সাংসদ পুঁজিৰ কেলেংকাৰি সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাক ৫ ঘণ্টা জেৰা

সাংসদ পুঁজিৰ কেলেংকাৰি সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাক ৫ ঘণ্টা জেৰা

ৰঙিলী বাৰ্ত্তাসেৱা-  বহুচৰ্চিত ৰাজ্যসভাৰ সাংসদ পুঁজিৰ কেলেংকাৰি সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাক চিএম ভিজিলেঞ্চে জেৰা চলায়। চিএম ভিজিলেঞ্চৰ চমনমৰ্মে সোমবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত উলুবাৰীৰ মুখ্য কাৰ্যালায়ত আহি উপস্থিত হয় ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা। প্রায় চাৰে পাঁচ ঘণ্টাজুৰি ভিজিলেঞ্চৰ তদন্তকাৰী বিষয়াই সাংসদগৰাকীক জেৰা চলায়। উল্লেখ্য যে ২০২১-২২ আৰু ২০২২-২৩ বিত্তীয় বৰ্ষৰ সাংসদ পুঁজিৰ অধীনত সম্পন্ন হোৱা কেইবাটাও নির্মাণ কামত ভয়ংকৰ বিত্তীয় জালিয়াতি সংঘটিত হৈছিল। পৰৱৰ্তী সময়ত অর্থাৎ ২০২৩ বর্ষত চিএম ভিজিলেঞ্চে উক্ত কেলেংকাৰি সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত প্রক্রিয়া আৰম্ভ কৰিছিল। সাংসদ অজিত কুমাৰ ভূঞাৰ সাংসদ পুঁজিৰ অধীনত আবণ্টিত ধনৰ দ্বাৰা গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও নিৰ্মাণৰ প্ৰকল্পৰ কাম আবণ্টন হৈছিল। কিন্তু উক্ত প্রকল্পসমূহৰ কোনোধৰণৰ আন্তঃগাঁথনিৰ কাম সম্পূর্ণ অথবা আৰম্ভ নকৰাকৈয়ে পুঁজি মোকলাই দিয়া হৈছিল। এই সন্দর্ভত চি এম ভিজিলেঞ্চে এচিএছ বিষয়া সুকন্যা বৰাসহ কেইবাজনো প্রশাসনিক বিষয়া তথা লোকক গ্ৰেপ্তাৰ কৰিছিল। কেইবাগৰাকীও বিষয়াক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে চলিত বর্ষত এখন অভিযোগনামাও দাখিল কৰিছিল। উক্ত তদন্তৰ অংশস্বৰূপে সাংসদ অজিত কুমাৰ ভূঞাকো জেৰা চলোৱা হয়। জেৰাৰ অন্তত সন্ধিয়া প্রায় ৫ বজাত ভিজিলেঞ্চৰ পৰা ওলাই আহি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত সাংসদ অজিত কুমাৰ ভূঞাই কয় যে বিভিন্ন আঁচনি সন্দর্ভত প্রায় ৩০টা প্রশ্ন তেওঁলোকে মোক কৰিছে। অতিশয় ভদ্রভাৱে চিএম ভিজিলেঞ্চৰ অধীক্ষক ড° ৰ’জী কলিতাই প্রশ্নবোৰ উত্থাপন কৰিছে। সাংসদ পুঁজিৰ কেলেংকাৰি সন্দৰ্ভত তেওঁ কয় যে আঁচনিবোৰত সাধাৰণতে আমি অনুমোদনহে দিওঁ। বেলেগ কাম আমাৰ নাথাকে। প্রায়ভাগ কাম জিলা আযুক্তৰ তত্ত্বাৱধানত হয়। সকলো কথা আমি যে জানো সেয়া নহয়। বিষয়াবোৰেহে আঁচনিবোৰ তদাৰক কৰে। অৱশ্যে চিএম ভিজিলেঞ্চৰ তদন্তত সম্পূর্ণ সহযোগিতা আগবঢ়োৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যদিহে কিবা গণ্ডগোল হৈছে তেন্তে দোষীক উপযুক্ত শাস্তি দিব লাগে। উল্লেখ্য যে আজিৰ তদন্তৰ পাছত অতি শীঘ্রেই পূর্ণাংগ অভিযোগনামা দাখিল কৰা হ’ব বুলি চিএম ভিজিলেঞ্চৰ অধীক্ষক ড° ৰ’জী কলিতাই জানিবলৈ দিছে।