সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ বঁটা ঘোষণা

Pc The janambhumi

সাংস্কৃতিক সঞ্চালকালয়ৰ ২০২‍১ বৰ্ষৰ বঁটা ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা- নৃত্য-পটিয়সী শাৰদী শইকীয়া আৰু চিত্রশিল্পী চন্দ্রকমল গগৈলৈ আগবঢ়োৱা হৈছে ‘বিষ্ণু ৰাভা বঁটা’।নাগালেণ্ডৰ লোক-সংস্কৃতিৰ গৱেষক ড০ অনুংলা আয়াৰলৈ আগবঢ়োৱা হৈছে ‘কালীচৰণ ব্রহ্ম ৰাষ্ট্রীয় বঁটা’৷গৱেষক-পণ্ডিত ড০ নৰেন কলিতালৈ আগবঢ়োৱা হৈছে ‘কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্রীয় বঁটা’।লোকতত্ত্ববিদ ড০ অমলেন্দু ভট্টাচাৰ্যলৈ ‘আজান পীৰ ৰাষ্ট্রীয় বঁটা’ ঘোষণা।বিশিষ্ট অভিনেত্রী মৃদুলা বৰুৱালৈ আগবঢ়োৱা হৈছে ‘পাৰ্ৱতিপ্রসাদ বৰুৱা বঁটা’।লেখিকা ইলা বৰগোহাঁইলৈ ‘অমলপ্রভা দাস বঁটা’।লীলাৱতী কুশ্রেলৈ ‘চন্দ্রপ্রভা শইকীয়ানী বঁটা’।ঔপন্যাসিক ফণীন্দ্র কুমাৰ দেৱ চৌধুৰীলৈ ‘মামণি ৰয়ছম গোস্বামী বঁটা’।সাহিত্যিক ছবিলাল উপাধ্যায়লৈ ‘চৈয়দ আব্দুল মালিক বঁটা’।অনাতাঁৰ শিল্পী-ঘোষক চৈয়দ ছাদুল্লালৈ ‘আহমদ আলী বাঁশকান্দি বঁটা’।কবি বংশী বৰালৈ ‘গণেশ গগৈ বঁটা’।সমাজ সেৱক হেমন্ত গোহাঁইলৈ ‘স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা’।নৃত্য-শিল্পী ননী বৰুৱালৈ ‘শোণিত কোঁৱৰ গজেন বৰুৱা বঁটা’।