“হে সাগৰ, শুনিছানে তুমি
অসমীয়াৰ প্ৰাণ অসমীয়াৰ বুকু লৈ উভতিছে
কিন্তু তুমি বৰ নিষ্ঠুৰ
ভাল পাওঁ বুলি ক’লেই জানো
ৰাখি থ’ব লাগেনে চিৰসেউজ উশাহ…
ক’লা কফিনে গিলিছে হিয়াৰ আমঠুক
ধুমুহাৰ সৈতে নাচি থকা দেহটোও আজি নিস্তব্ধ
তোমাৰ কষ্ট হোৱা নাই নে?
তেওঁ যে তোমাক অসীম ভাল পালে।”
জুবিন দা…
বংগোপসাগৰে নাজানে তোমাৰ কথা
তোমাৰো যে নিজস্ব মানুহৰ সাগৰ এখন আছে
য’ত আছে তোমাৰ প্ৰাণৰ প্ৰেয়সী
য’ত লাখ লাখ বলিয়া অনুৰাগী
য’ত কেৱল তোমাৰ জয় গান
তোমাৰ সুৰৰ কলতান,
কিন্তু সেই সাগৰকে সাৱটি গান গাই
যাব লাগে নে তুমি আপোন সাগৰখন এৰি!!
গানৰ কথাৰেই কৈ গ’লা জীৱনী
উদাৰতাৰ , বিশালতাৰ, মানৱীয় মহান সত্তাৰ বহু কথা
কিদৰে পাহৰিব কোৱা তোমাৰ সুৰৰ অনুৰাগ
জাকে জাকে গোটালা যে কত মানুহ
তোমাৰ অবিহনে কিদৰে জীয়াব কোৱা!
দেখা নাই আমি পবিত্ৰ আত্মা বিষ্ণু – জ্যোতিৰ
দেখা নাই আমি সুধাকণ্ঠ ভূপেন হাজৰিকাক আৰু কত শিল্পী
ইতিহাস লুটিয়াই আঁকি থৈছোঁ বুকুত;
কিন্তু, দেখিছোঁ তোমাৰ বুকুৰ বিশালতা
হৃদয়ৰ সীমা হীন অদ্বিতীয় উদাৰতা
তৰা ভৰা আকাশখনৰ দৰেই ….
প্ৰকৃত সময়ৰ আহ্বান নেওচি কিয় বাচি ল’লা
দূৰণিৰ অজান দেশ…. মেঘৰ সিপাৰে
দূৰ পোহৰৰ তৰাৰ চহৰত!
জনমে জনমে ইতিহাস গঢ়িব বহুজনে
জনসুমুদ্ৰৰ বিশাল ঢৌত উটি – ভাঁহি গৈ তুমি এজনেই,
আধৰুৱা কাহিনী লিখি থৈ গ’লা নিজে হাতে
সোণৰ আখৰে ডাৱৰে-ধুমুহাৰ ভাষাৰে
অসমী আইৰ সেন্দুৰীয়া পৃষ্ঠাতে,
জগতে জানিলে তুমি নোহোৱৰ বাতৰি
ইও যে জানিলে তুমি আছা চিৰদিন…
ৰাতিবোৰ সাৰে আছে
সাৰে আছে জনতাৰ ঢল
সাৰে আছে তোমাৰ সুৰীয়া সংগীত —
“মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি…”।
কোৱা সুৰৰে পানচৈ,হে মহান শিল্পী!
এটি এটি নিশা কিদৰে আদৰিম
তোমাৰ অবিনশ্বৰ আত্মাক ,
হৃদয়ত থাপিম নে থাপনাত
মুখেৰে কওঁ নে সাঁচি ৰাখোঁ ভাবনাত !!