সাংবাদিক দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰ: অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ পুনৰুজ্জীৱন আৰু অপশাসনৰ বিৰুদ্ধে জনতাৰ প্ৰতিজ্ঞা – এহিয়া আহমেদ 

সাংবাদিক দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰ: অসমৰ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ পুনৰুজ্জীৱন আৰু অপশাসনৰ বিৰুদ্ধে জনতাৰ প্ৰতিজ্ঞা

এহিয়া আহমেদ

সাংবাদিক, সাহিত্যিক 

বৰথল কছাৰী গাঁও, মৰিগাঁও

সাংবাদিক দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰে অসমত পুনৰ এক বৃহৎ প্ৰতিক্ৰিয়া জন্মাইছে। এই ঘটনাই কেৱল সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত আঘাত কৰাই নহয়, অসমীয়া সমাজৰ সাতামপুৰুষীয়া ভাতৃত্ববোধৰ সুগভীৰ শিপাডাল প্ৰকট কৰি তুলিছে। বহুদিনৰ পৰা কৌশলেৰে শাসকীয় অপশক্তিয়ে অসমীয়া সম্প্ৰীতিৰ ওপৰত সাম্প্ৰদায়িক প্ৰলেপ সানি এক বিভাজনৰ স্থিতি সৃষ্টি কৰিবলৈ চেষ্টা কৰি আহিছে। কিন্তু দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদে স্পষ্ট হৈ পৰিছে যে, অসমত ভাতৃত্ববোধ এতিয়াও শক্তিশালী আৰু অপশাসনৰ বিৰুদ্ধে ৰাইজ জাগ্ৰত।

অসম চিৰদিনেই অসাম্প্ৰদায়িক মনোভাৱৰ ভূমিৰূপে পৰিচিত। যুগে যুগে বিভিন্ন অপশক্তিয়ে বিভাজনৰ ষড়যন্ত্র চলাই আহিছে, কিন্তু অসমীয়া সমাজে সদায় সেই ষড়যন্ত্রৰ বিৰুদ্ধে সংগঠিত প্ৰতিবাদ গঢ়ি তুলিছে। আজিও সেই একে ছবি পুনৰ দেখা গ’ল। দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰ হ’ব পাৰে কৌশলী শাসকৰ এটা ব্যক্তিগত অভিসন্ধি, কিন্তু এই ঘটনাই সমগ্ৰ অসমবাসীক এক দৃঢ় সংকল্পত একত্ৰিত কৰিছে। জনতাই এই অপশাসনৰ বিৰুদ্ধে গৰজি উঠিছে, কিয়নো সকলোৱে উপলব্ধি কৰিছে—সাংবাদিকতা যদি স্বাধীন নহয়, গণতন্ত্ৰও সংকটত পৰিব।

এতিয়া সময় আহি পৰিছে, সকলো সচেতন অসমীয়াই একত্ৰিত হৈ অপশাসনৰ বিৰুদ্ধে আৱাজ তোলাৰ। দিলোৱাৰ হুছেইনৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ কেৱল এটা আন্দোলনেই নহয়, ই এক বৃহৎ সমাজিক জাগৰণ। শাসকৰ অত্যাচাৰ, সংবাদ মাধ্যমৰ ওপৰত প্ৰচণ্ড দমননীতি আৰু সাম্প্ৰদায়িক বিভাজনৰ ষড়যন্ত্রৰ বিৰুদ্ধে অসমবাসীৰ প্ৰকৃত শক্তিৰ পুনৰুজ্জীৱন। এনেধৰণৰ প্ৰতিবাদৰ জুইয়ে এদিন অপশাসকৰ অন্ত লিখিব।