সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তই আক্ৰমণ কৰা ঘটনাক গৰিহণা আম আদমি পাৰ্টীৰ

Pc Wikipedia

সাংসদ ৰকিবুল হুছেইনক দুর্বৃত্তই আক্ৰমণ কৰা ঘটনাক গৰিহণা আম আদমি পাৰ্টীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰূপহীহাটত ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু তেখেতৰ দেহৰক্ষীৰ ওপৰত দিন দুপৰতে দুর্বৃত্তই আক্ৰমণ কৰা ঘটনাক আম আদমি পার্টীয়ে তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক শীঘ্ৰে কৰায়ত্ত কৰি উচিত শাস্তি বিহিবলৈ দাবী জনাইছে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিযোগে আপৰ ৰাষ্ট্ৰীয় নেতা ডাঃ ভবেন চৌধুৰীয়ে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাই কয় যে বর্তমান হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰৰ গৃহ বিভাগে এজন সাংসদকে নিৰাপত্তা দিব পৰা নাই, তেন্তে অসমৰ সাধাৰণ নাগৰিকৰ কি নিৰাপত্তা দিব। এইয়া গৃহ বিভাগৰ চূড়ান্ত বিফলতা। লগতে ২০২৬ অসম বিধানসভা নিৰ্বাচনৰ আগত হিমন্ত বিশ্ব শর্মাই অসমত বিহাৰ, উত্তৰ প্ৰদেশৰ দৰে অশুভ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিব বিচাৰিছে বুলি ডাঃ চৌধুৰীয়ে অভিযোবগ উত্থাপন কৰে৷