সাংবাদিক সকলক সুৰক্ষা দিবৰ বাবে নিৰ্বাচন আয়োগলৈ এডিটৰছ গিল্ড অফ ইণ্ডিয়াৰ আহ্বান
ৰঙিলী বাৰ্ত্তাসেৱা- এডিটৰছ গিল্ড অফ ইণ্ডিয়াই ভাৰতৰ নিৰ্বাচন আয়োগক আহ্বান জনাই কয় যে চলিত নিৰ্বাচনৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তলৈ গৈ বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবৰ বাবে চৰকাৰৰ আইন প্ৰয়োগকাৰী সংস্থাসমূহক নিৰ্দেশ দিব লাগে।মূখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰক এখন পত্ৰ প্ৰেৰণ কৰি এডিটৰছ গিল্ড অৱ ইণ্ডিয়াৰ সভাপতি অনন্ত নাথ, সাধাৰণ সম্পাদক ৰুবেল বেনাৰ্জী আৰু কোষাধ্যক্ষ কে ভি প্ৰসাদে কয় যে নিৰ্বাচনী প্ৰচাৰৰ সময়ত ৰাজনৈতিক দলৰ দ্বাৰা সাংবাদিকক হাৰাশাস্তি কৰাৰ লগতে কেতিয়াবা শাৰীৰিক নিৰ্যাতনৰো খবৰ পোৱা যায়৷এই পত্ৰত এডিটৰছ গিল্ড অফ ইণ্ডিয়াই কয় যে নিৰ্বাচনী কৰ্তব্যত থকা সকলো বিষয়া-কৰ্মচাৰী, নিৰ্বাচন আয়োগ বা আন কোনো বিভাগক এনে কোনো ঘটনাৰ বিৰুদ্ধে সজাগ হৈ এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে- যাতে সাংবাদিকসকলে এই অতি গুৰুত্বপূৰ্ণ বিষয়টোৰ বিষয়ে কোনো বাধা নোহোৱাকৈ বাতৰি কাকতৰ বাবে সংবাদ আদি যূগোতাব পাৰে। দিল্লীৰ প্ৰেছ ক্লাব অফ ইণ্ডিয়াকে ধৰি আন তিনিটা সাংবাদিক সংগঠনেও মুখ্য নিৰ্বাচন আয়ুক্তলৈ আন এখন পত্ৰ প্ৰেৰণ কৰি সাংবাদিকসকলৰ সুৰক্ষা আৰু নিৰাপত্তা দিবৰ বাবে অনুৰোধ জনাইছে।এই পত্ৰত সংগঠনসমূহে উল্লেখ কৰিছে যে ৰায়বেৰেলীত গৃহমন্ত্ৰী অমিত শ্বাহৰ এখন নিৰ্বাচনী সমাৱেশত ৰাঘৱ ত্ৰিবেদী নামৰ এজন সাংবাদিকক ঠেলি ঠেলি দিয়া হৈছিল।ইয়াৰ উপৰিও পশ্চিম বংগৰ বহৰমপুৰত তৃণমূল কংগ্ৰেছৰ এখন নিৰ্বাচনী সমাৱেশত এএনআইৰ তনয়া চুগ নামৰ এগৰাকী মহিলা সাংবাদিকৰ ওপৰতো শাৰীৰিক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে।পত্ৰখনত স্বাক্ষৰকাৰী সকল হৈছে প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ সভাপতি গৌতম লাহিৰী, ইণ্ডিয়ান উইমেন প্ৰেছ কৰ্টেক্সৰ সভাপতি পাৰুল শৰ্মা, প্ৰেছ এছ’চিয়েশ্যনৰ সভাপতি চি কে নায়ক আৰু অল ইণ্ডিয়া ৱৰ্কিং নিউজ কেমেৰামেন এছ’চিয়েশ্যনৰ সভাপতি এছ এন সিনহা।এডিটৰছ গিল্ড অফ ইণ্ডিয়াৰ সদস্য হাৰাণ দেই এক প্ৰেছ বিজ্ঞপ্তিযোগে এই বাতৰি টো জনাইছে।