সাংবাদিকক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক ধিক্কাৰ আম আদমি পাৰ্টীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ এলেকাত কিশোৰীক বলাৎকাৰ কৰা সমুন্দ্ৰ ৰায় লিম্বুক গ্ৰেপ্তাৰৰ দাবীত আম আদমি পাৰ্টীয়ে দীঘলী পুখুৰীৰ পাৰত সাব্যস্ত কৰা প্ৰতিবাদৰ সময়ত কৰ্তব্যৰত সাংবাদিকক আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰা কাৰ্যক দলটোৱে তীব্ৰ নিন্দা কৰে। ফেচীবাদী বিজেপি চৰকাৰখনে অসমত আৰম্ভ কৰা পুলিচৰাজৰ এয়া এক প্ৰতিফলন বুলি অভিহিত কৰে আম আদমি পাৰ্টীয়ে। দোষী আৰক্ষীক বিধিমতে শাস্তি বিহিবলৈ দলটোৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী কৰে।