সাংবাদিক বুলন কুমাৰ শইকীয়াৰ অকাল মৃত্যুত সাংবাদিকৰে নহয়,সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি :ডিব্ৰুগড়তো শ্ৰদ্ধাঞ্জলি
এম্ হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- বিশিষ্ট সাংবাদিক তথা লেখক বুলন কুমাৰ শইকীয়াৰ মৃত্যুত মৰ্মাহত ডিব্ৰুগড়ৰ সাংবাদিক মহল। ডিব্ৰুগড় জিলা সাংবাদিক সন্থা আৰু বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ উদ্যোগত ডিব্ৰুগড় চহৰৰ থানা চাৰিআলিত প্ৰয়াত বলিষ্ঠ সাংবাদিক বুলন কুমাৰ শইকীয়া আৰু ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি লক্ষ্মী প্ৰসাদ কাকতিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হয়। বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক ৰাতুল গোহাঁইয়ে আঁত ধৰা অনুষ্ঠানত ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক তথা বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সভাপতি মনজিৎ বৰা আৰু বৃহত্তৰ প্ৰেছ ক্লাবৰ উপ-সভাপতি বিভাস দুৱৰাই প্ৰয়াত বুলন কুমাৰ শইকীয়া আৰু লক্ষ্মী প্ৰসাদ কাকতিৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ লগতে উপস্থিত সাংবাদিক আৰু বিভিন্ন অনুষ্ঠান আৰু সংগঠনৰ প্ৰতিনিধিয়ে মমবাতি প্ৰজ্বলন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক মনজিৎ বৰাই বুলন কুমাৰ শইকীয়া আৰু লক্ষ্মী প্ৰসাদ কাকতিৰ সৈতে সাংবাদিকতা জীৱনত লাভ কৰা সান্নিধ্যৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে। অতি নিৰ্মোহ বিশ্লেষণেৰে সংবাদ সেৱা আগবঢ়োৱাৰ উপৰি সামাজিক ক্ষেত্ৰখনতো তেওঁলোকৰ অনবদ্য অৱদানৰ কথা উল্লেখ কৰে। জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰাই বুলন কুমাৰ শইকীয়াৰ দৰে জাতীয়তাবাদী এক সত্তাৰ মৃত্যুত সমগ্ৰ জাতিৰ বাবে এক অপূৰণীয় ক্ষতি বুলি কয়। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক অনিল কুমাৰ পোদ্দাৰ উপস্থিত থাকি প্ৰয়াত সাংবাদিক বুলন কুমাৰ শইকীয়াৰ সৈতে অধুনালুপ্ত এন ই টিভিত একেলগে সাংবাদিকতা আৰু দীৰ্ঘদিনীয়া সান্নিধ্যৰ বিষয়ে উল্লেখ কৰি তেওঁৰ মৃত্যুৱে সমাজ জীৱনৰ বাবে এক ক্ষতি বুলি অভিহিত কৰে।এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক, নিৱন্ধকাৰ চন্দন ফুকন , জ্যোতিষ পাতিৰ, মুক্তামনি হাজৰিকা, যাদৱ গগৈ, জেছিম আহমেদ, শৈলেশ জৈন, মনোজ পাণ্ডে, হিৰণ্য বৰা, সমাজসেৱক প্ৰণৱ শইকীয়া, আদিৰ লগতে ভালেসংখ্যক সাংবাদিক আৰু অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকি দীৰ্ঘদিন সততা আৰু নিষ্ঠা সহকাৰে বলিষ্ঠ সাংবাদিতা কৰি যোৱা বুলন কুমাৰ শইকীয়াৰ জীৱন আদৰ্শ সন্দৰ্ভত স্মৰণ কৰে।উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি শাৰিৰীকভাৱে অসুস্থ হৈ থকা বিশিষ্ট সাংবাদিক বুলন কুমাৰ শইকীয়া নাহৰকটীয়াৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। ইফালে যোৱা শুক্ৰবাৰে ডিব্ৰুগড়ৰ এখন নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাত ইহসংসাৰ ত্যাগ কৰিছিল ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি লক্ষ্মী প্ৰসাদ কাকতিয়ে।