সাংবাদিক আক্ৰমণকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী দিছপুৰ প্ৰেছ ক্লাবৰ
ৰঙিলী বাৰ্ত্তাসেৱা- দীপাৱলীৰ বাতৰি সংগ্ৰহৰ বাবে যাওতে “প্ৰতিদিন টাইম”ৰ সাংবাদিক নাৰায়ন শইকীয়াক ফাঁচী বজাৰত আক্ৰমণ কৰা দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে দিছপুৰ প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক কুঞ্জ মোহন ৰায়ে। প্ৰেছ ক্লাবৰ এক বিবৃতিত কোৱা হয় যে – অসমত ক্ৰমবৰ্ধমান হাৰত কৰ্তব্যৰত সাংবাদিকৰ ওপৰত চলা আক্ৰমণৰ ঘটনা অতিকৈ উদ্বেগ জনক। সাংবাদিকৰ ওপৰত চলা এই ধৰণৰ আক্ৰমণ কোনো কাৰণতে সহ্য কৰা নহ’ব। সাংবাদিক নাৰায়ণ শইকীয়াক আক্ৰমণৰ ঘটনাত জড়িত ব্যক্তি সকলোক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ দিছপুৰ প্ৰেছ ক্লাবে আৰক্ষী প্ৰশাসনক দাবী জনায়।