সাংবাদিকক বিধায়ক এ কে ৰশিদ আলমৰ অভব্য আচৰণৰ তীব্ৰ নিন্দা মিডিয়া এচ’ছিয়েছন, অসমৰ
ৰঙিলী বাৰ্ত্তাসেৱা- শুকুৰবাৰে সন্ধিয়া চেটেলাইট নিউজ চেনেল “ND -24″ ৰ এক অনুষ্ঠানত মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱাক উদ্দেশ্যি গোৱালপাৰাৰ কংগ্ৰেছ বিধায়ক এ.কে.ৰশিদ আলমে যি অশালীল- অপমানসূচক মন্তব্য প্ৰকাশ কৰিলে তাৰ বিৰুদ্ধে তীব্ৰ গৰিহণা দিছে ” মিডিয়া এছ’চিয়েছন, অসমে। সাংবাদিকজনে কৰা তথ্যভিত্তিক প্ৰশ্নৰ উত্তৰত বিধায়ক এ.কে ৰশিদ আলমে জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ বাইলুং বৰুৱাক ব্যক্তিগতভাৱে আক্ৰমনৰ লক্ষ্য কৰি লয়। তেওঁৰ ওপৰত চিঞৰ-বাখৰেই নহয়, অশালীল গালি গালাজো পাৰিবলৈ লয়। এয়া মাথো এক উদাহৰণহে, ৰাজনৈতিক ব্যক্তিসকলে (ইয়াত শাসকীয় পক্ষ আৰু বিৰোধী পক্ষ উভয়ে) অসুবিধাজনক প্ৰশ্নৰ সন্মুখীন হ’লেই সাংবাদিকসকলক প্ৰায়ে লক্ষ্য কৰি লোৱা দেখা যায়। ৰাজনীতিৰ লগত জড়িত সকলো ব্যক্তিলৈ ( মন্ত্ৰী- সাংসদ- বিধায়ক- নেতা) মিডিয়া এছ’চিয়েছন, অসমৰ সকীয়নি এয়ে যে, ৰাজহুৱা মঞ্চত ৰাজনৈতিক নেতা সকলে শিষ্টাচাৰৰ পৰিচয় দিয়ক আৰু প্ৰশ্নসমূহৰ তথ্যভিত্তিক উত্তৰেৰে সমাধান কৰাৰ চেষ্টা কৰক৷ কোনো সাংবাদিকৰ প্ৰতি কোনেও অসন্মান আৰু অভব্য আচৰণ নকৰিব৷