সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বিষ্ণু ৰাভা দিৱস উদযাপন

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত বিষ্ণু ৰাভা দিৱস উদযাপন
ৰঙিলী বাৰ্ত্তাসেৱা-  সমগ্ৰ অসমৰ লগতে ডিব্ৰুগড় জিলাতো সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু  ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত জিলা গ্ৰাম্য উন্নয়ন অভিকৰনৰ জাগৃতি প্ৰেক্ষাগৃহত  বৰ্ণাধ্য কাৰ্য্যসূচীৰে “বিষ্ণু ৰাভা দিৱস” উদযাপন কৰা হয়। কাৰ্যসূচীৰ আৰম্ভণিতে  জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস প্ৰমূখ্যে উপস্থিত অন্যান্য বিশিষ্ট ব্যক্তিসকলেও  মহান শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অতিৰিক্ত জিলা আয়ুক্ত জিন্টু বৰাই আঁত ধৰা বিষ্ণু ৰাভা দিৱসৰ কাৰ্য্যসূচীত বিশিষ্ট সংগীত শিল্পী ভূৱন চন্দ্ৰ গগৈয়ে বৰেণ্য শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ অমূল্য সৃষ্টিৰাজিৰ বিষয়ে আলোকপাত কৰাৰ লগতে সংগীত পৰিবেশন কৰে। ইয়াৰ উপৰিও কাৰ্য্যসূচীত  সংগীত মহাসংগ্ৰামত ডিব্রুগড় জিলা ভিত্তিক প্ৰতিযোগিতাত পুৰস্কাৰ প্ৰাপক কেইবাগৰাকী শিল্পীয়ে মহান শিল্পীগৰাকীক সুৱঁৰি সংগীত পৰিবেশন কৰে।  কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে নৱপ্ৰজন্মক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অমূল্য সৃষ্টিৰাজিৰ বিষয়ে অৱগত হ’বলৈ আহ্বান জনায়। কাৰ্যসূচীত নৃত্যাংগন কলা কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে নৃত্য পৰিবেশন কৰা লগতে বিশিষ্ট বেহেলা বাদক চন্দনা শৰ্মাই বেহেলা বাদনেৰে ৰাভা সংগীত পৰিবেশন কৰে ।