সাউকুছিত গ্ৰীষ্মকালীন কৰ্মশালা

সাউকুছিত গ্ৰীষ্মকালীন কৰ্মশালা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ সাউকুছিস্থিত “ফেৰেংগাদাউ”ৰ দ্বাৰা আয়োজিত গ্ৰীষ্মকালীন সঙ্গীত শিক্ষাৰ সামৰণি, মৰমলেণ্ডৰ গ্ৰন্থমেলা, কবিতা, গল্প পাঠৰ মনোগ্ৰাহী অনুষ্ঠানত কবি গিৰীণ গোপ, পৰ্যবেক্ষক সুচিত্ৰা ৰাভাই অংশ গ্ৰহণ কৰো।মুঠ উনৈশ গৰাকী কবিয়ে কবিতা আৰু ন গৰাকী গল্পকাৰে তেওঁলোকৰ স্বৰচিত কবিতা আৰু গল্প পাঠ কৰে।আন গল্পকাৰ সকলৰ লগতে ” জাগৃতি কালচাৰেল ইন্সটিটিউট”ৰ সদস্যা বিৰিণামনি দত্ত,শতৰূপা শৰ্মা আৰু ইয়াকুব আলীয়ে স্বৰচিত গল্প পাঠ কৰে।কবি শান্তনু শৰ্মা, গুনীন চৌধুৰী, দীনেশ গোস্বামী, ডিম্বেশ্বৰ ৰায়, মৰম কুমাৰ, প্ৰগতিশীল গায়ক দীপক কুমাৰ দত্ত উপস্থিত থাকে৷ দুগৰাকী কণমানি- পাখিপ্ৰিয়া মহন্ত আৰু কংকনা বৰুৱাৰ কবিতা আবৃত্তিয়ে সকলোৰে অন্তৰ চুই গ’ল। কবিতা ঠাকুৰীয়া, হৃষিকেশ আৰু বিকাশৰ গানে সকলোকে মুগ্ধ কৰে৷