সাংসদ পদ ত্যাগ প্রদ্যুৎ বৰদলৈৰ

Pc The Hans India

সাংসদ পদ ত্যাগ প্রদ্যুৎ বৰদলৈৰ

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰাৰ পাছতে লোকসভাৰ সাংসদ পদৰ পৰা পদত্যাগ কৰে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই পদত্যাগ পত্ৰত অনুমোদন জনায়। যোৱা ২০ মাৰ্চৰ পৰা কাৰ্যকৰী হোৱাকৈ অধ্যক্ষ ওম বিৰলাই সাংসদগৰাকীৰ পদত্যাগত অনুমোদন জনায়। উল্লেখ্য যে যোৱা ১৭ মার্চত প্রদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল আৰু তাৰ পিছদিনাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিছিল। ইয়াৰ পাছতে অসম বিধানসভাৰ দিছপুৰ সমষ্টিৰ আসনখনৰ বাবে শাসনাধিষ্ঠিত দলটোৱে প্রদ্যুৎ বৰদলৈক প্রার্থী হিচাপে ঘোষণা কৰে আৰু কালি তেওঁ নিজৰ মনোনয়ন-পত্র দাখিল কৰে। অহা ২৬ তাৰিখে মনোনয়ন-পত্র প্রত্যাহাৰৰ অন্তিম দিনা তেওঁ মনোনয়ন প্রত্যাহাৰ যদি নকৰে, তেন্তে ৰাজ্যৰ ৰাজধানী তথা মূল প্রশাসনিক কাৰ্যালয় থকা দিছপুৰৰ পৰা অসম বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ পৰা অৱতীৰ্ণ হ’ব।