সাংবাদিক বুূদ্ধিজীৱি অনিল বৰুৱাৰ মৃত্যুত ‘জা আৰু এন ইউজেআই’ ৰ শোক

সাংবাদিক বুূদ্ধিজীৱি অনিল বৰুৱাৰ মৃত্যুত ‘জা আৰু এন ইউজেআই’ ৰ শোক

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  বিশিষ্ট সাংবাদিক বুূদ্ধিজীৱি অনিল বৰুৱাৰ মৃত্যুত জাণে’লিষ্ট এছ’চিয়েছন অব  আসাম চমুকৈ জা আৰু নেশ্যনেল ইউনিয়ন অৱ জাৰ্ণেলিষ্ট ইণ্ডিয়া, চমুকৈ এনইউজেআই য়ে গভীৰ শোক প্ৰকাশ কৰিছে  ৷এক শোক বাৰ্তাত  জা-ৰ মুখ্য উপদেষ্টা তথা এনইউজেআইৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ভূপেন গোস্বামী, ‘জা’ ৰ সভাপতি ধীৰেন্দ্ৰ নাথ চক্ৰবৰ্ত্তী আৰু সাধাৰণ সম্পাদক ডালিম ফুকনে কয়  যে বিশিষ্ট সাংবাদিক  তীক্ষ্ণধী লেখক অনিল বৰুৱাৰ মৃতুত অসমৰ সংবাদ জগতৰ অপূৰণীয় ক্ষতি হ’ল ৷বিশিষ্ট সাংবাদিক গৰাকী জা-ৰ অভিভাৱক স্বৰুপ আছিল আৰু প্ৰতিটো বিষয়ত তেখেতে  জা-ক পৰামশ’  আদি প্ৰদান কৰি আহিছিল  ৷ তেখেতৰ মৃত্যুত সাংবাদিক সমাজে এজন দায়িত্বশীল অভিভাৱকক হেৰুৱালে। উল্লেখযোগ্য যে ২০১৮ চনত বিশিষ্ট সাংবাদিক গৰাকীক জা-য়ে আনুস্থানিকভাবে সম্বদ্ধনা জনাইছিল ৷ সা’বাদিকতাৰ উপৰিও প্ৰয়াত বৰুৱাই কেবাখনো উপাদেয় গ্ৰন্থ লিখি অসমীয়া সাহিত্যৰ ভৰাললৈ অৰিহণা আগবঢ়াই গৈছে ৷ বৰুৱাৰ বিদেহী আত্মাৰ সদগতি কামনা কৰাৰ লগতে জা-য়ে শোক সন্তপ্ত পৰিয়ালবগ’লৈ সমবেদনা জনায় ৷