সাংবাদিকৰ প্ৰতি কংগ্ৰেছ বিধায়ক এ কে ৰশিদ আলমৰ অশুভ আচৰণৰ তীব্ৰ গৰিহণা গুৱাহাটী প্ৰেছ ক্লাবৰ

সাংবাদিকৰ প্ৰতি কংগ্ৰেছ বিধায়ক এ কে ৰশিদ আলমৰ অশুভ আচৰণৰ তীব্ৰ গৰিহণা গুৱাহাটী প্ৰেছ ক্লাবৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   শুকুৰবাৰে সন্ধিয়া চেটেলাইট চেনেল ND 24 ৰ অনুষ্ঠান ‘আজিৰ পৰ্যবেক্ষণত’ ৰাজদ্বীপ বাইলুং বৰুৱাক উদ্দেশ‍্যি গোৱালপাৰাৰ বিধায়ক এ.কে.ৰশিদ আলমে যি অশালীল তথা অপমানসূচক মন্তব‍্য প্ৰকাশ কৰিলে। তাৰ বিৰুদ্ধে তীব্ৰ গৰিহণা দিছে গুৱাহাটী প্ৰেছ ক্লাবে।জেষ্ঠ‍্য সাংবাদিকজনে কৰা তথ‍্যভিত্তিক প্ৰশ্নৰ উত্তৰত বিধায়ক এ.কে ৰশিদ আলমে চেনেলটোৰ মুখ‍্য সম্পাদক ৰাজদ্বীপ বাইলুং বৰুৱাক ব‍্যক্তিগত ভাৱে আক্ৰমনৰ লক্ষ‍্য কৰি লয়। তেওঁৰ ওপৰত চিঞৰ-বাখৰেই নহয়, অশালীল গালি গালাজো পাৰিবলৈ লয়।এয়া মাথো এক উদাহৰণহে, ৰাজনৈতিক ব‍্যক্তিসকলে অসুবিধাজনক প্ৰশ্নৰ সন্মুখীন হ’লেই সাংবাদিকসকলক প্ৰায়ে লক্ষ‍্য কৰি লয়।ৰাজনীতিৰ লগত জড়িত সকলো ব‍্যক্তিলৈ গুৱাহাটী প্ৰেছ ক্লাবৰ সকিয়নী-ৰাজহুৱা মঞ্চত ৰাজনৈতিক নেতা সকলে শিষ্টাচাৰৰ পৰিচয় দিয়ক আৰু প্ৰশ্নসমূহ তথ্যভিত্তিক উত্তৰে সমাধান কৰক, আক্ৰোশমূলক ভাৱে নহয়৷